ৰাজ্যখনৰ অন্যান্য প্ৰান্তৰ লগতে বশিষ্ঠ গংগাখ্যাত দিখৌ নদীৰ ঘাটত মা দেৱী দূৰ্গাৰ বিসৰ্জন পৰ্ব আৰম্ভ। শিৱসাগৰ নগৰৰ মুঠ ২৪খন মণ্ডপৰ প্ৰতিমা বিসৰ্জন দিয়া হৈছে দিখৌ নদীৰ থানা ঘাটত।
ঐতিহাসিক দেৱী দ’লৰ দেৱীৰ প্ৰতিমা বিসৰ্জন পৰ্ব সম্পন্ন হয় । দেৱী দ’লৰ প্ৰতিমা বিসৰ্জনৰ পাছতহে অন্য সমূহ মণ্ডপৰ দেৱী প্ৰতিমা বিসৰ্জন দিয়াৰ পৰম্পৰা শিৱসাগৰত অতীজৰে পৰাই চলি আহিছে।
আনহাতে এইদৰে এটা বছৰলৈ অশ্ৰুসিক্ত নয়নেৰে দেৱীক বিদায় দিলে অগণন ভক্তই।

