বল মুখ্য কাৰ্যালয়ৰ নিৰ্দেশনা অনুসৰি আৰু প্ৰথম বাহিনী সশস্ত্ৰ সীমা বল, সোণাপুৰৰ কমাণ্ডেণ্ট শ্ৰী সুনীল কৌশিকৰ মাৰ্গদৰ্শনত আজি বাহিনী মুখ্য কাৰ্যালয় আৰু সকলো সমৱায়ত শ্ৰদ্ধা আৰু সন্মানেৰে আৰক্ষী স্মৃতি দিৱস পালন কৰা হয়।
এই উপলক্ষে প্ৰথম বাহিনী সশস্ত্ৰ সীমা বল, সোণাপুৰৰ কমাণ্ডেণ্ট শ্ৰী সুনীল কৌশিকে শ্বহীদ স্মাৰকত পুষ্পস্তৱক অৰ্পণ কৰি দেশৰ সুৰক্ষা আৰু আভ্যন্তৰীণ নিৰাপত্তা ৰক্ষাৰ বাবে নিজৰ প্ৰাণৰ সৰ্বোচ্চ বলিদান আগবঢ়োৱা বীৰ জোৱানসকলৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেওঁলোকৰ অদম্য সাহস, বীৰত্ব আৰু দেশৰ প্ৰতি থকা অকুণ্ঠ সমৰ্পণক শ্ৰদ্ধাৰে স্মৰণ কৰা হয়।
২০২৬ বৰ্ষত দেশৰ সুৰক্ষা আৰু নিৰাপত্তাৰ দায়িত্ব পালন কৰি মুঠ ১৫৪ গৰাকী আৰক্ষী আৰু নিৰাপত্তাৰক্ষীয়ে নিজৰ প্ৰাণ আহুতি দিয়ে। এই উপলক্ষে উপস্থিত বিষয়া আৰু জোৱানসকলে বীৰ শ্বহীদসকলৰ সৰ্বোচ্চ ত্যাগক স্মৰণ কৰি তেওঁলোকৰ প্ৰতি গভীৰ সন্মান জ্ঞাপন কৰে আৰু দেশৰ নিৰাপত্তা, শান্তি তথা অখণ্ডতা অটুট ৰখাৰ সংকল্প পুনৰ দৃঢ় কৰে।
অনুষ্ঠানৰ সময়ছোৱাত শ্ৰী বিকাশ সিং, উপ-কমাণ্ডেণ্ট (প্ৰচাৰ বিষয়া) আৰু শ্ৰী জয়ন্ত বৰা, সহকাৰী কমাণ্ডেণ্ট তথা এডজুটেণ্টে উপস্থিত বিষয়া আৰু কৰ্মচাৰীসকলৰ পোছাকত আৰক্ষী পতাকা দিৱসৰ ষ্টিকাৰ লগাই দিয়ে।
বাহিনী মুখ্য কাৰ্যালয়কে ধৰি সকলো সমৱায়তে আৰক্ষী স্মৃতি দিৱস পালন কৰি কৰ্তব্য পালন কৰি থকা অৱস্থাত দেশৰ বাবে প্ৰাণ আহুতি দিয়া বীৰ শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধা আৰু কৃতজ্ঞতা প্ৰকাশ কৰা হয়।
এই অনুষ্ঠানৰ মূল উদ্দেশ্য আছিল দেশৰ সুৰক্ষাৰ বাবে নিজৰ প্ৰাণ উচৰ্গা কৰা বীৰ জোৱানসকলৰ সৰ্বোচ্চ বলিদানক স্মৰণ কৰা আৰু তেওঁলোকৰ ত্যাগ, কৰ্তব্যনিষ্ঠা তথা দেশপ্ৰেমৰ আদৰ্শৰ পৰা প্ৰেৰণা গ্ৰহণ কৰা।

