দক্ষিণ কামৰূপ সচেতন মঞ্চই ৭২ সংখ্যক বন মহোৎসৱৰ স’তে সংগতি ৰাখি পলাশবাৰী আৰু পশ্চিম গুৱাহাটী সমষ্টিৰ অন্তৰ্গত ৯খন ঈদগাহস্থলী আৰু কৱৰ স্থানত বৃক্ষৰোপন কৰে। সচেতন মঞ্চৰ উপদেষ্টা, সাংবাদিক তথা লেখক দীপক শৰ্মা আৰু মঞ্চৰ অধ্যক্ষ তথা প্ৰাক্তন ছাত্র নেতা মদন দাসৰ দৰে দুই হিন্দু যুৱকে লোৱা এই প্ৰচেষ্টাক ইছলাম ধৰ্মাৱলম্বী একাংশ বিশিষ্ট লোকে ভূয়সী প্ৰশংসা কৰে। পশ্চিম গুৱাহাটী সমষ্টিৰ পাচনীয়াপাৰা ঈদগাহ, পাচনীয়াপাৰা ৰাজহুৱা কৱৰ স্থান, পলাশবাৰী সমষ্টিৰ মিৰ্জাৰ কোছপাৰা নিউক’লনি জামা মছজিদ, কোছপাৰা নিউক’লনি কৱৰ স্থান, সৰপাৰা কৱৰ স্থান, হালীগাঁৱ- সৰপাৰা ঈদগাহ, হালীগাঁৱ কৱৰ স্থান, নৈপৰীয়া চিমিনা ৰাজহুৱা মছজিদ, চিমিনা ৰাজহুৱা কৱৰ স্থানত শতাধিক গছপুলি ৰোপন কৰে। এই অনুষ্ঠানত পাচনীয়াপাৰা মফিজুদ্দিন আহমেদ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক আয়ুৱউদ্দিন আহমেদ, পাচনীয়াপাৰা ঈদগাহ সমিতিৰ সম্পাদক তথা খ্যাতিমান প্ৰাক্তন ফুটবল তথা কাবাডী খেলুৱৈ আক্ৰাম হুছেইন, বঙৰা অঞ্চলৰ সমাজকৰ্মী জাফৰ আলী, মকবুল আলী, মিৰ্জাৰ ইমাম মতিউৰ ৰহমান, মিৰ্জাৰ সমাজসেৱী নাছিৰ আহমেদ, বিজু ৰহমান, মোস্তফা ৰহমান, সৰপাৰা কৱৰ স্থানৰ সম্পাদক মন্টু আলী, সহ: সম্পাদক মমতাজ আলী, বিটিএডিৰ গোৰেশ্বৰ অঞ্চলৰ সমাজকৰ্মী ৰাজীৱ আলী, ইনটাজুল আলী, চফিকুৰ ৰহমান, নুৰুদ্দিন আলী, চিমিনাৰ ইমাম আব্দুল ৰহমান, সমাজকৰ্মী নুৰ ইছলাম আলী, ইউনুছ আলী, যুৱ ব্যৱসায়ী লফিকুল আলী, তাজনুৰ আলাম প্ৰভৃতি লোকসকলে অংশগ্রহণ কৰে। শিক্ষাবিদ-সমাজকৰ্মী আয়ুৱউদ্দিন আহমেদে কয়- সচেতন মঞ্চ সচাঁকৈয়ে প্ৰশংসাৰ পাত্ৰ। মহামাৰী কৰ’ণাৰ বিভীষিকাময় পৰিস্থিতিৰ মাজতো নিজৰ জীৱনৰ প্ৰতি ভয়- শংকা নকৰি সাংবাদিক দীপক শৰ্মা আৰু প্ৰাক্তন ছাত্র নেতা মদন দাসে ঈদগাহ, কৱৰ স্থানত গছ ৰোপন কৰে। খ্যাতিমান প্ৰাক্তন খেলুৱৈ আক্ৰাম হুছেইনে কয়- সমন্বয়-সংহতিৰ সেতু গঢ়িলে সচেতন মঞ্চই। তেওঁলোকৰ চিন্তাই সমাজত এক ইতিবাচক বাৰ্তা বহন কৰিব। ইমাম মতিউৰ ৰহমানে কয়- আজিৰ এই জটিল সন্ধিক্ষণত এক মহামিলনৰ বাট সূচল কৰিলে দীপক-মদনে। মানুহৰ মাজত থকা ভেদা ভেদৰ প্ৰাচিৰখন ভাঙিবলৈ কৰা প্ৰয়াসক ইমাম গৰাকীয়ে আদৰণি জনায়।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- কেৱল ৰূপতেই একে নহয়;অধ্যয়নৰ দিশতো সম পৰ্যায়ৰ পাৰদৰ্শিতা দুয়ো যমজ ভগ্নীৰ
- পংখী সন্দিকৈ হত্যাকাণ্ডই ন্যায় লাভ কৰিবনে ?
- বজালী, বাক্সা আৰু তামুলপুৰত জলসম্পদ বিভাগৰ নিৰ্মীয়মান মথাউৰি আৰু সুৰক্ষাৰ কাম পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰীকাৰ
- মুকালমুৱাৰ ৩নং কান্ধবাৰীত দুই ভাতৃৰ মাজৰ ভূমি বিবাদৰ চৰম পৰিণতি…
- ৰাষ্ট্ৰীয় পৰ্যায়ৰ সুদক্ষ ভলীবল খেলুৱৈ ! অসমৰ সম্পদ পল্লৱ প্ৰাণ শাণ্ডিল্যই নাপালে কৰ্ম সংস্থাপন…
- সেই বাঁহীৰ সুৰ ক’তনো হেৰাই থাকিল…
- ড° বুলজিৎ বুঢ়াগোহাঁইৰ ‘কেৰিয়াৰ হাতপুথি’ত কি কি তথ্য আছে জানক…
- অধ্যাপক, বিশিষ্ট বিজ্ঞানী, অসম পেট্ৰকেমিকেলচৰ অৱসৰপ্ৰাপ্ত কাৰ্য্যবাহী সঞ্চালক ড° মহেন্দ্ৰ বৰগোহাঞিৰ দেহাৱসান…
- বঙাইগাঁৱত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত ভোটাধিকাৰ সাব্যস্ত কৰি বৰপেটা লোকসভা সমষ্টিৰ এনডিএৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ মন্তব্য…
- ভগৱান কৃষ্ণৰ জন্ম আৰু কংসৰ অত্যাচাৰ…