বিটিএডি ওদালগুৰি জিলাৰ মাজবাট ৰাজহ চক্ৰৰ ওৰাং মৌজাৰ কৃষক সকলে এইবাৰ এক কিলো উন্নত জাতৰ বিনামূলীয়া ধানৰ বীজ পাবলৈ সক্ষম নহল । বিগত সময়ত ওদালগুৰি জিলা কৃষি বিভাগে মৌজাটোৰ কৃষক সকলক সকাহ দি জেঠৰ প্ৰথম বা দ্বিতীয় সপ্তাহতে উন্নত জাতৰ আইজং, ৰনজিত, স্বৰ্ণ মনচুৰি ইত্যাদি উন্নত জাতৰ শালি ধানৰ বীজ বিতৰণ কৰিছিল যদিও এইবেলি ওৰাং মৌজাৰ কৃষক সকলে বিনামূলীয়া বীজৰ পৰা বঞ্চিত হব লগা হল । এই খিনিতে উল্লেখনীয় আৰু পৰিতাপৰ কথা যে অইন বছৰৰ তুলনাত এইবাৰ মহামাৰী ক’ৰণাৰ গইনা লৈ একাংশ অসাধু ব্যৱসায়ীয়ে উন্নত জাতৰ ধানৰ বীজৰ মুল্য দুগুন বৃদ্ধি কৰাত কৃষক সকলে উপায়ন্তৰ হৈ ভঁড়ালত খাবলৈ সাচি থোৱা ধানকে কঠিয়া পাৰিছিল যদিও এই পৰ্যন্ত মাজবাট ৰাজহ চক্ৰৰ ওৰাং মৌজাত পৰ্যাপ্ত পৰিমাণে বৰষুণ নোহোৱাৰ বাবে কৃষক সকলে এদৰা শালিধান ৰুব পৰা নাই । যাৰ ফলত মেচিনেৰে পানী সিঁচি পেলোৱা কঠিয়া পৈনত হোৱাৰ পাছত এমাহ বা দেৰমাহৰ ভিতৰত ৰুব নোৱাৰিলে সেই কঠিয়া ধানৰ উৎপাদন হ্ৰাস পাব বুলি জানিবলৈ দিছে ওৰাং মৌজাৰ কৃষক সকলে । এতিয়া মাজবাট , ওৰাং, ৰৌতাৰ শ ,শ কৃষকে বৰষুণৰ পানীৰ লগতে কঠিয়াৰ বাবে চিন্তাত মুৰে কপালে হাত দিছে ।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- ডিমৌ আঞ্চলিক এমএমকেৰ যৌথ চতুৰ্থ ত্ৰি-বাৰ্ষিক অধিৱেশন সম্পন্ন…
- চিলাপথাৰত চাৰিটা দিনে সন্ধানহীন নৱমশ্ৰেণীৰ ছাত্ৰ নিৰজ গোস্বামী ! অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য…
- মুখ্যমন্ত্ৰীৰ মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ লুৰিণজ্যোতি গগৈৰ…
- দেৰগাঁৱৰ অগ্ৰণী ইংৰাজী মাধ্যমৰ শিক্ষা প্ৰতিষ্ঠান শিশু ভাৰতী হায়াৰ চেকেণ্ডাৰী স্কুলৰ ৪৭তম প্ৰতিষ্ঠা দিৱস সম্পন্ন…
- মহানগৰীৰ খানাপাৰাত নিশা ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত অট’ চালক…
- যোৰহাটৰ মূৰমূৰীয়া চাহ বাগিচাত পত্নী-পুত্ৰই জীৱন্তে জ্বলাই দিলে পালোৱান নামৰ এজন লোকক…
- পদুমনিত কাৰ হেমাহিত বিশুদ্ধ খোৱা পানীৰ সেৱনত বঞ্চিত তিনি শতাধিক পৰিয়াল…
- হাৰিয়ানাৰ কুণ্ডলী-মানেছাৰ-পালৱাল এক্সপ্ৰেছৱে’ত চলন্ত বাছত জুই লাগি ১০জন যাত্ৰীৰ মৃত্যু…
- বঙাইগাঁৱত অটোৰ ওপৰতে বাগৰি পৰিল গছঃ এজনৰ মৃত্যু , আহত আন এজন
- ক্ৰীড়াৰ জড়িয়তে মানব সম্পদ গঢ়াৰ প্ৰচেষ্টা ডঃ অৰ্চনা ভট্টাচাৰ্যৰ