অসমৰ ক্ৰিকেট জগতৰ বাবে আন এক গৌৰৱময় ক্ষণঃ ভাৰতীয় মহিলা ক্ৰিকেট দলত স্থান লাভ জিন্টিমণি কলিতাৰ

অসমৰ ক্ৰিকেট জগতৰ বাবে আন এক গৌৰৱময় ক্ষণ! ভাৰতীয় মহিলা ক্ৰিকেট দলত স্থান লাভ জিন্টিমণি কলিতাৰ। ভাৰতীয় এদিনীয়া ক্ৰিকেট দলত স্থান লাভ জিন্টীমণিৰ। ৰেণুকা সিং ঠাকুৰৰ স্থানত অন্তৰ্ভুক্ত অসম কন্যা জিণ্টীমণি কলিতা।

সামাজিক মাধ্যমৰ যোগেদি জিন্টিমণি কলিতাক শুভেচ্ছা জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়ে জনাই যে-জিম্বাব’ৱেৰ বিৰুদ্ধে প্ৰথমখন মহিলা এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ভাৰতীয় দলৰ হৈ অভিষেক ঘটাই অসম জীয়ৰী প্ৰতিভাৱান বেগী বলাৰ জিণ্টিমণি কলিতাই ৰাজ্যলৈ কঢ়িয়াই আনিছে নতুন গৌৰৱ। অসমৰ গৌৰৱ উমা ছেত্ৰীৰ পাছত জিণ্টিমণিৰ এই আন্তঃৰাষ্ট্ৰীয় অভিষেক অসমৰ ক্ৰীড়াক্ষেত্ৰৰ বাবে আন এক উল্লেখযোগ্য মাইলৰ খুঁটি৷ ঘৰুৱা ক্ৰিকেটৰ পৰা মহিলা প্ৰিমিয়াৰ লীগ (WPL) আৰু ভাৰত ‘এ’ দলৰ হৈ নিজৰ দক্ষতা প্ৰমাণ কৰি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উপনীত হোৱা জিণ্টিমণিৰ এই সাফল্যই অসমৰ ক্ৰীড়া জগতকো যথেষ্ট অনুপ্ৰাণিত কৰিব।তেওঁলৈ আন্তৰিক অভিনন্দন আৰু উজ্জ্বল ভৱিষ্যতৰ শুভকামনা। ভাৰতীয় দলৰ হৈ তেওঁ আৰু বহু সফলতা অৰ্জন কৰি অসমৰ নাম উজলাই তোলক।।

Related Articles