কাকপথাৰত‌ অসম ভিত্তিত ভাওনা প্ৰতিযোগিতাৰ লাইখুঁটা স্থাপন

কাকপথাৰত‌ অসম ভিত্তিত ভাওনা প্ৰতিযোগিতাৰ লাইখুঁটা স্থাপন।

সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ উদ্যোগত, কাকপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ আতিথ্যত আৰু কাকপথাৰ ৰাইজৰ সহযোগত দ্বিতীয় বাৰ্ষিক অসম ভিত্তিত ভাওনা প্ৰতিযোগিতাৰ আজি লাইখুঁটা স্থাপন কৰা হয়।

অহা ১১ নৱেম্বৰ পৰা ১৬ নৱেম্বৰ লৈকে অনুস্থিত কৰা হব অসম ভিত্তিক ভাওনা প্ৰতিযোগিতাখনি।

উক্ত অনুষ্ঠানত লাইখুঁটা স্থাপন কৰে দিচাম দেৱ সত্ৰৰ দেৱ ভকত শ্ৰী শ্ৰী বাবুল দহোতীয়া দেৱে আৰু লগতে উপস্থিত থাকে জিলা খনৰ বিভিন্ন গণ্যমান্য ব্যক্তিসকল, ভকত বৈষ্ণৱ আৰু আই মাতৃসকল।

ভাওনা প্ৰতিযোগিতাৰ লগত সংগতি ৰাখি দিনৰ ভাগত বৰগীত, সত্ৰীয়া নৃত্য, খোল বাদন প্ৰতিযোগিতাও অনুষ্ঠিত কৰা হ’ব।

ভাওনা প্ৰতিযোগিতাৰ কেইদিন সকলো ৰাইজৰ সহায় সহযোগিতা আৰু উপস্থিতি উদযাপন সমিতিয়ে একান্তই কামনা কৰিছে।

Related Articles