প্ৰথম বাহিনী সশস্ত্ৰ সীমা বল, সোণাপুৰ আৰু সকলো কোম্পানীত “ছানডে অন চাইকেল” ৰেলীৰ আয়োজন

বল মুখ্য কাৰ্যালয়ৰ নিৰ্দেশ অনুসৰি আজি ফিট ইণ্ডিয়া মুভমেণ্টৰ অধীনত শ্ৰী সুনীল কৌশিক, কমাণ্ডেণ্ট, প্ৰথম বাহিনী সশস্ত্ৰ সীমা বল, সোণাপুৰৰ মাৰ্গদৰ্শনত বাহিনী মুখ্য কাৰ্যালয় আৰু বাহিনীৰ সকলো কোম্পানীত “ছানডে অন চাইকেল” ৰেলীৰ আয়োজন কৰা হয়।

বাহিনী মুখ্য কাৰ্যালয়, সোণাপুৰত শ্ৰী সুনীল কৌশিক, কমাণ্ডেণ্টে সেউজীয়া পতাকা দেখুৱাই চাইকেল ৰেলীৰ শুভাৰম্ভ কৰে। ৰেলীখন বাহিনী মুখ্য কাৰ্যালয়ৰ পৰা আৰম্ভ হৈ সোণাপুৰৰ নিউ মাৰ্কেটলৈ যায় আৰু তাৰ পৰা পুনৰ বাহিনী মুখ্য কাৰ্যালয়লৈ উভতি আহি সামৰণি পৰে। একে সময়তে বাহিনীৰ সকলো কোম্পানীতো চাইকেল ৰেলীৰ আয়োজন কৰা হয়, য’ত সংশ্লিষ্ট কোম্পানীসমূহৰ বিষয়া আৰু জোৱানসকলে উৎসাহেৰে অংশগ্ৰহণ কৰে।

এই কাৰ্যসূচীৰ মূল উদ্দেশ্য আছিল বাহিনীৰ কৰ্মীসকলক নিয়মিত শাৰীৰিক ব্যায়াম আৰু চাইকেল চলোৱাৰ প্ৰতি উৎসাহিত কৰা, সুস্থ জীৱনশৈলী গ্ৰহণ কৰিবলৈ অনুপ্ৰাণিত কৰা আৰু সাধাৰণ ৰাইজৰ মাজত ফিটনেছৰ বিষয়ে সজাগতা বৃদ্ধি কৰা।

ইয়াৰ উপৰি “স্বচ্ছতা হি সেৱা” অভিযানৰ অধীনত বাহিনী মুখ্য কাৰ্যালয় আৰু সকলো কোম্পানীত পৰিষ্কাৰ-পৰিচ্ছন্নতা কাৰ্যসূচী ৰূপায়ণ কৰা হয়। এই সময়ছোৱাত ৰেলীৰ পথ আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলসমূহত সিঁচৰতি হৈ থকা আৱৰ্জনা সংগ্ৰহ কৰি নিৰ্ধাৰিত স্থানত পেলোৱা হয়। লগতে, পৰিৱেশ সংৰক্ষণ, পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰখা আৰু নিজৰ চৌপাশ পৰিষ্কাৰ কৰি ৰখাৰ বিষয়ে সজাগতা সৃষ্টি কৰা হয়।

শ্ৰী সুনীল কৌশিক, কমাণ্ডেণ্টে সকলো কৰ্মীৰ সক্ৰিয় অংশগ্ৰহণৰ শলাগ লৈ নিয়মিত শাৰীৰিক ব্যায়ামক দৈনন্দিন জীৱনৰ অংশ হিচাপে গ্ৰহণ কৰিবলৈ আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰাখিবলৈ সকলোকে উৎসাহিত কৰে।

এই কাৰ্যসূচীৰ জৰিয়তে এছ এছ বি কৰ্মী আৰু সাধাৰণ ৰাইজৰ মাজত শাৰীৰিক সুস্থতা, অনুশাসন, পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু পৰিৱেশ সংৰক্ষণৰ গুৰুত্বপূৰ্ণ বাৰ্তা প্ৰচাৰ কৰা হয়।

Related Articles