নাজিৰাত স্বৰ্ণ কন্যা লাভলীনা বৰগোঁহাইক সম্বৰ্ধনা। জাপানত অনুষ্ঠিত এছিয়ান গেমছ ২০২৬ত মহিলা বক্সিঙৰ ৭৫ কেজি শাখাত সোণৰ পদক অৰ্জন কৰা স্বৰ্ণ কন্যা লাভলীনা বৰগোহাঁইক নাজিৰাত উষ্ম সম্বৰ্ধনা জনাই।
নাজিৰা পৌৰসভা আৰু শিমলুগুৰি পৌৰসভাৰ উদ্যোগত নাজিৰা এম চি ক্লাবত অনুষ্ঠিত কৰা এই সম্বৰ্ধনা অনুষ্ঠানত নাজিৰা বিভিন্ন দল সংগঠন অনুষ্ঠান প্ৰতিষ্ঠান তথা ৰাইজে উষ্ম সম্বৰ্ধনা জনায় ভাৰতৰ গৌৰৱ, স্বৰ্ণ কন্যা লাভলীনা বৰগোহাঁইক।
অনুষ্ঠানত স্বৰ্ণ কন্যা লাভলীনা বৰগোহাঁইৰ পিতৃ-মাতৃ , নাজিৰাৰ বিধায়ক ময়ুৰ বৰগোহাঁই , সমজিলা আয়ুক্ত প্ৰতীভা মেশ্ৰামৰ লগতে ভালেসংখ্যক গণ্যমাণ্য ব্যক্তি উপস্থিত থাকে।

