জল জীৱন মিছন ২.০ ৰ জৰিয়তে দীর্ঘম্যাদী পৰিকল্পনাৰে ৰাইজক নিৰন্তৰ খোৱা পানী যোগান ধৰিব লাগিব-মন্ত্ৰী কৃষ্ণেন্দু পাল

জনস্বাস্থ্য কাৰিকৰী বিভাগৰ উদ্যোগত খানাপাৰাস্থিত অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত জল জীৱন মিছন ২.০ (JJM 2.0) আৰু স্বচ্ছ ভাৰত মিছন (গ্ৰামীণ)২.০ ৰ
ভৱিষ্যৎ কাৰ্য্যপন্থা নিৰ্ধাৰণৰ উদ্দেশ্যে দুদিনীয়া ৰাজ্যিক পৰ্য্যায়ৰ কৰ্মশালা অনুষ্ঠিত ।

দিছপুৰ ২৭ অক্টোবৰ: অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ উদ্যোগত খানাপাৰাস্থিত অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত জল জীৱন মিছন ২.০ (JJM 2.0) আৰু স্বচ্ছ ভাৰত মিছন (গ্ৰামীণ) ২.০ ৰ ভৱিষ্যৎ কাৰ্য্যপন্থা নিৰ্ধাৰণৰ উদ্দেশ্যে আজিৰ পৰা দুদিনীয়াকৈ ৰাজ্যিক পৰ্য্যায়ৰ কৰ্মশালা অনুষ্ঠিত হয়।

কৰ্মশালাত অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী আদি বিভাগৰ মন্ত্ৰী শ্ৰী কৃষ্ণেন্দু পালে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। ৰাজ্যখনৰ বিভিন্ন বিভাগৰ শীৰ্ষ প্ৰশাসনিক বিষয়া আৰু অভিযন্তাসকলক সম্বোধন কৰি মন্ত্ৰীগৰাকীয়ে গ্ৰামাঞ্চলৰ প্ৰতিটো পৰিয়াললৈ বিশুদ্ধ খোৱাপানীৰ যোগান নিশ্চিত কৰা আৰু বহনক্ষম অনাময় ব্যৱস্থা গঢ়ি তোলাৰ ক্ষেত্ৰত বিভাগসমূহৰ মাজত ফলপ্ৰসূ সমন্বয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

মন্ত্ৰীগৰাকীয়ে কয় যে জল জীৱন মিছন আৰু স্বচ্ছ ভাৰত মিছনৰ দৰে গুৰুত্বপূৰ্ণ জনকল্যাণমূলক আঁচনিৰ সফল ৰূপায়ণৰ বাবে সংশ্লিষ্ট সকলো বিভাগৰ মাজত সু-সমন্বয় আৰু সহযোগিতা অতি প্ৰয়োজনীয়। আমাৰ দেশৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজীৰ ‘হৰ ঘৰ নল, হৰ ঘৰ জল’ৰ লক্ষ্য বাস্তৱায়িত কৰাৰ লগতে অসমৰ প্ৰতিটো গ্ৰাম্য পৰিয়াললৈ বিশুদ্ধ খোৱাপানী যোগান আৰু বহনক্ষম অনাময় ব্যৱস্থা নিশ্চিত কৰাটো আমাৰ বিভাগৰ অন্যতম প্ৰধান অগ্ৰাধিকাৰ বুলি তেওঁ উল্লেখ কৰে।

কৰ্মশালাত জনস্বাস্থ্য কাৰিকৰী বিভাগ (PHED), অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান (ASRLM) আৰু অসম শক্তি বিতৰণ কোম্পানী লিমিটেড (APDCL)ৰ মাজত পাৰস্পৰিক সহযোগিতা শক্তিশালী কৰাৰ বিষয়ত বিশেষ গুৰুত্ব দিয়া হয় আৰু দুখনকৈ বুজা বুজিৰ চুক্তি স্বাক্ষৰ কৰা হয়।

ইয়াৰ উপৰি বিভিন্ন জিলাত চলি থকা গ্ৰাম্য খোৱাপানী যোগান আঁচনিসমূহৰ নিৰ্ধাৰিত সময়ৰ ভিতৰত কাম সম্পূৰ্ণ কৰা, পানীৰ গুণগত মান নিৰীক্ষণ, অভিযান্ত্ৰিক কাম-কাজৰ সঠিক ৰূপায়ণ আৰু ক্ষেত্ৰ পৰ্য্যায়ত আঁচনিসমূহৰ কাৰ্য্যকাৰীতা নিশ্চিত কৰাৰ বিষয়েও বিস্তৃত আলোচনা কৰা হয়।

কৰ্মশালাৰ অংশ হিচাপে জল জীৱন মিছন আৰু স্বচ্ছ ভাৰত মিছন (গ্ৰামীণ)ৰ অধীনত উৎকৃষ্ট প্ৰদৰ্শন আগবঢ়োৱা জিলাসমূহক স্বীকৃতি প্ৰদানৰ উদ্দেশ্যে এক বিশেষ বঁটা বিতৰণী অনুষ্ঠানৰ আয়োজন কৰা হয়। আঁচনি ৰূপায়ণত দেখুওৱা নিষ্ঠা, দক্ষতা, নেতৃত্ব আৰু লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত আগবঢ়োৱা উল্লেখযোগ্য অৱদানৰ স্বীকৃতিস্বৰূপে কৃতিত্বসম্পন্ন তিনিখনকৈ জিলাক বঁটা প্ৰদান কৰা হয়।

অনুষ্ঠানত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিশেষ সচিব ছয়দিয়ান আব্বাছী, বিভাগটোৰ সচিব তথা জল জীৱন মিছনৰ মিছন সঞ্চালক কৈলাশ কাৰ্তিক এন, বিভাগটোৰ অন্য এগৰাকী সচিব তথা জল জীৱন মিছনৰ অতিৰিক্ত মিছন সঞ্চালক গীতিমণি ফুকন, মুখ্য অভিযন্তা (পানী) ভাস্কৰ জ্যোতি শৰ্মা; মুখ্য অভিযন্তা (অনাময়) ৰম্য জ্যোতি শৰ্মা; অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ মুখ্য পৰিচালন বিষয়া ড° হিমাদ্ৰী কোঁচ আৰু অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ মুখ্য মহাপ্ৰবন্ধক দীপেন মৰল উপস্থিত থাকে।

ইয়াৰ লগতে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সকলো মণ্ডলৰ অতিৰিক্ত মুখ্য অভিযন্তা, জিলা পৰিষদসমূহৰ মুখ্য কাৰ্যবাহী বিষয়া, অধীক্ষক অভিযন্তা, জল জীৱন মিছনৰ দায়িত্বত থকা অতিৰিক্ত জিলা আয়ুক্ত আৰু অসমৰ বিভিন্ন জিলাৰ কাৰ্য্যবাহী অভিযন্তাসকলেও কৰ্মশালাত অংশগ্ৰহণ কৰে।

এই কৰ্মশালাই ৰাজ্যখনৰ গ্ৰাম্য খোৱাপানী যোগান আৰু অনাময় ব্যৱস্থাৰ উন্নয়ন ত্বৰান্বিত কৰাৰ লগতে সংশ্লিষ্ট বিভাগসমূহৰ মাজত সমন্বয় শক্তিশালী কৰি জল জীৱন মিছন ২.০ আৰু স্বচ্ছ ভাৰত মিছন (গ্ৰামীণ) ২.০ ৰ লক্ষ্যসমূহ সময়মতে সফলতাৰে ৰূপায়ণ কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে।

Related Articles