ওদালগুৰি জিলাৰ মাজবাট বিধানসভা সমষ্টিত অনুষ্ঠিত হৈছে ইউনিটি কাপ ফুটবল টুৰ্নামেণ্ট ২০২৬ । মাজবাটৰ ২ নং কাদাবিল খেলপথাৰৰ পৰা আৰম্ভনি হোৱা এই প্ৰতিযোগিতাৰ খেলসমূহ সমষ্টিটোৰ চাৰিখন পৃথক খেলপথাৰত বিভিন্ন দিনত অনুষ্ঠিত হ’ব। ইয়াৰ অংশ হিচাপে ২৮ অক্টোবৰত দিনৰ ২ বাজি ৩০ মিনিটত ২ নং শইকীয়াচুবুৰী খেলপথাৰখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে অসম চৰকাৰৰ পৰিবহণ মন্ত্ৰী চৰণ বড়োৱে।খেলখনৰ কিক অফ কৰে পাঁচনৈ চেৰফাং সমষ্টিৰ এমচিএলএ শ্যাম চুণ্ডীয়ে৷
মাজবাট আঞ্চলিক ক্ৰীড়া সন্থা আৰু ইউথ ডেভেলপমেণ্ট চেন্টাৰ মাজবাট (YDCM)-ৰ যৌথ সহযোগত আয়োজিত এই প্ৰতিযোগিতাত ২ নং শইকীয়াচুবুৰী খেলপথাৰত মুঠ সাতখন খেল অনুষ্ঠিত হ’ব।উদ্বোধনী দিনটোত ধোপগুৰিৰ অলংবাৰ আৰু গেৰুৱাৰ ৰাজেন্দ্ৰ এফ চিৰ মাজত অনুষ্ঠিত হয় এখন খেল। প্ৰতিদ্বন্দ্বিতামূলক খেলখনত ৩–০ গ’লৰ ব্যৱধানত জয়লাভ কৰে গেৰুৱাৰ ৰাজেন্দ্ৰ এফ চিয়ে।আয়োজকসকলৰ মতে, অঞ্চলটোৰ যুৱ খেলুৱৈসকলক প্ৰতিভা প্ৰদৰ্শনৰ সুযোগ প্ৰদান কৰা আৰু যুৱ প্ৰজন্মক ক্ৰীড়াৰ প্ৰতি উৎসাহিত কৰাৰ লক্ষ্যৰে এই প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে।
২নং শইকীয়া চুবুৰী খেলপথাৰত ওৰাং ভিচিডিচিৰ সভাপতি বেনুধৰ অধিকাৰী,২নং শইকীয়া চুবুৰী ভিচিডিচিৰ সভাপতি দিনেশ বসুমতাৰী,কছাৰীচন ভিচিডিচিৰ সভাপতি ভদ্ৰেশ্বৰ বসুমতাৰী,বিপিএফৰ জনপ্ৰিয় নেতা -খগেন মোছাহাৰী আদিসকলে অংশগ্ৰহণ কৰে। আনহাতে, সাংবাদিকৰ প্ৰশ্ন উত্তৰত গুৱাহাটীৰ উলুবাৰীত একেটা পৰিয়ালৰ পাঁচগৰাকী লোকক গুলীয়াই হত্যা কৰা ঘটনাক লৈও গভীৰ দুখ প্ৰকাশ কৰে পৰিবহণ মন্ত্ৰী চৰণ বড়োৱে। ঘটনাটোক অত্যন্ত দুখজনক বুলি অভিহিত কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এনে ধৰণৰ ঘটনা তেওঁ ইয়াৰ পূৰ্বে কেতিয়াও দেখা নাছিল।

