শিলচৰ-গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন ৰেলপথৰ লাইনচুত্য

লামডিং-বদৰপুৰ পাহাৰীয়া ৰেলপথত এক বৃহৎ দুৰ্ঘটনাৰ ৰক্ষা পৰিল যাত্ৰীবাহী ৰেল। বৰাক ৰে’ল দলঙৰ সমীপত ১৫৬১৬ নং শিলচৰ-গুৱাহাটী এক্সপ্ৰেছ ইঞ্জিনৰ সন্মুখৰ ট্ৰলী ৰেলপথৰ পৰা লাইনচুত্য হৈ যায়। বৃহস্পতিবাৰে পুৱা ৮:৫০ বজাত বদৰপুৰ আৰু সুকৃতীপুৰ ৰেল ষ্টেচনৰ মাজৰ ১৬৬/৭ কিলোমিটাৰ পইণ্টত সংঘটিত হয় এই দুৰ্ঘটনা। অৱশ্যে ভাল খবৰটো হ’ল ৰে’লৰ সকলো যাত্ৰী সুৰক্ষিত।

এই পৰ্যন্ত কোনো লোক হতাহতি বা আহত হোৱাৰ খবৰ পোৱা নাই। উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ লামডিং সংমণ্ডলৰ অন্তৰ্গত ৰে’লৱেৰ মুখ্য জনসংযোগ বিষয়া কপিঞ্জল কিশোৰ শৰ্মাই এক প্ৰেছ বিজ্ঞপ্তিযোগে এই দুৰ্ঘটনাৰ বিষয়ে অৱগত কৰে। অধিসূচনা অনুসৰি ইঞ্জিনৰ পিছফালৰ অংশকে ধৰি সকলো যাত্ৰীবাহী ডবা আঁতৰাই বদৰপুৰ ষ্টেচনলৈ লৈ যোৱা হৈছে।

বৰ্তমান ৰে’লৱেৰ জ্যেষ্ঠ বিষয়াৰ তত্বাৱধানত দুৰ্ঘটনাস্থলীত ৰে’লপথ পুনৰ নিৰ্মাণৰ কাম চলি আছে।ইফালে এই দুৰ্ঘটনাৰ বাবে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ কেইবাখনো ৰে’লৰ চলাচল বন্ধ হৈ পৰিছে। বিহাৰত গুৱাহাটী-শিলচৰ এক্সপ্ৰেছ, নিউ হাফলঙৰ ছিলদাহ-চিলচৰ এক্সপ্ৰেছ, বদৰপুৰৰ ছাইৰাং-কলকাতা এক্সপ্ৰেছ, নিউ কৰিমগঞ্জৰ আগৰতলা-লোকমান্য তিলক টাৰ্মিনাছ এক্সপ্ৰেছ, ধৰ্মনগৰৰ আগৰতলা-ছিয়ালদাহ এক্সপ্ৰেছ আৰু লংটিঙত কলকাতা-ছৈৰাং এক্সপ্ৰেছ বন্ধ কৰি দিয়া হৈছে।কেৱল সেয়াই নহয়, বৃহস্পতিবাৰৰ শিলচৰ-গুৱাহাটী এক্সপ্ৰেছৰ যাত্ৰাৰ অন্ত পেলাব লগা হৈছিল বদৰপুৰ ষ্টেচনত।

বদৰপুৰৰ পৰা গুৱাহাটীলৈ যোৱা সেই ৰে’লৰ সেৱা বাতিল কৰা হৈছে। ইয়াৰ উপৰি বৃহস্পতিবাৰৰ পৰা আৰম্ভ হ’বলগীয়া গুৱাহাটী-শিলচৰ এক্সপ্ৰেছও বাতিল কৰা হৈছে।ৰে’ল কৰ্তৃপক্ষৰ মূল উদ্দেশ্য হৈছে ৰে’লপথটো ক্ষিপ্ৰতাৰে পুনৰুদ্ধাৰ কৰা আৰু দুৰ্ঘটনাৰ পিছত পুনৰ স্বাভাৱিক ৰে’ল সেৱা আৰম্ভ কৰা। যাত্ৰীসকলক ৰে’লযোগে যাত্ৰা কৰাৰ পূৰ্বে সংশ্লিষ্ট ৰে’ল কৰ্তৃপক্ষৰ পৰা শেহতীয়া সেৱাৰ তথ্য পৰীক্ষা কৰিবলৈ পৰামৰ্শ দিয়া হৈছে।

Related Articles