ক’ভিড-১৯ মহামাৰীত আক্ৰান্ত হৈ স্বামীহাৰা হোৱা নিম্ন আয়ৰ পৰিয়ালৰ বিধৱা মহিলালৈ অসম চৰকাৰে এককালীন সাহায্য আগবঢ়াবলৈ গ্ৰহণ কৰা সিদ্ধান্তক আদৰণি জনাই, আৰু কিছু সংশোধনৰ প্ৰয়োজন আছে বুলি অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে ৰাজ্য চৰকাৰক আহ্বান জনাইছে।
ক’ৰোণা মহামাৰী এক অদৃশ্য আৰু এতিয়ালৈকে অনিয়ন্ত্ৰিত ৰোগ হিচাপে সমগ্ৰ বিশ্বই স্বীকাৰ কৰিছে। সাৱধানতা,পৰিচ্ছন্নতা আৰু সামাজিক দূৰত্ব অৱলম্বনেৰে এই ৰোগৰ প্ৰাদুৰ্ভাৱ ৰোধিবহে পাৰি কিন্তু আক্ৰান্ত হৈ সুস্থ হৈ উঠাৰ পিছতো এই মহামাৰীৰ পাৰ্শ্বক্ৰিয়াৰ ফলত এমাহৰ পৰা দুমাহৰ ভিতৰত বহু লোকে প্ৰাণ হেৰুৱাব লগাত পৰিছে। যাৰ বাবে কেন্দ্ৰীয় চৰকাৰে এই মহামাৰীক প্ৰাকৃতিক দুৰ্যোগ হিচাপে চিহ্নিত কৰি “ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা” বিভাগৰ অধীনত মোকাবিলা কৰি আহিছে। এনে কাৰণত কেৱল আক্ৰান্ত হৈ থকাৰ সময়তে মৃত্যু বৰণ কৰা স্বামীৰ বিধৱা হোৱা মহিলাক এককালীন সাহায্য দিয়াৰ লগতে, আক্ৰান্ত হৈ সুস্থ হৈ উঠাৰ পৰৱৰ্তী কালত স্বামীহীণ হোৱা নিম্ন আয়ৰ পৰিয়ালৰ মহিলাকো এই আঁচনিৰ অন্তৰ্ভুক্ত কৰিবলৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক তথা জ্যোষ্ঠ মুখপাত্ৰ অপূৰ্ব কুমাৰ ভট্টাচাৰ্য্য ই আহ্বান জনাই কয় যে, বিগত সময়চোৱাত মৃত্যু বৰণ কৰা লোকৰ মৃত্যুৰ কাৰণ পৰ্য্যবেক্ষণ কৰি দেখা গৈছে যে, ক’ভিড আক্ৰান্ত হৈ সুস্থ হৈ উঠাৰ পিছতহে অধিকাংশ লোকে প্ৰাণ হেৰুৱাব লগীয়া হৈছে। এনে সংকটৰ ফলত সৃষ্ট পৰিস্থিতিলৈ লক্ষ্য ৰাখিয়েই দেশৰ মহামান্য উচ্চতম ন্যায়ালয়েও এই বিষয়ত এক দৃষ্টিভংগী দাঙি ধৰিছে।
ভাৰতবৰ্ষ এখন কল্যানকামী ৰাষ্ট্ৰ। তেনেস্থলত প্ৰাকৃতিক দুৰ্যোগত ক্ষতিগ্ৰস্ত সকলো মানুহে এই দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ অধীনত, নীতিগত কাৰণতে সকলো নিম্ন আয়ৰ পৰিয়ালে চৰকাৰৰ পৰা সাহায্য লাভ কৰাটো মানৱীয় তথা যুক্তিসংগত বুলি আমি কংগ্ৰেছ দলে অনুভৱ কৰো।
সেয়েহে, ৰাজ্য চৰকাৰে ঘোষণা কৰা মুখ্যমন্ত্ৰীৰ ক’ভিড-১৯ বিধৱা সাহায্য আঁচনিৰ সংশোধন ঘটাই সুস্থ হৈ উঠাৰ পিছত মৃত্যু বৰণ কৰা পৰিয়ালকো এই আঁচনিৰ অন্তৰ্ভুক্ত কৰিবলৈ প্ৰদেশ কংগ্ৰেছৰ তৰফৰ পৰা মানৱীয় আবেদন জনায়।।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- কেৱল ৰূপতেই একে নহয়;অধ্যয়নৰ দিশতো সম পৰ্যায়ৰ পাৰদৰ্শিতা দুয়ো যমজ ভগ্নীৰ
- পংখী সন্দিকৈ হত্যাকাণ্ডই ন্যায় লাভ কৰিবনে ?
- বজালী, বাক্সা আৰু তামুলপুৰত জলসম্পদ বিভাগৰ নিৰ্মীয়মান মথাউৰি আৰু সুৰক্ষাৰ কাম পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰীকাৰ
- মুকালমুৱাৰ ৩নং কান্ধবাৰীত দুই ভাতৃৰ মাজৰ ভূমি বিবাদৰ চৰম পৰিণতি…
- ৰাষ্ট্ৰীয় পৰ্যায়ৰ সুদক্ষ ভলীবল খেলুৱৈ ! অসমৰ সম্পদ পল্লৱ প্ৰাণ শাণ্ডিল্যই নাপালে কৰ্ম সংস্থাপন…
- সেই বাঁহীৰ সুৰ ক’তনো হেৰাই থাকিল…
- ড° বুলজিৎ বুঢ়াগোহাঁইৰ ‘কেৰিয়াৰ হাতপুথি’ত কি কি তথ্য আছে জানক…
- অধ্যাপক, বিশিষ্ট বিজ্ঞানী, অসম পেট্ৰকেমিকেলচৰ অৱসৰপ্ৰাপ্ত কাৰ্য্যবাহী সঞ্চালক ড° মহেন্দ্ৰ বৰগোহাঞিৰ দেহাৱসান…
- বঙাইগাঁৱত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত ভোটাধিকাৰ সাব্যস্ত কৰি বৰপেটা লোকসভা সমষ্টিৰ এনডিএৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ মন্তব্য…
- ভগৱান কৃষ্ণৰ জন্ম আৰু কংসৰ অত্যাচাৰ…