নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ বৰতলাত প্ৰায় তিনি বিঘা ভূমি সামৰি নিৰ্মাণ হ’বলগীয়া মহিলা নেতৃত্বাধীন দৈনিক গ্ৰাম্য বজাৰৰ আজি আধাৰশিলা স্থাপন কৰা হয়। আজি পুৱা ১০ বজাত বিকশিত ভাৰত নিশ্চিত ৰোজগাৰ আৰু জীৱিকা অভিযান (VB-G RAM-G) আৰু ষোড়শ বিত্ত আয়োগৰ আঁচনিৰ অধীনত বৰতলা পশু চিকিৎসালয়ৰ সমীপত এই বজাৰখনৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰে বিধায়ক নাৰায়ণ ডেকাই।প্ৰকল্পটোৰ আনুমানিক ব্যয় প্ৰায় ৩৭,৫৬,৩৭৯ লাখ টকা। এই উপলক্ষে আয়োজিত সভাখনৰ আঁত ধৰে আঞ্চলিক পঞ্চায়তৰ সভাপতি প্ৰীতম গোস্বামীয়ে আৰু সভা পৰিচালনা কৰে সমাজকৰ্মী হীৰেণ বৰ্মনে। বিধায়ক নাৰায়ণ ডেকাই ভাষণ প্ৰসংগত কয় যে বৰক্ষেত্ৰী উন্নয়ন খণ্ডৰ অধীনত বৰতলা হ’বলগীয়া বজাৰখনে প্ৰাৰম্ভিকভাৱে বহু মহিলাক বজাৰৰ সুবিধা দি জীৱিকাৰ পথ মুকলি কৰি দিব পাৰিম। ৰাস্তাৰ কাষতে হ’বলগীয়া এই বজাৰখনে বৰক্ষেত্ৰীৰ সকলো ৰাইজকে উপকৃত কৰিব।
সম্প্ৰতি,কিছু আঁচনি ৰূপায়নৰ ক্ষেত্ৰত সিদ্ধান্ত সলনি কৰা হৈছে। যি অভাৱ ৰাইজৰ আছে সেয়া আমি মোদী ডাঙৰীয়াৰ নেতৃত্বত পুৰণ কৰাৰ চেষ্টা অব্যাহত ৰাখিছোঁ। আঁচনিখন দীৰ্ঘম্যাদী পৰিকল্পনাৰে ২০৪৭ চনলৈ বৰ্তাই ৰখাৰ ব্যৱস্থা কৰা হ’ব বুলি জানিবলৈ দিয়ে বৰক্ষেত্ৰী খণ্ড উন্নয়ন বিষয়া নিশিনাথ শৰ্মাই। আনহাতে, আঞ্চলিক পঞ্চায়তৰ সভাপতি প্ৰীতম গোস্বামীয়ে কয় যে ১২ খন পঞ্চায়তে সমৰ্থন জনাই বৰতলাত গ্ৰাম্য বজাৰখন হ’বলৈ যোৱাত সহায় কৰা বাবেও সংশ্লিষ্ট সকলো পক্ষকে ধন্যবাদ জনায়। এই বজাৰখন সকলোৱে উদ্যমী হৈ জীয়াই ৰাখিব লাগিব বুলি কৈ গোটেই বজাৰ খন তিনি চাৰিমাহৰ ভিতৰত সম্পূৰ্ণ কৰা হ’ব বুলিও মন্তব্য কৰে। নৱ নিৰ্বাচিত বিধায়ক নাৰায়ণ ডেকাক এই বজাৰখন বৰতলাত দিয়াৰ বাবেও ধন্যবাদ জনায় গোস্বামীয়ে। বৰক্ষেত্ৰী বৰভাগ খণ্ড উন্নয়ন বিষয়া নিশিনাথ শৰ্মা,জিলা পৰিষদৰ সদস্যা দীপ্তি তালুকদাৰ, গাঁও পঞ্চায়তৰ সভানেত্ৰী মিতালী মেধি, মণ্ডল সভাপতি ৰাজু ডেকা, গাওঁপ্ৰধান অন্নৰাম বৰ্মন, আঞ্চলিক সদস্য দীনেশ বৈশ্য, চুমী ৰাজবংশী, দীপ্তি দাস, দুলু তালুকদাৰ, ৰৌচানাৰা বেগম, নৃপেন্দ্ৰ নাথ বৰ্মনৰ লগতে বহু গণ্য মান্য ব্যক্তি উপস্থিত থাকে।

