নলবাৰী জিলাৰ ঘগ্রাপাৰস্হিত বড়িগোগ বনভাগ প্রাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত ৩৬৪ নং বিলপাৰ বালক প্ৰাথমিক বিদ্যালয় প্ৰাঙ্গণত আজি এক ব্যতিক্ৰমী দৃশ্য দেখা পৰিলক্ষিত হয়। কণ কণ ছাত্ৰ-ছাত্ৰীৰ কলৰৱ, সেউজীয়া পাচলিৰ সম্ভাৰ আৰু ক্ৰেতাৰ ভিৰ—বিদ্যালয় চৌহদ ৰূপান্তৰিত হ’ল এখন জীৱন্ত ‘শনিবৰীয়া বজাৰ’লৈ। বিদ্যালয়খনৰ প্রধান শিক্ষক প্রদীপ বৈশ্য আৰু সহকাৰী শিক্ষক সকলৰ উদ্যোগত আজি পুৱাৰে পৰা বিদ্যালয় প্ৰাঙ্গণত অনুষ্ঠিত হয় এই বিশেষ বজাৰখন।
প্ৰথমৰ পৰা পঞ্চম শ্ৰেণীলৈকে প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীয়ে নিজৰ ঘৰত উৎপাদিত শাক-পাচলি, ফল-মূল, ঘৰতে বনোৱা খাদ্য সামগ্ৰী আদি লৈ বিদ্যালয়লৈ আহে।কোনোবাই কলপাতত সজাই থৈছে ৰঙা লাই,কোমোৰা,পানী লাউ,অমিতা, কল, বেঙেনা, জিকা, কোনোবাই টোপোলাত ভৰাই আনিছে ধনীয়া, নেমু, জলকীয়া আৰু গাখীৰ । কণ কণ হাতবোৰেৰে ওজন জুখিছে, পইচা গণিছে, আৰু হাঁহি মুখেৰে ক্ৰেতাক বিদায় দিছে। কিতাপৰ বাহিৰৰ শিক্ষা বিদ্যালয়ৰ প্ৰধান শিক্ষকগৰাকীয়ে সংবাদ মাধ্যমক অৱগত কৰা মতে, এই ব্যতিক্ৰমী পদক্ষেপৰ মূল উদ্দেশ্য দুটা। প্ৰথমতে, গ্ৰাম্য অঞ্চলৰ ছাত্ৰ-ছাত্ৰীৰ ঘৰত উৎপাদিত জৈৱিক সামগ্ৰীসমূহক এখন বজাৰ দিয়া। দ্বিতীয়তে, কণ কণ ছাত্ৰ-ছাত্ৰীক ব্যৱহাৰিক জীৱনৰ সৈতে পৰিচয় কৰাই দিয়া।”আমি কেৱল অংকৰ কিতাপত যোগ-বিয়োগ শিকালেই নহ’ব। এটা বস্তু কিমান টকাত কিনি কিমান টকাত বেচিলে লাভ-লোকচান হয়, ক্ৰেতাৰ সৈতে কেনেদৰে কথা পাতিব লাগে, ওজন কেনেকৈ জুখিব লাগে—এইবোৰ জীৱনমুখী শিক্ষা,” প্রধান শিক্ষক বৈশ্য ই কয়।
“আজিৰ বজাৰখনৰ জৰিয়তে ল’ৰা-ছোৱালীবোৰে আত্মবিশ্বাস, যোগাযোগ কৌশল আৰু উদ্যমিতাৰ প্ৰাথমিক পাঠ শিকিছে।”ক্ৰেতাৰ উৎসাহ, অভিভাৱকৰ সহাঁৰি ছাত্ৰ-ছাত্ৰীৰ এই বজাৰ চাবলৈ আৰু সামগ্ৰী কিনিবলৈ পুৱাৰে পৰা স্থানীয় ৰাইজৰ ভিৰ কৰা পৰিলক্ষিত হৈছে।
স্হানীয় একাংশ লোকে কয় যে কণমানিহঁতৰ হাতৰ পৰা বিষমুক্ত পাচলি কিনি তেওঁলোকে আনন্দ পাইছে। এগৰাকী স্থানীয় মহিলাই ক’লে, “বজাৰৰ পাচলিতকৈ এইবোৰ সতেজ আৰু ৰাসায়নিক সাৰ নথকা। ল’ৰা-ছোৱালীবোৰে যি মৰমেৰে দিছে, দামটো ডাঙৰ কথা নহয়।”
স্হানীয় অভিভাৱকসকলেও বিদ্যালয়ৰ এই পদক্ষেপক আদৰণি জনাইছে। এজন অভিভাৱকে জনায়, “আমাৰ বাৰীত যিখিনি হয়, সেইখিনি লৈ ল’ৰাটো আজি বজাৰলৈ গৈছে। সি নিজে পইচা গণি আছে, হিচাপ কৰিছে। এইটোৱেইতো প্ৰকৃত শিক্ষা। ঘৰত বহি ম’বাইল চোৱাতকৈ এইটো হাজাৰ গুণে ভাল।”

