দৰং জিলাৰ মঙলদৈ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া (অ’চি) চন্দন জ্যোতি বৰালৈ আগবঢ়োৱা হৈছে ২০২৬ বৰ্ষৰ ‘কেন্দ্ৰীয় গৃহমন্ত্ৰী দক্ষতা পদক’। আৰক্ষী বিভাগত কৰ্মৰত অৱস্থাত আগবঢ়োৱা উল্লেখযোগ্য সেৱা আৰু দক্ষতাৰ স্বীকৃতি স্বৰূপে তেওঁক এই সন্মান প্ৰদান কৰা হৈছে। এই খবৰে মঙলদৈ তথা দৰং জিলাৰ আৰক্ষী মহলত আনন্দৰ সৃষ্টি কৰিছে।
কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে শনিবাৰে ২০২৬ বৰ্ষৰ বাবে দেশৰ বিভিন্ন ৰাজ্য, কেন্দ্ৰীয় শাসিত অঞ্চল, কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী আৰু কেন্দ্ৰীয় আৰক্ষী সংগঠনৰ মুঠ ৪৯০ গৰাকী বিষয়া-কৰ্মচাৰীলৈ ‘কেন্দ্ৰীয় গৃহমন্ত্ৰী দক্ষতা পদক’ ঘোষণা কৰে। ইয়াৰ ভিতৰত অসমৰ ১৯ গৰাকী আৰক্ষী বিষয়া-কৰ্মচাৰীয়েও এই সন্মান লাভ কৰিছে।
উল্লেখযোগ্য যে, আৰক্ষী আৰু নিৰাপত্তা বাহিনীৰ কৰ্মীসকলৰ উৎকৃষ্ট কৰ্মদক্ষতা, পেছাদাৰী নিষ্ঠা আৰু উল্লেখযোগ্য অৱদানক স্বীকৃতি প্ৰদানৰ উদ্দেশ্যে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে এই পদক প্ৰৱৰ্তন কৰিছে। আৰক্ষীৰ অভিযানত উৎকৃষ্টতা, তদন্তৰ ক্ষেত্ৰত অসাধাৰণ সেৱা, ব্যতিক্ৰমী কৰ্মদক্ষতা, সাহসী চোৰাংচোৱা সেৱা আৰু ফৰেনছিক বিজ্ঞানৰ ক্ষেত্ৰত উল্লেখযোগ্য অৱদানৰ বাবে এই পদক আগবঢ়োৱা হয়।
২০২৪ চনৰ ১ ফেব্ৰুৱাৰীত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে আনুষ্ঠানিকভাৱে এই পদক প্ৰৱৰ্তন কৰিছিল। প্ৰতি বছৰে ৩১ অক্টোবৰত চৰ্দাৰ বল্লভভাই পেটেলৰ জন্মজয়ন্তীৰ দিনা এই পদক ঘোষণা কৰা হয়।মঙলদৈ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া চন্দন জ্যোতি বৰাৰ এই সন্মান লাভে আৰক্ষী বিভাগৰ কৰ্মদক্ষতা আৰু নিষ্ঠাৰ প্ৰতি এক স্বীকৃতি হিচাপে বিবেচিত হৈছে। তেওঁৰ এই সাফল্যই জিলাখনৰ আৰক্ষী বাহিনীৰ অন্যান্য বিষয়া-কৰ্মচাৰীসকলকো কৰ্তব্যনিষ্ঠা আৰু পেছাদাৰী উৎকৰ্ষতাৰ দিশত অনুপ্ৰাণিত কৰিব বুলি আশা কৰা হৈছে।

