ৰঙিয়া সমজিলা সাংবাদিক সংন্থা গঠনঃ হেমন্ত কলিতা সভাপতি- আবু চালেহ সম্পাদক নিৰ্বাচিত

নৱগঠিত ৰঙিয়া সমজিলা সাংবাদিক সন্থাৰ প্ৰথমখন সাধাৰণ সভা কালি ৰঙিয়াৰ ঐতিহ্যমণ্ডিত হৰদত্ত-বীৰদত্ত ভৱনত অনুস্থিত হৈ যায়।সভাখনত সভাপতিত্ব কৰে জ্যেষ্ঠ সাংবাদিক তাপস সমাদ্দাৰে৷ আহ্বায়ক আবু চালেহে উদ্দেশ্য ব্যাখ্যা কৰা সভাখনত সন্থাৰ ভৱিষ্যৎ কাৰ্যপন্থা নিৰ্ধাৰণ আৰু সাংবাদিকসকলৰ উমৈহতীয়া স্বাৰ্থৰ বিষয়সমূহৰ ওপৰত বিষদভাৱে আলোচনা কৰা হয়৷সকলো দিশ আলোচনা কৰাৰ পিছত ৰঙিয়া সমজিলাৰ সাংবাদিকসকলক ঐক্যবদ্ধ কৰি সকলোৰে উৎকৰ্ষ সাধনৰ উদ্দেশ্যে সাংবাদিক তথা বিশিষ্ট সাহিত্য সংগঠক হেমন্ত কলিতাক সভাপতি আৰু সাংবাদিক আবু চালেহক সাধাৰণ সম্পাদক হিচাবে সৰ্বসন্মতিক্ৰমে মনোনীত কৰি দ্বায়িত্ব অৰ্পন কৰে সভাসদে৷একেদৰে সাংবাদিক তাপস সমাদ্দাৰ,নৰেশ্বৰ ৰাজবংশী আৰু ভূপেন্দ্ৰ ভাগৱতীক উপদেষ্টা,মানব ডেকাক উপ সভাপতি,জিয়াউল হক আৰু মইনুল হকক সহকাৰী সম্পাদক, বিপুল কলিতা, নজৰুল হক,ৱাছিম আক্ৰাম, অজয় কুমাৰ ডেকাক সাংগঠনিক সম্পাদক হিচাবে লৈ এখন একৈশ জনীয়া কাৰ্যনিৰ্বাহক সমিতি গঠন কৰি প্ৰাৰম্ভিক দ্বায়িত্ব অৰ্পণ কৰা হয়৷

কাৰ্যনিৰ্বাহক সভাত সমিতিখনক পূৰ্ণাংগ ৰূপ দিয়া হ’ব বুলি সভাই সিদ্ধান্ত গ্ৰহণ কৰি উপস্থিত সকলোকে কাৰ্যনিৰ্বাহক সদস্য হিচাবে লৈ ৰঙিয়া সমজিলা সাংবাদিক সংন্থা গঠন কৰা হয়৷ সভাত সাংবাদিক দিনেশ কুমাৰ আগৰৱালা, দিগন্ত দাস,খাইৰুল হুছেইন,আইনাল হুছেইন,ছৰিফুল ইছলাম,নজৰুল ইছলাম,ছফিকুল আহমেদ, আবুল কালাম,নুৰুল আলম,সমুজ্জ্বল ডেকা, ধ্ৰুৱজ্যোতি ডেকা প্ৰমুখ্যে বৃহত্তৰ ৰঙিয়াৰ বহুকেইজন সংবাদসেৱীয়ে অংশগ্ৰহণ কৰে৷সভাপতিৰ ভাষণত তাপস সমাদ্দাৰে নৱগঠিত ৰঙিয়া সমজিলা সাংবাদিক সন্থাই পালন কৰিবলগীয়া বিভিন্ন কাৰ্যপন্থাৰ বিষয়ে বক্তব্য ৰাখি সন্থাৰ উত্তৰোত্তৰ কামনা কৰি সন্থাত সকলো সাংবাদিকৰ অংশগ্ৰহণ আৰু সহযোগিতা কামনা কৰে৷নৱ নিৰ্বাচিত সভাপতি হেমন্ত কলিতাই উপস্থিতি আৰু সহযোগিতাৰ বাবে সকলোকে আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰি শলাগৰ শৰাই আগবঢ়াই৷জাতীয় সংগীত পৰিবেশনেৰে সভাৰ সামৰণি মৰা হয়৷

Related Articles