অন্তঃ কন্দলত জৰ্জৰিত আক্ৰাছুৰ বঙাইগাঁৱত কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা, সভাপতি মনোজ কুমাৰ ৰায়ক সংগঠনৰ পৰা অব্যাহতি মণিৰাম ৰায় আৰু সঞ্জীৱ কোচক কৰিলে বহিস্কাৰ


দৌ কোচ-ৰাজবংশী ছাত্ৰ সন্থা চমুকৈ আক্ৰাছুৰ কেন্দ্ৰীয় সমিতিৰ ভিতৰচ’ৰাত চলি থকা সাংগঠনিক অন্তঃ কন্দলে অৱশেষত চূড়ান্ত ৰূপ ধাৰণ কৰি এইবাৰ সভাপতি মনোজ কুমাৰ ৰায়কে সংগঠনৰ পৰা অব্যাহতি দিলে ৷ ইয়াৰ পূৰ্বে শনিবাৰে আক্ৰাছুৰ সভাপতি মনোজ কুমাৰ ৰায়ৰ সভাপতিত্বত অনুষ্ঠিত বৰ্ধিত কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাই সংগঠনটোৰ সাধাৰণ সম্পাদক বলোৰাম বৰ্মনক সংগঠনৰ পদবীৰ লগতে প্ৰাথমিক সদস্য পদৰ পৰা বহিস্কাৰ কৰিছিল ৷ এইবাৰ আকৌ সোমবাৰে বঙাইগাঁও চহৰৰ ভাকাৰিভিটাস্থিত আক্ৰাছুৰ কাৰ্যালয়ত কাৰ্যকৰী সভাপতি তাপস সিংহৰ সভাপতিত্বত অনুষ্ঠিত এখন কাৰ্যনিৰ্বাহক সভাই বহিস্কৃত সাধাৰণ সম্পাদ বলোৰাম বৰ্মনৰ সপক্ষে থিয় দি ওলোটাই সংগঠনটোৰ সভাপতি মনোজ কুমাৰ ৰায়কে বহিস্কাৰ কৰি কোচ ৰাজবংশী জনগোষ্ঠীটোৰ জাতীয় সংগঠনটোৰ ভিতৰত চলি থকা অন্তঃ কন্দলৰ চূড়ান্ত ৰূপটো উদঙাই দিয়ে ৷ ইপিনে এই সন্দৰ্ভত সন্ধিয়া ভাকাৰিভিটাস্থিত আক্ৰাছুৰ কাৰ্যালয়ত আয়োজিত এখন সংবাদ মেলত সংগঠনটোৰ সম্পাদক পাৰ্থজ্যোতি বৰাই উল্লেখ কৰে যে ভাকাৰিভিটাস্থিত আক্ৰাছুৰ কাৰ্যালয়ত সোমবাৰে ২৫ খন জিলা সমিতিৰ উপস্থিতিত অনুষ্ঠিত বৰ্ধিত কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাই কেইবাটাও সৰ্বসন্মত গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰে ৷ সেই অনুসৰি সভাই ৩১ অক্টোবৰত বঙাইগাঁৱৰ বৰপাৰাস্থিত মুখ্য কাৰ্যালয়ত মনোজ কুমাৰ ৰায়ৰ আহ্বাত অনুষ্ঠিত হৈ যোৱা কেন্দ্ৰীয় বৰ্ধিত কাৰ্যনিৰ্বাহক সভাখনক অবৈধ ঘোষণা কৰি প্ৰস্তাৱ গ্ৰহণ কৰা হয় ৷ সভাখনত কোনো জিলা সমিতি উপস্থিত নাছিল ৷ বৰং আঞ্চলিক পৰ্যায়ৰ নেতা- কৰ্মীক জিলা পৰ্যায়ৰ বিষয়ববীয়া হিচাপে দেখুৱাই তথা কাৰ্যকৰী হৈ নথকা বিভিন্ন আঞ্চলিকৰ মহিলাসকলক আনি তেওঁলোকে কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰিছিল ৷ লগতে সভাত ২৭ খন জিলা সমিতি উপস্থিত থকা বুলি সম্পূৰ্ণ ভিত্তিহীন আৰু মিছা কথা কোৱা বুলিও কয় ৷ ইয়াৰ বিপৰীতে সোমবাৰে ভাকাৰিভিটাৰ আক্ৰাছুৰ কাৰ্যালয়ত অনুষ্ঠিত বৰ্ধিত কাৰ্যনিৰ্বাহক সভাখনত ২৫ খন জিলা সমিতি উপস্থিত থকাৰ লগতে দুখন জিলা সমিতিৰ বিষয়বীয়াসকল ব্যক্তিগত অসুবিধাৰ বাবে উপস্থিত থাকিব নোৱাৰিলে বুলি উল্লেখ কৰে ৷ সম্পাদক বৰাই সংবাদ মেলত উল্লেখ কৰা মতে বৰ্ধিত কাৰ্যনিৰ্বাহক সভাই আক্ৰাছুৰ সভাপতি মনোজ কুমাৰ ৰায়ক সংগঠনৰ পৰা অব্যাহতি দিয়াৰ লগতে মণিৰাম ৰায় আৰু সঞ্জীৱ কোচক বহিস্কাৰ কৰে আৰু এই সন্দৰ্ভত সৰ্বসন্মত প্ৰস্তাৱ গ্ৰহণ কৰে ৷ ইয়াৰ উপৰিও সভাই ৪ আৰু ৫ ডিচেম্বৰত কোকৰাঝাৰত আক্ৰাছুৰ কেন্দ্ৰীয় অধিৱেশন অনুষ্ঠিত কৰাৰ বাবেও প্ৰস্তাৱ গ্ৰহণ কৰা বুলি জানিবলৈ দিয়ে ৷ উল্লেখ্য যে ৩১ অক্টোৱৰত অনুষ্ঠিত হৈ যোৱা সংগঠনটোৰ কাৰ্যনিৰ্বাহক সভাত সাধাৰণ সম্পাদক বলোৰাম বৰ্মনক বহিস্কাৰ কৰি মণিৰাম ৰায়ক ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক আৰু সঞ্জীৱ কোচক কাৰ্যকৰী সভাপতিৰ দায়িত্ব দিয়া হৈছিল ৷ সোমবাৰৰ কাৰ্যনিৰ্বাহক সভাই দুইগৰাকী নেতাকে সংগঠনৰ পৰা বহিস্কাৰ কৰে ৷ ইপিনে সভাপতি মনোজ কুমাৰ ৰায়ক সংগঠনৰ পৰা অব্যাহতি দিয়া সন্দৰ্ভত সম্পাদক পাৰ্থজ্যোতি বৰাই কয় যে বহুদিনৰ পৰা সভাপতি মনোজ কুমাৰ ৰায়ক কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰাৰ বাবে কৈ অহা হৈছিল যদিও তিনিমাহ উকলি যোৱাৰ পিছতো অনুষ্ঠিত নকৰি পিছহুহুকি আছিল ৷ অৱশেষত কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসকলে সাধাৰণ সম্পাদকক এখন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰাৰ বাবে আহ্বান জনাইছিল ৷ সেই অনুসৰি ১১ অক্টোবৰত কোকৰাঝাৰ ডিমলগাঁৱত কাৰ্যনিৰ্বাহক সভা আহ্বান কৰিছিল আৰু সভাত ২৭ খন জিলা সমিতি উপস্থিত আছিল ৷ কিন্তু সভাৰ প্ৰাকমুহূৰ্তত সভাপতিয়ে সভাখন অবৈধ বুলি ঘোষণা কৰে ৷ আমি সংগঠনটোৰ ভিতৰচ’ৰাত উদ্ভৱ হোৱা অন্ত:কন্দলৰ বিষয়টো ৰাজহুৱা কৰিব বিচৰা নাছিলো আৰু সংগঠনৰ মজিয়াতে সমাধানৰ পোষকতা কৰিছিলো ৷ যাৰ বাবে পুনৰবাৰ ২৪ অক্টোবৰত গুৱাহাটীৰ ৰাণীবাগানত এখন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰা হয় ৷ কিন্তু এই সভাখনকো সভাপতি গৰাকীয়ে অবৈধসবুলি ঘোষণা কৰে ৷ সভাত আমি অধিৱেশনৰ পূৰ্বে কোনেও কাকো বহিস্কাৰ কৰিব নোৱাৰিব বুলি প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল ৷ সভাপতি গৰাকীৰ বিৰুদ্ধেও আমি বহিস্কাৰৰ দৰে ব্যৱস্থা গ্ৰহণ কৰিব বিচৰা নাছিলো ৷ সেইদৰে সাধাৰণ সম্পাদক গৰাকীৰ বিৰুদ্ধে যে সভাপতিয়ে বহিস্কাৰৰ প্ৰস্তাৱ গ্ৰহণ কৰিব আমি ভবা নাছিলো ৷ কিন্তু তেওঁ কোচ ৰাজবংশী বিৰোধী এটা পাকচক্ৰত পৰি সত্তাটোক নিঃ শেষ কৰাৰ যি মানসিকতাৰ লগত মিলি সত্তাটোক আজি বিপথে পৰিচালিত কৰিছে, কোচ ৰাজবংশী ৰাইজক বিভ্ৰান্ত কৰিছে তাৰ বাবে আমি দুখ পাইছো ৷ ৰাইজলৈ আমাৰ আহ্বান এই বিভাজনকাৰী শক্তিটোক প্ৰশ্ৰয় নিদিব ৷ আমি আক্ৰাছুৱে জনগোষ্ঠীটোৰ কাৰণে ৰাজহাড় হিচাপে কাম কৰি আছো আৰু ৰাইজৰ মাগদৰ্শন তথা দিহা পৰামৰ্শলৈ অনাগত দিনটো কাম কৰি যাম ৷ সম্পাদক গৰাকীয়ে লগতে কয় যে যেতিয়া আক্ৰাছুৰ ছয়টাকৈ বিভাজিত গোট একত্ৰিত হৈ বৰ্তমানৰ সমিতিখন গঠন হৈছিল তেতিয়াই প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল যে এবছৰ পিছত অধিৱেশন অনুষ্ঠিত হ’ব ৷ ১০১ জনীয়া কাৰ্যনিৰ্বাহক সমিতিখন এবছৰৰ বাবেহে গঠন কৰা হৈছিল ৷ এবছৰ উকলি গৈ চৰিমাহ পাৰ হ’ল যদিও সভাপতিয়ে সভা আহ্বান কৰা নাছিল ৷ আমি বাৰম্বাৰ সভা অনুষ্ঠিত কৰিবলৈ আহ্বান জনাই আহিছিলো যদিও এটা বিৰোধী চক্ৰৰ পাকচক্ৰত পৰি বিপথে পৰিচালিত হৈ কোচ ৰাজবংশী সত্তাটোকে নিঃ শেষ কৰিব বিচৰা কাৰ্যক আমি একেমুখে ধিক্কাৰ জনাইছো ৷ আনহাতে ভাৰপ্ৰাপ্ত সভাপতি তাপস সিংহই সংবাদ মাধ্যমৰ আগত কয় সভাই আগন্তক অধিৱেশনলৈকে মোক ভাৰপ্ৰাপ্ত সভাপতি হিচাপে দায়িত্ব অৰ্পণ কৰিছে ৷ সভাই লগতে ৩১ অক্টোবৰত মনোজ কুমাৰ ৰায়ৰ সভাপতিত্বত বঙাইগাঁৱৰ আক্ৰাছুৰ বৰপাৰাস্থিত মুখ্য কাৰ্যালয়ত অনুষ্ঠিত কাৰ্যনিৰ্বাহক সভাখনক অবৈধ বুলি ঘোষণা কৰে ৷ কাৰণ সভাত কোনো ২৭ খন জিলা সমিতি উপস্থিত নাছিল ৷ বৰং বঙাইগাঁও জিলাৰ লগতে কিছুমান বহিস্কৃত নেতা, শিক্ষক, বিজেপি আদি কৰ্মী , আঞ্চিলকৰ কৰ্মীহে উস্থিত থকা দেখিবলৈ পাইছো ৷ সেয়ে সভাই উক্ত সভাৰ লগতে সভাত গ্ৰহণ কৰা সাধাৰণ সম্পাদক বলোৰাম বৰ্মনৰ বহিস্কাৰক অবৈধ ঘোষণা কৰে আৰু বলোৰাম বৰ্মনৰ বহিস্কাৰৰ প্ৰস্তাৱ উঠাই লৈ সভাপতি মনোজ কুমাৰ ৰায়কে সংগঠনৰ পৰা অব্যাহতি দিয়ে ৷ লগতে কাৰ্যকৰী সভাপতি মণিৰাম ৰায় আৰু বঙাইগাঁও জিলা আক্ৰাছুৰ মুখ্য উপদেষ্টা সঞ্জীৱ কোচক সংগঠনৰ পৰা বহিস্কাৰ কৰা বুলিও ভাৰপ্ৰাপ্ত সভাপতি গৰাকীয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়ে ৷ গতিকে এনে অৱস্থাত আজি কোচ ৰাজবংশী জনগোষ্ঠীটো সঁচাকৈ বিভ্ৰান্তিত পৰিছে যে জনগোষ্ঠীটোক বাৰে বাৰে লজ্বানত কৰা আক্ৰাছুৰ দৰে জাতীয় সংগঠনৰ সঁঁচাকৈ প্ৰয়োজন আছেনে ? সেইদৰে আক্ৰাছুত বহিস্কাৰৰ খেলখনৰ লগতে বিভাজনৰ খেলখন আৰু কিমানদিনলৈ চলি থাকিব তাকলৈকো চিন্তত হৈ পৰিছে ৷ ইপিনে সভাৰ পিছতে আক্ৰাছুৰ নেতা- কৰ্মীসকলে বিভেদকামী শক্তি হুচিয়াৰ, আক্ৰাছু লংলিভ, আক্ৰাছু বিভাজনকাৰী হুচিয়াৰ আদি ধ্বনি দি কাৰ্যালয় চৌহদ মুখৰিত কৰি তোলে ৷

Related Articles