পুনৰ খৰাঙৰ কবলত পৰিছে ওদালগুৰি জিলাৰ ওৰাং মৌজা ।প্ৰতিদিনে মেঘে ওন্দোলাই আছে যদিও পৰ্যাপ্ত পৰিমাণে বৰষুণ হোবা নাই । ফলত আহাৰৰ প্ৰথমটো সপ্তাহতো মাজবাট ৰাজহ চক্ৰৰ অধীনস্থ ওৰাং মৌজাৰ কৃষক সকলে শালীধানৰ কঠিয়া এতিয়ালৈকে ৰুব পৰা নাই। জলসিঞ্চনৰ ব্যৱস্থা নথকা মৌজাটোৰ কৃষক সকলে অইন বছৰ জেঠৰ শেষ আৰু আহাৰৰ প্ৰথম সপ্তাহত শালিধানৰ কঠিয়া ৰুই বছৰৰ প্ৰথমটো গোজ মাঙ্গলিক অনুষ্ঠানেৰে আৰাম্ভ কৰে যদিও এইবেলি পৰ্যাপ্ত পৰিমাণৰ বৰষুণ নোহোৱাৰ বাবে এই পৰ্যন্ত এমুঠি শালী ধানৰ কঠীয়া ৰুব পৰা নাই কৃষক সকলে ।পুৰ্বতে মেচিনেৰে পানী সিচিঁ কঠিয়া পাৰি শালিধান ৰুবলৈ কৃষক সসকলে মাটি তৈয়াৰ কৰি লৈছিল যদিও বৰষুনৰ অভাবত আজি পৰ্য্যন্ত শালিধান ৰুব পৰা নাই ওৰাং মৌজাৰ কৃষক সকলে। উপায়ন্তৰ হৈ ৭০ মাজবাট বিধান সভা সমষ্টিৰ ওৰাং মৌজাৰ কৃষ্ণক সকলে মূৰে কপালে হাত সাবতি বহি থাকিবলগীয়া হৈছে । কাৰন ৭০ শতাংশ কৃষকে বৰষুন পানীৰে কৃষি কাৰ্য্য সমাপন কৰে ।যদিও এইবেলি বৰষুণৰ অভাবত এই পৰ্য্যন্ত এদৰা মাটি ৰুব পৰা নাই ওৰাং মৌজাৰ কৃষক সকলে । এনেদৰে আৰু এসপ্তাহ যদি ওৰাং মৌজাত বৰষুণ নিদিয়ে তেনেহলে কৃষক সকলক খাদ্য সংকটত পৰাটো নিশ্চিত ।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- মুখ্যমন্ত্ৰীৰ মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ লুৰিণজ্যোতি গগৈৰ…
- দেৰগাঁৱৰ অগ্ৰণী ইংৰাজী মাধ্যমৰ শিক্ষা প্ৰতিষ্ঠান শিশু ভাৰতী হায়াৰ চেকেণ্ডাৰী স্কুলৰ ৪৭তম প্ৰতিষ্ঠা দিৱস সম্পন্ন…
- মহানগৰীৰ খানাপাৰাত নিশা ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত অট’ চালক…
- যোৰহাটৰ মূৰমূৰীয়া চাহ বাগিচাত পত্নী-পুত্ৰই জীৱন্তে জ্বলাই দিলে পালোৱান নামৰ এজন লোকক…
- পদুমনিত কাৰ হেমাহিত বিশুদ্ধ খোৱা পানীৰ সেৱনত বঞ্চিত তিনি শতাধিক পৰিয়াল…
- হাৰিয়ানাৰ কুণ্ডলী-মানেছাৰ-পালৱাল এক্সপ্ৰেছৱে’ত চলন্ত বাছত জুই লাগি ১০জন যাত্ৰীৰ মৃত্যু…
- বঙাইগাঁৱত অটোৰ ওপৰতে বাগৰি পৰিল গছঃ এজনৰ মৃত্যু , আহত আন এজন
- ক্ৰীড়াৰ জড়িয়তে মানব সম্পদ গঢ়াৰ প্ৰচেষ্টা ডঃ অৰ্চনা ভট্টাচাৰ্যৰ
- অসমলৈ সম্প্ৰসাৰণ হ’ল ৰয়েল ৰাজস্থান ফাউণ্ডেচনৰ পিংক প্ৰ’মিছ পদক্ষেপ
- কটন বিশ্ববিদ্যালয়ত আন্তৰ্জাতিক সংগ্ৰহালয় দিৱস উপলক্ষে প্ৰদৰ্শনী