শৈক্ষিক উৎকৰ্ষৰ এক উজ্জ্বল নিদৰ্শন দাঙি ধৰি অসমৰ আগশাৰীৰ শিক্ষানুষ্ঠান তিতাবৰস্থিত প্ৰাগজ্যোতিকা চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ দশম শ্ৰেণীৰ দুগৰাকী মেধাৱী ছাত্ৰী সংগীতা বৰকাকতী আৰু বৰ্ণা বৰাই ৫৩ সংখ্যক ৰাষ্ট্ৰীয় শিশু বিজ্ঞান প্ৰদৰ্শনীলৈ নিৰ্বাচিত হৈ অধ্যয়নৰত বিদ্যালয়, নিজৰ পৰিয়াল তথা অঞ্চলটোৰ লগতে সমগ্ৰ ৰাজ্যলৈ বিৰল গৌৰৱ কঢ়িয়াই আনিছে। অহা ১৪ ডিচেম্বৰৰ পৰা ১৯ ডিচেম্বৰলৈ পুডুচেৰীত অনুষ্ঠিত হ’বলগীয়া এই সন্মানীয় ৰাষ্ট্ৰীয় অনুষ্ঠানত দুয়োগৰাকীয়ে অসমক প্ৰতিনিধিত্ব কৰিব। ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (এনচিইআৰটি) আৰু অন্যান্য আয়োজক কৰ্তৃপক্ষৰ উদ্যোগত অনুষ্ঠিত হ’ব এই প্ৰদৰ্শনী।
এই সাফল্যৰ তাৎপৰ্য অধিক গভীৰ, কাৰণ সমগ্ৰ অসমৰ পৰা মাত্ৰ চাৰিটা দলেহে ৰাষ্ট্ৰীয় পৰ্যায়লৈ উত্তৰণ ঘটাবলৈ সক্ষম হৈছে। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা মুঠ ২০২টা দলে এই ৰাষ্ট্ৰীয় মঞ্চত নিজৰ বৈজ্ঞানিক উদ্ভাৱন, গৱেষণাভিত্তিক প্ৰকল্প আৰু সৃজনশীল চিন্তাধাৰা প্ৰদৰ্শন কৰিব। সংগীতা বৰকাকতী তিতাবৰৰ ন-আলি ঢেকীয়াজুলিৰ বাসিন্দা গোমতী দেৱী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক বিশ্বজিৎ বৰকাকতী আৰু বাহনা মহাবিদ্যালয়ৰ সহযোগী অধ্যাপিকা ড° মৃদুস্মিতা বৰাৰ কন্যা। আনগৰাকী কৃতী ছাত্ৰী বৰ্ণা বৰা গোলাঘাট জিলাৰ কমাৰবন্ধাৰ বাসিন্দা জাণ্টু বৰা আৰু ৰেখামণি বৰাৰ কন্যা। বৈজ্ঞানিক প্ৰতিভা, অদম্য অধ্যৱসায় আৰু শৈক্ষিক দায়বদ্ধতাৰ বাবেই দুয়োগৰাকীয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত এই স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে। এই কৃতিত্বই অগ্ৰণী শিক্ষানুষ্ঠান প্ৰাগজ্যোতিকাৰ শৈক্ষিক পৰিৱেশক নতুন মাত্ৰা প্ৰদান কৰাৰ লগতে তিতাবৰ তথা অসমবাসীৰ বাবে অপাৰ গৌৰৱৰ মুহূৰ্ত সৃষ্টি কৰিছে।
দুয়োগৰাকীৰ এই সাফল্যই নৱ প্ৰজন্মৰ শিক্ষাৰ্থীসকলক বৈজ্ঞানিক অনুসন্ধান, উদ্ভাৱনী চিন্তা আৰু সৃজনশীল অন্বেষণৰ দিশত আগবাঢ়ি যাবলৈ নিশ্চয়কৈ অনুপ্ৰাণিত কৰিব। প্ৰাগজ্যোতিকাৰ সঞ্চালক তথা বিশিষ্ট শিক্ষাবিদ -সাহিত্যিক অচ্যুত দীপ শইকীয়া আৰু অন্যতম সঞ্চালক, শিক্ষাবিদ অপূৰ্ব চন্দ্ৰ ডেকা প্ৰমুখ্যে সমূহ শিক্ষক-শিক্ষয়িত্ৰী আৰু কৰ্মচাৰীয়ে দুয়োগৰাকী কৃতী ছাত্ৰীক আন্তৰিক অভিনন্দন আৰু উজ্জ্বল ভৱিষ্যতৰ বাবে শুভেচ্ছা জনাইছে।

