বৰপেটাৰ ভেল্লাত চলি থকা ৰুবুল ওজা (ভাইটি) ট্ৰফী সদৌ অসম প্ৰাইজমানী নৈশ ফুটবল প্ৰতিযোগিতাত এই অনাকাংক্ষিত, অবাঞ্চিত ঘটনা সংঘটিত হৈছে। খেলত জয়ী হোৱাৰ পিছতো এটি ভুলৰ বাবে পৰাজয় স্বীকাৰ কৰিব লগীয়াৰ দৰে পৰিস্থিতিৰ সৃষ্টি হৈছে। ফুটবল টুৰ্ণামেণ্টৰ নিয়ম ভংগ কৰাৰ অভিযোগত এটা দল আৰু এজন খেলুৱৈক অযোগ্য ঘোষণা কৰিছে খেল আয়ুক্তই।
৩-১ গ’লত জয়ী হোৱাৰ পিছতো টুৰ্ণামেণ্টৰ পৰৱৰ্তী খেলত অংশগ্ৰহণৰ পৰা বঞ্চিত হ’বলগীয়া হৈছে বাইহাটা চাৰিআলিৰ ডেকা ব্ৰাদাৰ্ছ এফ চি। মঙলবাৰে অনুষ্ঠিত তীব্ৰ উত্তেজনাময়ী, তীব্ৰ প্ৰতিদ্বন্দিতামূলক তৃতীয়খন কোৱাৰ্টাৰ ফাইনেল খেলত বাইহাটা চাৰিআলিৰ ডেকা ব্ৰাদাৰ্ছ এফ চিয়ে ভেল্লাৰ কে এফ চি খন্দকাৰপাৰা দলক ৩-১ গ’লৰ ব্যৱধানত পৰাজিত কৰিছিল যদিওঁ অসম ফুটবল সন্থাৰ নিয়ম উলংঘন কৰাৰ অভিযোগত দলটো অযোগ্য বুলি ঘোষিত হবলগীয়া হয়। ডেকা ব্ৰাদাৰ্ছ এফ চিৰ হৈ খেলত অৱতীৰ্ণ শ্বিলঙৰ ৰিছি নইংপিউ নামৰ খেলুৱৈ গৰাকীয়ে ভেল্লাৰ একেখন টুৰ্ণামেণ্টতে ঘোগা স্পৰ্টছ ক্লাৱৰ হৈ ১৬ নম্বৰ জাৰ্চি পৰিধান কৰি খেল খেলিছিল।
ইয়াৰ পিছত বিতৰ্কিত এই খেলুৱৈ গৰাকীয়ে নিজৰ নাম আৰু জাৰ্ছি নম্বৰ সলনি কৰি ১০ নৱেম্বৰত বাইহাটাৰ ডেকা ব্ৰাদাৰ্ছ এফ চিৰ হৈ ৭ নম্বৰ জাৰ্চি পৰিধান কৰি ত়তীয়খন কোৱাৰ্টাৰ খেল খেলে। এটা দলত পঞ্জীয়নভুক্ত হৈ খেলুৱৈ গৰাকীয়ে আন এটা দলৰ হৈ খেলাৰ বিষয়টো বিপৰীত টীমৰ দৃষ্টিগোচৰ হোৱাৰ লগে লগে খেল চলি থকাৰ সময়তে বিপৰীত টীম কে এফ চি খন্দকাৰপাৰা দলৰ মেনেজাৰে খেল আয়ুক্ত আৰু খেল পৰিচালনা সমিতিক আনুষ্ঠানিকভাৱে অভিযোগ দাখিল কৰে। অসম ফুটবল সন্থাৰ নিয়মানুসৰি এজন খেলুৱৈয়ে একেখন প্ৰতিযোগিতাত দুটা দলৰ হৈ খেলিব নোৱাৰে।
এটা দলৰ পঞ্জীয়নভূক্ত খেলুৱৈ হৈ আন এটা দলৰ হৈ খেলিব নোৱাৰে। বিপৰীত দলৰ অভিযোগৰ ভিত্তিত তথ্য-প্ৰমাণ লাভ কৰাত খেল আয়ুক্ত অমৰেন্দ্ৰ চৌধুৰী আৰু ৰেফাৰী ইনচাৰ্জ বিশ্বজিৎ দাসে ফুটবল খেল পৰিচালনা সমিতি, দলটোৰ খেলুৱৈ, মেনেজাৰৰ সৈতে আলোচনা কৰে। খেলুৱৈ ৰিছিৰ লগতে টীম মেনেজাৰে নিজৰ ভুলৰ স্বীকাৰোক্তি দিয়ে। ফলত বাইহাটা চাৰিআলিৰ ডেকা ব্ৰাদাৰ্ছ দলটোক অযোগ্য বুলি ঘোষণা কৰে। AFA ৰ নিষম ভংগ বাবে প্ৰতিযোগিতাখনৰ পৰৱৰ্তী খেলত অংশগ্ৰহণৰ পৰা বঞ্চিত হ’বলগীয়া হয় ডেকা ব্ৰাদাৰ্ছ এফ চিয়ে । এই সিদ্ধান্তৰ পিছত কে এফ চি খন্দকাৰপাৰা দলটো ছেমি ফাইনেললৈ উন্নীত হৈছে বুলি খেল আয়ুক্তই অবগত কৰায়।

