ৰূপাইত অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কুঁহি অনুষ্ঠানঃ কেইবাশতাধিক শিশু-চেমনীয়াৰ মাজত অসম সাহিত্য সভাৰ সভাপতি প্ৰধান সম্পাদক

অসম সাহিত্য সভাৰ উদ্যোগত, তিনিচুকীয়া জিলা সাহিত্য সভাৰ সহযোগত আৰু ৰূপাই শতদল শাখা সাহিত্য সভাৰ আতিথ্যত কেন্দ্ৰীয় কুঁহি অনুষ্ঠান এটি তিনিদিনীয়া কাৰ্য্যসূচীৰে ৰূপাই শাখা সাহিত্য সভাৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা হয়। পুৱা ৯ বজাত অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰে তিনিচুকীয়া জিলা সাহিত্য সভাৰ সভাপতি লম্বেশ্বৰ চেতিয়াই, স্মৃতি তৰ্পণ কৰে আদৰণী সমিতিৰ সভাপতি বেণু বৰাই। সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ প্ৰতিছবিত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে কুঁহিৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি মৃণাল হাজৰিকাই, সংগীত সুধাকৰ জুবিন গাৰ্গৰ প্ৰতিছবিত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ললিত গগৈয়ে আৰু গণশিল্পী ৰাজীৱ শদিয়াৰ প্ৰতিছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ডা:প্ৰণৱজ্যোতি ডেকাই।দিনৰ ১০ বজাৰপৰা অনুষ্ঠিত হোৱা কেন্দ্ৰীয় কুঁহি উদ্বোধনী অনুষ্ঠানটো শুভাৰম্ভ হয় ৰূপাই শিল্পীসকলে পৰিবেশন কৰা চিৰ চেনেহী মোৰ ভাষা জননী গীতেৰে।


উদ্বোধনী সভাখনৰ সভাপতিত্ব কৰে তিনিচুকীয়া জিলা সাহিত্য সভাৰ সভাপতি লম্বেশ্বৰ চেতিয়াই। অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কুঁহি আহ্বায়ক প্ৰশান্ত শইকীয়া আৰু তিনিচুকীয়া জিলা সাহিত্য সভাৰ সম্পাদক অৰূপ কুমাৰ চাংমাইয়ে যুটীয়াভাৱে আঁত ধৰা অনুষ্ঠানটোত অসম সাহিত্য সভাৰ সভাপতি ড০ বসন্ত কুমাৰ গোস্বামী, উপ-সভাপতি পদুম ৰাজখোৱা, প্ৰধান সম্পাদক দেৱজিৎ বৰা, ডুমডুমা বিধান সভা সমষ্টিৰ বিধায়ক ৰূপেশ গোৱালা, অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয়ৰ সম্পাদক ড০ জ্যোতিৰেখা হাজৰিকা, সাংগঠনিক সম্পাদক সুনীল গুৰুঙ, যুৱ সংসদ উপসমিতিৰ আহ্বায়ক গৌতম গগৈ, কেন্দ্ৰীয় প্ৰচাৰ আহ্বায়ক শংকুসিদ্ধ নাথ, চৈয়দ মাৰুফ হুছেইন, স্বৰ্গজ্যোতি চেতিয়া, ড০ ছবি গগৈ, উত্তম কুমাৰ হাজৰিকা, মিণ্টু দাস, তিনিচুকীয়া জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি অৰ্জুন বৰুৱা, মোহন মৰাণ, ডুমডুমা শাখা সাহিত্য সভাৰ বিষয়ববীয়া দেৱেন ডেকা প্ৰমুখ্যে অসম সাহিত্য সভাৰ বিভিন্ন পৰ্যায়ৰ বিষয়ববীয়া, তিনিচুকীয়া জিলা সাহিত্য সভাৰ বিষয়ববীয়াসকল উপস্থিত থাকে।


সভাত আদৰণি ভাষণ প্ৰদান কৰে আদৰণী সমিতিৰ সভাপতি বেণু বৰাই। সভাত ৰূপাই ৰূপৰেখা আৰু মৌ-কোঁহ শিশু আলোচনী উন্মোচন কৰে অসম সাহিত্য সভাৰ সভাপতি ড০ বসন্ত কুমাৰ গোস্বামীয়ে । স্মৃতিগ্ৰন্থ প্ৰজ্বলিত প্ৰজ্ঞা উন্মোচন কৰে অসম সাহিত্য সভাৰ উপ-সভাপতি পদুম ৰাজখোৱাই। দিনৰ ১২ বজাৰপৰা আৰম্ভ হোৱা কেন্দ্ৰীয় কুঁহি অনুষ্ঠানত উজনি অসমৰ বহুকেইখন জিলাৰ পৰা অহা শিশুশিল্পীসকলে অংশ গ্ৰহণ কৰি অনুষ্ঠানটো জীপাল কৰি তোলে।।

Related Articles