সমগ্ৰ দেশৰ লগতে আজি আমিনগাঁৱতো উদযাপন কৰা হয় “ৰাষ্ট্ৰীয় প্ৰেছ দিৱস”।
কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগত আৰু জিলা তথ্য আৰু জনসংযোগ বিভাগৰ সহযোগত উদযাপন কৰা হয় এই ৰাষ্ট্ৰীয় প্ৰেছ দিৱস।
আমিনগাঁৱস্থিত গুৱাহাটী বায়োটেক পাৰ্কৰ সভাগৃহত অনুষ্ঠিত কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৰাজ্যৰ জেষ্ঠ সাংবাদিক গৌতম শৰ্মা।
কিন্তু প্ৰেছ দিৱসৰ দিনটোত অসমৰ সাংবাদিক সকলৰ অৱস্থা দেখি উদ্বিগ্ন ৰাজ্যৰ জ্যেষ্ঠ সাংবাদিকগৰাকী।
সাংবাদিকৰ অৱস্থা এতিয়া এনৰেগা শ্ৰমিকতকৈও দুখ লগা।
অসমৰ ৮০/৯০ শতাংশ সাংবাদিকৰে দৰমহা অতি বেয়া।
দৰমহা বেয়া হ’লে পেটত গামোচা বান্ধি কেনেদৰে সাংবাদিকতা কৰিব বুলি প্ৰশ্ন উত্থাপন কৰে জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে।
এনে অৱস্থাৰ অবসান বিচাৰি, চৰকাৰ আৰু ৰাইজে সাংবাদিক সকলক যদি সহায় নকৰে, তেন্তে সুস্থ আৰু শক্তিশালী সাংবাদিকতা আশা কৰাতো অসম্ভৱ।
এতেকে, প্ৰেছ দিৱসৰ দিনটোত সাংবাদিক সকলৰ অৱস্থাক লৈ চিন্তিত হৈ পৰে ৰাজ্যৰ জ্যেষ্ঠ সাংবাদিক গৌতম শৰ্মা।
কামৰূপৰ জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰৰ আদৰণি ভাষণেৰে আৰম্ভ হোৱা অনুষ্ঠানত জিলা খনৰ দুই শতাধিক সাংবাদিক উপস্থিত থাকে।

