এয়াৰটেলৰ গ্ৰাহকৰ বাবে ৩০ হাজাৰ টকাতকৈ অধিক মূল্যৰ বিশেষ সুবিধা, ‘এয়াৰটেল ইনছাইডাৰ’ত আকৰ্ষণীয় অফাৰ

এয়াৰটেলৰ গ্ৰাহকৰ বাবে ৩০ হাজাৰ টকাতকৈ অধিক মূল্যৰ বিশেষ সুবিধা, ‘এয়াৰটেল ইনছাইডাৰ’ত আকৰ্ষণীয় অফাৰ

শ্বপিং, ভ্ৰমণ, খাদ্য, মনোৰঞ্জন আৰু প্ৰিমিয়াম ছাবস্ক্ৰিপচনকে ধৰি আগশাৰীৰ ব্ৰেণ্ডৰ বিভিন্ন বিশেষ সুবিধা লাভ কৰিব গ্ৰাহকে।

এয়াৰটেলৰ গ্ৰাহকসকলৰ বাবে সুখবৰ। উন্নত সংযোগ সেৱাৰ সমান্তৰালভাৱে এইবাৰ গ্ৰাহকসকলক ৩০ হাজাৰ টকাতকৈ অধিক মূল্যৰ বিশেষ সুবিধা আগবঢ়াইছে এয়াৰটেলে। ‘এয়াৰটেল ইনছাইডাৰ’ নামৰ বিশেষ প্লেটফৰ্মৰ জৰিয়তে গ্ৰাহকসকলে শ্বপিং, ভ্ৰমণ, খাদ্য, মনোৰঞ্জন আৰু প্ৰিমিয়াম ছাবস্ক্ৰিপচনকে ধৰি বিভিন্ন ক্ষেত্ৰত আগশাৰীৰ ব্ৰেণ্ডৰ আকৰ্ষণীয় অফাৰ লাভ কৰিব পাৰিব।

এয়াৰটেল ইনছাইডাৰৰ জৰিয়তে গ্ৰাহকসকলে নিজৰ পছন্দ আৰু প্ৰয়োজন অনুসৰি বিভিন্ন সুবিধা উপভোগ কৰাৰ সুযোগ লাভ কৰিব। ইয়াৰ ভিতৰত আছে ডুঅ’লিংগোৰ ১২ মাহৰ ছুপাৰ ছাবস্ক্ৰিপচন, ক্ৰ’মা আৰু এপ’লৰ জৰিয়তে নিৰ্বাচিত আইফোনৰ মডেলত ২৩ হাজাৰ টকা পৰ্যন্ত ৰেহাই, পকেট এফ এম প্ৰিমিয়ামৰ তিনিমহীয়া ছাবস্ক্ৰিপচন আৰু চিনেপলিছৰ বিশেষ চিনেমাৰ টিকটৰ অফাৰ।

চিনেপলিছত দুটা চিনেমাৰ টিকট ক্ৰয় কৰিলে এটা টিকট বিনামূলীয়াকৈ লাভ কৰাৰ সুবিধা থাকিব। অৱশ্যে এইক্ষেত্ৰত সৰ্বাধিক ১৫০ টকা পৰ্যন্ত ৰেহাই উপলব্ধ হ’ব। আনহাতে, ১,৫০০ টকা বা তাতকৈ অধিক মূল্যৰ খাদ্য আৰু পানীয়ৰ অৰ্ডাৰত ৩০০ টকাৰ ৰেহাই লাভ কৰিব পাৰিব এয়াৰটেলৰ প’ষ্টপেইড গ্ৰাহকে। ইয়াৰ উপৰি এপ’ল’ ২৪x৭ৰ জৰিয়তে এপ’ল’ চাৰ্কলৰ ছমহীয়া সদস্যপদৰ সুবিধাও আগবঢ়োৱা হৈছে।

এয়াৰটেলৰ মতে, এই সকলোবোৰ অফাৰ ব্যৱহাৰ কৰিলে গ্ৰাহকে ৩০ হাজাৰ টকাতকৈ অধিক মূল্যৰ সুবিধা লাভ কৰিব পাৰিব। নতুন ভাষা শিকা, ইলেক্ট্ৰনিক সামগ্ৰী ক্ৰয় কৰা, চিনেমা উপভোগ কৰা অথবা খাদ্য গ্ৰহণৰ ক্ষেত্ৰত এই অফাৰসমূহে গ্ৰাহকক অতিৰিক্ত সুবিধা প্ৰদান কৰিব।

যোগ্য এয়াৰটেল মোবাইল আৰু এয়াৰটেল হোম গ্ৰাহকসকলে এয়াৰটেল এপ খুলি ‘এয়াৰটেল ইনছাইডাৰ’ শাখালৈ গৈ উপলব্ধ অফাৰসমূহৰ বিষয়ে জানিব পাৰিব। নিজৰ পছন্দৰ অফাৰ নিৰ্বাচন কৰি সংশ্লিষ্ট চৰ্তাৱলী আৰু যোগ্যতা অনুসৰি এই সুবিধাসমূহ লাভ কৰিব পাৰিব গ্ৰাহকে।

উল্লেখ্য যে, এয়াৰটেল ইনছাইডাৰে ইয়াৰ পূৰ্বেও লিংকডইন প্ৰিমিয়াম, ইজিডাইনাৰ আৰু মেকমাইট্ৰিপৰ দৰে আগশাৰীৰ প্ৰতিষ্ঠানৰ সৈতে অংশীদাৰিত্বৰে গ্ৰাহকক বিভিন্ন বিশেষ সুবিধা আগবঢ়াই আহিছে। আগন্তুক দিনত এই প্লেটফৰ্মত নতুন নতুন ব্ৰেণ্ড আৰু অফাৰ সংযোজনৰ পৰিকল্পনাও কৰিছে প্ৰতিষ্ঠানটোৱে।

এয়াৰটেলৰ এই পদক্ষেপৰ লক্ষ্য হৈছে গ্ৰাহকৰ সৈতে থকা সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ লগতে কেৱল টেলিকম সেৱাতে সীমাবদ্ধ নাৰাখি দৈনন্দিন জীৱনৰ বিভিন্ন ক্ষেত্ৰত গ্ৰাহকক অতিৰিক্ত লাভালাভ প্ৰদান কৰা। অফাৰসমূহ সংশ্লিষ্ট চৰ্তাৱলী আৰু যোগ্যতাৰ ওপৰত নিৰ্ভৰশীল।

Related Articles