Writing
দুলীয়াজানৰ তিনিগৰাকী হত্যাকাণ্ডক লৈ চাঞ্চল্য : ভাড়াতীয়া ৰাজু দাসক লৈ সন্দেহৰ আঙুলি
চিচিটিভিৰ দৃশ্য আৰু প্ৰত্যক্ষদৰ্শীৰ ভাষ্যক লৈ ৰহস্য ঘনীভূত, আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব প্ৰকৃত সত্য

দুলীয়াজানৰ কমলাবাৰীত সংঘটিত অইল ইণ্ডিয়া লিমিটেডৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী চন্দ্ৰকান্ত ভুঞা, তেওঁৰ পত্নী এলিজা ভুঞা আৰু কন্যা নিহাৰিকা ভুঞাৰ নৃশংস হত্যাকাণ্ডই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। একেটা পৰিয়ালৰ তিনিগৰাকী সদস্যৰ হত্যাকাণ্ডৰ তদন্ত আগবঢ়াৰ লগে লগে পোহৰলৈ আহিছে কেতবোৰ নতুন তথ্য। বিশেষকৈ পৰিয়ালটোৰ ঘৰত ভাড়াতীয়া হিচাপে থকা ৰাজু দাস নামৰ এজন যুৱকক লৈ আত্মীয়-স্বজন আৰু স্থানীয় লোকৰ মাজত সন্দেহৰ সৃষ্টি হৈছে।
আত্মীয়-স্বজন আৰু ওচৰ-চুবুৰীয়াৰ ভাষ্য অনুসৰি, ঘটনাৰ দিনা ছট্ পূজাৰ প্ৰসাদ দিবলৈ এগৰাকী মহিলা ভুঞা পৰিয়ালটোৰ ঘৰলৈ যোৱাৰ সময়ত ৰাজু দাস আৰু আন এজন ব্যক্তিক ঘৰৰ পৰা ওলাই অহা দেখিছিল। প্ৰত্যক্ষদৰ্শীগৰাকীৰ ভাষ্য অনুসৰি, সেই সময়ত তেওঁলোকক ঘৰটোত কোনো লোক নথকাৰ কথা কোৱা হৈছিল।
আনহাতে, ৰাজু দাসৰ দুই ভগ্নীয়ে চিচিটিভিৰ দৃশ্য পৰীক্ষা কৰি তাত দেখা ব্যক্তিগৰাকী ৰাজু দাস হ’ব পাৰে বুলি সন্দেহ প্ৰকাশ কৰা বুলি আত্মীয়-স্বজনৰ সূত্ৰে জানিব পৰা গৈছে। অৱশ্যে চিচিটিভিৰ দৃশ্যত দেখা ব্যক্তিগৰাকীৰ পৰিচয় এতিয়ালৈকে আৰক্ষীয়ে আনুষ্ঠানিকভাৱে নিশ্চিত কৰা নাই।
ইফালে, স্থানীয় লোকৰ ভাষ্য অনুসৰি, প্ৰায় পাঁচ বছৰ পূৰ্বে ৰাজু দাসৰ বিৰুদ্ধে অপহৰণৰ এটা গোচৰ ৰুজু হৈছিল আৰু সেই গোচৰত তেওঁ কাৰাবাস খাটিবলগীয়া হৈছিল। অৱশ্যে পূৰ্বৰ গোচৰটোৰ সৈতে বৰ্তমানৰ হত্যাকাণ্ডৰ কোনো সম্পৰ্ক আছে নে নাই, সেয়া এতিয়াও স্পষ্ট হোৱা নাই।
আন এক গুৰুত্বপূৰ্ণ তথ্য অনুসৰি, বৰ্তমান ৰাজু দাসৰ ম’বাইল ফোন বন্ধ হৈ আছে আৰু তেওঁ নিজ গৃহতো উপস্থিত নাই বুলি স্থানীয় লোকে জানিবলৈ দিছে। আৰক্ষীয়ে তেওঁৰ সন্ধানত ঘৰলৈ গৈছিল বুলিও জানিব পৰা গৈছে। অৱশ্যে এই সন্দৰ্ভত আৰক্ষীৰ আনুষ্ঠানিক বক্তব্য এতিয়াও জানিব পৰা হোৱা নাই।

উল্লেখ্য যে, হত্যাকাণ্ডৰ খবৰ লাভ কৰাৰ পিছতে আৰক্ষীৰ উচ্চপদস্থ বিষয়াসকল ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। ফৰেনছিকৰ দুটাকৈ দলে নিশা প্ৰায় দুই বজালৈকে ঘটনাস্থলীত সূক্ষ্ম পৰীক্ষা-নিৰীক্ষা চলাই বিভিন্ন নমুনা আৰু গুৰুত্বপূৰ্ণ প্ৰমাণ সংগ্ৰহ কৰে।
বৰ্তমানো ঘটনাস্থলীত স্নিফাৰ ডগসহ আৰক্ষীৰ অনুসন্ধানকাৰী দল উপস্থিত থাকি বিভিন্ন দিশ পৰ্যবেক্ষণ কৰি আছে। সংগৃহীত প্ৰমাণ, চিচিটিভিৰ দৃশ্য আৰু প্ৰত্যক্ষদৰ্শীৰ ভাষ্যৰ ভিত্তিত হত্যাকাণ্ডৰ প্ৰকৃত ৰহস্য উদঘাটনৰ বাবে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

কোনে, কিয় আৰু কি উদ্দেশ্যেৰে সংঘটিত কৰিলে এই জঘন্য হত্যাকাণ্ড? ইয়াৰ আঁৰত আন কোনো লোকৰ সহযোগিতা আছে নেকি? এই সকলো প্ৰশ্নৰ উত্তৰ এতিয়াও ৰহস্যৰ আৱৰ্তত। আৰক্ষীৰ তদন্ত সম্পূৰ্ণ হোৱাৰ পিছতহে পোহৰলৈ আহিব হত্যাকাণ্ডৰ প্ৰকৃত কাৰণ আৰু জড়িত ব্যক্তিসকলৰ পৰিচয়।

এতিয়া সমগ্ৰ দুলীয়াজানবাসীৰ এটাই দাবী—নিৰপেক্ষ আৰু ক্ষিপ্ৰ তদন্তৰ জৰিয়তে হত্যাকাণ্ডৰ প্ৰকৃত ৰহস্য উদঘাটন কৰি দোষীক চিনাক্ত কৰাৰ লগতে আইনৰ অধীনত কঠোৰ শাস্তি প্ৰদান কৰা হওক।

