Writing

দুলীয়াজানৰ কমলাবাৰীত সংঘটিত তিনিগৰাকী সদস্যৰ নৃশংস হত্যাকাণ্ডৰ তদন্তত পোহৰলৈ আহিছে আন এক চাঞ্চল্যকৰ তথ্য। প্ৰাথমিক তদন্ত অনুসৰি, অনলাইন গেমিঙত ধন হেৰুৱাই বৃহৎ পৰিমাণৰ ঋণত পোত গৈছিল হত্যাকাণ্ডৰ দুই অভিযুক্ত ৰাজু দাস আৰু আমিৰ। সেই ঋণ পৰিশোধৰ বাবেই OILৰ অৱসৰপ্ৰাপ্ত বিষয়া চন্দ্ৰকান্ত ভূঞাৰ ঘৰত ডকাইতিৰ পৰিকল্পনা কৰিছিল দুই অভিযুক্তই বুলি সন্দেহ প্ৰকাশ কৰিছে তদন্তকাৰী আৰক্ষীয়ে।
উল্লেখ্য যে, দুলীয়াজানৰ কমলাবাৰীত ৰাজু আৰু আমিৰৰ আক্ৰমণত প্ৰাণ হেৰুৱাইছিল চন্দ্ৰকান্ত ভূঞা, তেওঁৰ পত্নী এলিজা ভূঞা আৰু ২৬ বছৰীয়া কন্যা নীহাৰিকা ভূঞাই। এটা পৰিয়ালৰ তিনিগৰাকী সদস্যক এনেদৰে নৃশংসভাৱে হত্যা কৰা ঘটনাই সমগ্ৰ ৰাজ্যতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছিল।
সোমবাৰে সন্ধিয়া প্ৰায় ৭ বজাত পোহৰলৈ আহিছিল এই ভয়ংকৰ হত্যাকাণ্ডৰ ঘটনা। ঘৰৰ ভিতৰৰ তিনিটা পৃথক কোঠাৰ পৰা উদ্ধাৰ হৈছিল তিনিওগৰাকী সদস্যৰ মৃতদেহ। পাকঘৰত উদ্ধাৰ হৈছিল এলিজা ভূঞাৰ মৃতদেহ। তেওঁৰ কাষতে পৰি আছিল আধাখোৱা চাহৰ কাপ আৰু মজিয়াত সিঁচৰতি হৈ আছিল বিস্কুট। এই দৃশ্যৰ পৰা চাহ খাই থকা অৱস্থাতে তেওঁক আক্ৰমণ কৰাৰ সন্দেহ কৰা হৈছে।
আনহাতে, ড্ৰয়িং ৰূমত উদ্ধাৰ হৈছিল চন্দ্ৰকান্ত ভূঞাৰ মৃতদেহ আৰু শোৱনি কোঠাত উদ্ধাৰ হৈছিল কন্যা নীহাৰিকা ভূঞাৰ মৃতদেহ। তিনিওগৰাকীৰ মূৰত গুৰুতৰ আঘাতৰ চিন পোৱা গৈছিল।
জানিব পৰা মতে, চন্দ্ৰকান্ত ভূঞাৰ ঘৰলৈ ষট্ পূজাৰ প্ৰসাদ দিবলৈ আহিছিল এগৰাকী ভাৰাতীয়া। কলিং বেল বজোৱাৰ পাছতো ভিতৰৰ পৰা কোনো সঁহাৰি নোপোৱাত সন্দেহ ওপজে তেওঁলোকৰ। পৰৱৰ্তী সময়ত আৰক্ষীক খবৰ দিয়ে ভাৰাতীয়া পৰিয়ালটোৱে। ঘৰৰ দুৱাৰ ভিতৰৰ পৰা বন্ধ হৈ থকাত আৰক্ষীয়ে দুৱাৰ ভাঙি ভিতৰত প্ৰৱেশ কৰে আৰু তেতিয়াই উদ্ধাৰ হয় তিনিওগৰাকী সদস্যৰ মৃতদেহ।
ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে এডাল লোহাৰ ৰড আৰু এখন দা উদ্ধাৰ কৰিছিল। লগতে ঘৰৰ CCTV কেমেৰাও বিকল হৈ থকা বুলি জানিব পৰা গৈছে।
আৰক্ষীৰ প্ৰাথমিক তদন্তত প্ৰকাশ পোৱা মতে, দুই অভিযুক্ত ৰাজু দাস আৰু আমিৰে ঘৰত প্ৰৱেশ কৰিয়েই প্ৰথমে চন্দ্ৰকান্ত ভূঞাক আক্ৰমণ কৰিছিল বুলি সন্দেহ কৰা হৈছে। তাৰ পাছত পাকঘৰত এলিজা ভূঞা আৰু শোৱনি কোঠাত নীহাৰিকা ভূঞাক আক্ৰমণ কৰাৰ তথ্য পোহৰলৈ আহিছে।

আন এক গুৰুত্বপূৰ্ণ তথ্য অনুসৰি, ৰাজু দাসে পূৰ্বে চন্দ্ৰকান্ত ভূঞাৰ পৰা ধন ধাৰে লৈছিল বুলি জানিব পৰা গৈছে। অনলাইন গেমিঙত ধন হেৰুৱাই ৰাজু আৰু আমিৰ ঋণগ্ৰস্ত হৈ পৰাৰ পাছত সেই ধন পৰিশোধৰ বাবে চন্দ্ৰকান্ত ভূঞাৰ ঘৰত ডকাইতিৰ পৰিকল্পনা কৰিছিল বুলি আৰক্ষীৰ প্ৰাথমিক তদন্তত সন্দেহ কৰা হৈছে। অৱশ্যে হত্যাকাণ্ডৰ প্ৰকৃত উদ্দেশ্য আৰু ঘটনাৰ সম্পূৰ্ণ ক্ৰম এতিয়াও তদন্তৰ আওতাত আছে।

ইফালে, বৃহস্পতিবাৰে নগাঁৱৰ পৰা দুলীয়াজানৰ কমলাবাৰীৰ ঘৰলৈ আহিছিল ভূঞা পৰিয়ালটো। কন্যা নীহাৰিকা নগাঁৱত অধ্যয়নৰত আছিল। প্ৰায় ৪১ বছৰ পূৰ্বে কৰ্মসংস্থাপনৰ সন্ধানত ঘৰৰ পৰা ওলাই অহা চন্দ্ৰকান্ত ভূঞাৰ চৰাইদেউৰ মাহমৰাস্থিত পৈতৃক গৃহত এতিয়া বিৰাজ কৰিছে শোকাকুল পৰিৱেশ।
উল্লেখ্য যে, হত্যাকাণ্ড সংঘটিত কৰি পলায়নৰ চেষ্টা চলোৱাৰ সময়তে অৱধ আছাম এক্সপ্ৰেছৰ পৰা শিমলুগুৰি ৰে’লৱে ষ্টেচনত সোণাৰি আৰু মৰাণ আৰক্ষীৰ সহযোগত গ্ৰেপ্তাৰ কৰা হৈছিল দুই অভিযুক্তক। বৰ্তমান আৰক্ষীয়ে দুয়োকে জেৰা অব্যাহত ৰাখিছে।
অনলাইন গেমিঙৰ নিচা, ঋণৰ বোজা আৰু ধন পৰিশোধৰ পৰিকল্পনাই অৱশেষত এটা পৰিয়ালৰ তিনিগৰাকী নিৰীহ লোকৰ প্ৰাণ কাঢ়ি নিলে নেকি? এই সমগ্ৰ ঘটনাৰ আঁৰৰ প্ৰকৃত ৰহস্য উদ্ঘাটনৰ বাবে আৰক্ষীৰ তদন্ত অব্যাহত আছে।

