তেজপুৰত আনুষ্ঠানিকভাৱে শুভ উন্মোচন ৰাজতিলক থিয়েটাৰৰ। তেজপুৰ চাৰিআলি ভলিবল প্ৰশিক্ষণ কেন্দ্ৰৰ সাহায্যাৰ্থে বিশেষ উদ্যোগ। তেজপুৰৰ মাজমজিয়াত অৱস্থিত ত্যাগবীৰ হেমবৰুৱা সভাকক্ষত আনুষ্ঠানিকভাৱে শুভ উন্মোচন কৰা হয় ৰাজতিলক থিয়েটাৰৰ। এই উপলক্ষে উপস্থিত থাকে নাট্যকাৰ, শিল্পী তথা অভিনেত্ৰী অনন্যা কাশ্যপ আৰু সহ-প্ৰযোজক অনুপ দাসৰ লগতে আহ্বায়ক সমিতিৰ বিষয়ববীয়াসকল।
অনুষ্ঠানৰ আৰম্ভণিতে প্ৰাণৰ শিল্পী, হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। লগতে উপস্থিত শিল্পীসকলক একোখনকৈ অসমীয়া ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়। আজিৰ এই অনুষ্ঠানত মুঠ পাঁচখনকৈ নাটকৰ শুভ উন্মোচন কৰা হয়। অহা ২০২৭ বৰ্ষৰ ১৬, ১৭ আৰু ১৮ তাৰিখে নাট্য প্ৰদৰ্শনীৰ বাবে প্ৰস্তুতি চলোৱা হৈছে। তেজপুৰ কলেজিয়েট হাইস্কুল খেলপথাৰত এই নাট্য প্ৰদৰ্শনী অনুষ্ঠিত হ’ব বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে তেজপুৰ চাৰিআলি ভলিবল প্ৰশিক্ষণ কেন্দ্ৰৰ সাহায্যাৰ্থে গ্ৰহণ কৰা হৈছে এই বিশেষ পদক্ষেপ।

