অসমৰ ৰাজপথত প্ৰথমবাৰলৈ দুমহলীয়া বাছ।
মাজুলীৰ পৰ্যটন ক্ষেত্ৰৰ বাবে এয়া সু-খবৰ।
দেশী-বিদেশী পৰ্যটকৰ সুবিধাৰ্থে আহি গ’ল অত্যাধুনিক দুমহলীয়া বাছ।
পঞ্জাৱৰ জলন্ধৰৰ পৰা অহা দুমহলীয়া অত্যাধুনিক বাছখন মাজুলী লৈ ৰাওনা।
গুৱাহাটীৰ পৰা নগাঁও হৈ মাজুলীলৈ ৰাওনা হৈছে ‘পুষ্পক’ নামৰ দুমহলীয়া বাছখন।
মাজুলীৰ ৰাসত এইবাৰ আকৰ্ষণ হ’ব এই দুমহলীয়া অত্যাধুনিক বাছখন।
শ্ৰীশ্ৰী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ পীতাম্বৰ দেৱ গোস্বামীৰ প্ৰচেষ্টাত পঞ্জাবৰ পৰা অনা হৈছে বিশেষ বাছখন।

