অসমৰ প্ৰাচীন ভূমিপুত্ৰ চুতীয়া জনগোষ্ঠীৰ ঐক্য, স্বাভিমান আৰু সেৱাৰ মন্ত্ৰৰে আগবঢ়া শক্তিশালী জাতীয় সংগঠন ‘কুণ্ডিল সেনা, অসম’ৰ নৱম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস অহা ৮ আৰু ৯ ডিচেম্বৰত দুদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে যোৰহাট জিলাৰ পশ্চিম যোৰহাট ক্ৰীড়া সন্থাৰ খেলপথাৰৰ বীৰাংগনা সাধনী ক্ষেত্ৰত অনুষ্ঠিত কৰিবলৈ ব্যাপক প্ৰস্তুতি চলিছে। ইতিমধ্যে ‘কুণ্ডিল সেনা অসম’ৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰাজ বাঢ়ৈ বৰা চুতীয়া, কাৰ্যকৰী সভাপতি নৰেন বৰা চুতীয়া, মুখ্য সচিব সুভাষ শইকীয়া চুতীয়া, মুখ্য সাংগঠনিক সচিব ৰাজীৱ চুতীয়া, প্ৰচাৰ সচিব জগত নেওগ চুতীয়া, যোৰহাট জিলা সমিতিৰ সভাপতি বিতুপন বৰুৱা চুতীয়া, কাৰ্যকৰী সভাপতি পৰাগ কুমাৰ বৰা চুতীয়া, মুখ্য সচিব ধ্ৰুৱশেখৰ বৰা চুতীয়াসহ বহু বিষয়ববীয়া আৰু কৰ্মীৰ উপস্থিতিত ৰাজেন বৰা চুতীয়াক সভাপতি, সত্যম গন্ধীয়া চুতীয়াক কাৰ্যকৰী সভাপতি, ৰাজ বাঢ়ৈ বৰা চুতীয়াক সাধাৰণ সম্পাদক হিচাপে লৈ সাংস্কৃতিক, প্ৰতিযোগিতা, অভ্যৰ্থনা, মঞ্চ-মণ্ডপ-তোৰণ আদি কেইবাখনো উপ-সমিতিসহ এখন শক্তিশালী অভ্যৰ্থনা সমিতি গঠন কৰি কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ প্ৰস্তুতি তুংগত কৰি তুলিছে।

‘কুণ্ডিল সেনা অসম’ৰ যোৰহাট জিলা সমিতিৰ অন্তৰ্গত প্ৰতিখন জিলা আৰু আঞ্চলিক সমিতিসমূহৰ লগতে চুতীয়া জনগোষ্ঠীৰ লোকসকলৰ মাজত প্ৰতিষ্ঠা দিৱস সুন্দৰ আৰু স্মৰণীয় কৰি তুলিবলৈ ব্যাপক চৰ্চা চলিছে। সকলোৰে মুখত এটাই প্ৰত্যয়- এইবাৰৰ প্ৰতিষ্ঠা দিৱস হ’ব অতীতৰ সকলো অভিলেখ ভংগ কৰা এক ঐতিহাসিক মিলন। ‘কুণ্ডিল সেনা অসম’ৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি তথা অভ্যৰ্থনা সমিতিৰ সাধাৰণ সম্পাদক ৰাজ বাঢ়ৈ বৰা চুতীয়াই জানিবলৈ দিয়া মতে, অহা ৮ ডিচেম্বৰৰ পুৱা ৮ বজাত কুণ্ডিল সেনা অসমৰ পতাকা উত্তোলনেৰে দুদিনীয়া কাৰ্যসূচীৰ শুভাৰম্ভ হ’ব। পুৱা ৮.৩০ বজাত অসম সেনাৰ মুখ্য আহ্বায়ক বিজয় শংকৰ বৰদলৈয়ে মূল তোৰণ উন্মোচন কৰাৰ পিছত পুৱা ৯ বজাত ‘কুণ্ডিল সেনা অসম’ৰ মুখ্য সচিব সুভাষ শইকীয়া চুতীয়াই স্মৃতি তৰ্পণ কৰিব। পুৱা ১০ বজাত গছপুলি ৰোপণ, ১০.৩০ বজাত বিশিষ্ট সমাজ সেৱক অৰুণ শইকীয়াৰ দ্বাৰা মঞ্চ উদ্বোধন হোৱাৰ পিছত দিনৰ ১১ বজাৰ পৰা আৰম্ভ হ’ব অসমীয়া গীতৰ আধাৰত সৃষ্টিশীল নৃত্য প্ৰতিযোগিতা। ‘ক’ শাখাত নিম্ন শ্ৰেণীৰ পৰা ষষ্ঠ শ্ৰেণীলৈ আৰু ‘খ’ শাখাত সপ্তম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ অনুষ্ঠিত হ’বলগীয়া এই প্ৰতিযোগিতা উদ্বোধন কৰিব বিশিষ্ট সমাজ সেৱক সিদ্ধাৰ্থ বৰুৱাই। বিয়লি ২ বজাত প্ৰতিনিধি নাম পঞ্জীয়ন, ২.৩০ বজাত কুণ্ডিল সেনা অসমৰ উপদেষ্টা জিতেন শইকীয়াই প্ৰতিনিধি সভা উদ্বোধন কৰিব আৰু বিয়লি ৩ বজাৰ পৰা প্ৰতিনিধি সভা অনুষ্ঠিত হ’ব। সন্ধ্যা ৫ বজাত উদযাপন সমিতিৰ সভাপতি ৰাজেন বৰা চুতীয়াই বস্তি প্ৰজ্বলন আৰু সন্ধিয়া ৬ বজাত বিশিষ্ট সমাজকৰ্মী শান্তনু পূজাৰীয়ে উদ্বোধন কৰিব লগা সাংস্কৃতিক অনুষ্ঠানেৰে প্ৰথম দিনৰ কাৰ্যসূচীৰ সামৰণি পৰিব।
দ্বিতীয় দিনা অৰ্থাৎ ৯ ডিচেম্বৰৰ পুৱা ৯ বজাত পৰিৱেশ নিকাকৰণ, পুৱা ১০ বজাত বাৰেবৰণীয়া জনগোষ্ঠীয় সাংস্কৃতিক অনুষ্ঠান প্ৰদৰ্শন হ’ব। দিনৰ ১ বজাৰ পৰা অনুষ্ঠিত হ’ব লগা মুকলি সভা আৰু বঁটা প্ৰদান অনুষ্ঠানত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকিব যোৰহাট মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সৌমিত্ৰ পূজাৰী। উল্লেখ্য যে এইবাৰৰ প্ৰতিষ্ঠা দিৱসত অসমৰ মহিলা সৱলীকৰণৰ অগ্ৰণী নেত্ৰী, সুলেখিকা, সমাজসেৱিকা সুমিত্ৰা হাজৰিকাক ‘বীৰাংগনা সাধনী বঁটা’ আৰু ধেমাজিৰ যুৱ নেতা, সমাজকৰ্মী নন্দগিৰি ভূঞাক সৌৰৱশিখা সমন্বয় বঁটা প্ৰদান কৰিব। আনহাতে সভাত অসমৰ প্ৰাচীন ভূমিপুত্ৰ চুতীয়া জনগোষ্ঠীৰ সন্তান হিচাপে সংবাদ আৰু সাহিত্যৰ ক্ষেত্ৰখনলৈ নিৰৱে সেৱা আগবঢ়ায় অহা গুৱাহাটীৰ ‘দৈনন্দিন বাৰ্তা’ কাকতৰ কাৰ্যবাহী সম্পাদক ডিম্পুল চুতীয়া, সংবাদ আৰু সাহিত্যৰ ক্ষেত্ৰখনত গ্ৰাম্য সমাজৰ প্ৰতিচ্ছৱি সফল উপস্থাপনেৰে সেৱা আগবঢ়ায় অহা তিতাবৰৰ লেখক-সাংবাদিক প্ৰসেনজিৎ ৰাজখোৱাক ‘কুণ্ডিল বিশেষ সন্মান’ প্ৰদান কৰা হ’ব বুলি ‘কুণ্ডিল সেনা অসম’ৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰাজ বাঢ়ৈ বৰা চুতীয়া, কাৰ্যকৰী সভাপতি নৰেন বৰা চুতীয়া, মুখ্য সচিব সুভাষ শইকীয়া চুতীয়া, মুখ্য সাংগঠনিক সচিব ৰাজীৱ চুতীয়াই জানিবলৈ দিছে। অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা পৃষ্ঠপোষক হিচাপে থকা প্ৰতিষ্ঠা দিৱসৰ মুকলি সভাত কেন্দ্ৰীয় চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটা, কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, ৰাজ্যসভাৰ সাংসদ যোগেন মহন, যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈ, অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ক্ৰমে অতুল বৰা, অজন্তা নেওগ, ড° ৰণোজ পেগু, বিমল বৰা, পিয়ুষ হাজৰিকা, জয়ন্ত মল্ল বৰুৱা আদি কেইবাগৰাকী মন্ত্ৰী আৰু সাংসদ সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰিব। তদুপৰি যোৰহাটৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী, টিয়কৰ বিধায়ক বিকাশ শইকীয়া, মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী, তিতাবৰৰ বিধায়ক ধীৰাজ গোৱালা, শিৱসাগৰৰ বিধায়ক অখিল গগৈ, যোৰহাট জিলা আয়ুক্ত জয় শিৱানী, আৰক্ষী অধীক্ষক শুভ্ৰজ্যোতি বৰা, অতিৰিক্ত আয়ুক্ত চুলতানা আখতাৰাসহ বহু বিশিষ্ট ব্যক্তি সন্মানিত অতিথিৰূপে আমন্ত্ৰণ জনোৱা হৈছে।
আনহাতে বিশেষ আমন্ত্ৰিত অতিথি হিচাপে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমীৰণ ফুকন, অসম সেনাৰ মুখ্য আহ্বায়ক বিজয় শংকৰ বৰদলৈ, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি পলাশ চাংমাই, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি বিদ্যুৎ শইকীয়া, বীৰ লাচিত সেনাৰ সভাপতি ৰন্টু পানিফুকন, টাই আহোম ছাত্ৰ সন্থাৰ সভাপতি মিনন বুঢ়াগোঁহাই, মটক যুৱ ছাত্ৰ পৰিষদৰ সভাপতি পুলক গোঁহাই, টি. এম. পি. কে.ৰ সভাপতি তিলক দলে, টাই আহোম যুৱ পৰিষদ, কাৰ্যকৰী সভাপতি, ৰুদ্ৰসাগৰ বুঢ়াগোহাঁই, বীৰ লাচিত সেনাৰ মুখ্য সচিব শৃংখল চলিহা, অসমীয়া যুৱ মঞ্চৰ সম্পাদক আকাশ শইকীয়া, মৰাণ ছাত্ৰ সন্থাৰ সভাপতি পৱিত্ৰ বৰা, জাতীয়তাবাদী যুৱ পৰিষদৰ সভাপতি উদয়ন কুমাৰ গগৈ, অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ ভাৰপ্ৰাপ্ত সভাপতি হেমন্ত দাস, কুণ্ডিল সেনা অসমৰ আইন উপদেষ্টা সুনীল বৰা চুতীয়া, উপদেষ্টা জিতেন শইকীয়া চুতীয়া, উপ-সভানেত্ৰী জুনমণি শইকীয়া বৰা চুতীয়া, উপ-সভাপতি দেৱান চুতীয়া, সহ সচিব, জ্যোৎস্না হাজৰিকা চুতীয়া
- কুণ্ডিল সেনা অসম, সহঃ সাংগঠনিক সচিব, অনিমা হাজৰিকা চুতীয়া আৰু মিনু চুতীয়া প্ৰমুখ্যে বহু কেইগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিব। সন্ধ্যা ৭ বজাত বঁটা বিতৰণী অনুষ্ঠানৰ পিছত সন্ধ্যা ৭.৩০ বজাত কেবিনেট মন্ত্ৰী অজন্তা নেওগে উদ্বোধন কৰিব লগা সাংস্কৃতিক অনুষ্ঠানত বিশিষ্ট কণ্ঠশিল্পী বিপিন চাউদাঙৰ সঙ্গীতানুষ্ঠানেৰে প্ৰতিষ্ঠা দিৱসৰ সামৰণি পৰিব। দুয়ো দিনৰ সমূহ কাৰ্যসূচীতে ‘কুণ্ডিল সেনা অসম’ৰ কেন্দ্ৰীয় সমিতি, যোৰহাট জিলা সমিতি আৰু অভ্যৰ্থনা সমিতিয়ে চুতীয়া জনগোষ্ঠীৰ ৰাইজৰ লগতে প্ৰতিটো জাতি-জনগোষ্ঠীৰ ৰাইজৰ পৰামৰ্শ, সহযোগিতা আৰু উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে।

