বৰক্ষেত্ৰীৰ জাগাৰাস্থিত উত্তৰ কামপীঠ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসঃ নাগাৰা নাম পৰিৱেশন কৰি প্ৰশংসা বুটলিলে মহাবিদ্যাল়য়ত অধ্যয়নৰত ছাত্ৰী প্ৰস্তুতিয়ে

নলবাৰী জিলাৰ বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ জাগাৰাস্থিত উচ্চ শিক্ষাৰ অন্যতম শিক্ষানুষ্ঠান উত্তৰ কামপীঠ মহাবিদ্যালয়ৰ ৪৪ সংখ্যক প্ৰতিষ্ঠা দিৱসটি শুকুৰবাৰে দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰা হয়। প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী পুৱা পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰাৰ পিছতে শ্বহীদ তৰ্পণ কৰা হয়। দুপৰীয়া ১২ বজাত মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে পৰিৱেশন কৰা সাংস্কৃতিক অনুষ্ঠানৰ মুকলি সভা অনুষ্ঠিত হয়। অনুষ্ঠানৰ অন্যতম আকৰ্ষণ হিচাপে সভাত প্ৰবক্তা সঞ্জয় শৰ্মাৰ সম্পাদনাত প্ৰকাশিত ‘ইণ্টিগ্ৰীটি’ নামৰ গ্ৰন্থখন উন্মোচন কৰা হয়। গ্ৰন্থখন উন্মোচন কৰে বৰভাগ মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ প্ৰাক্তন অধ্যাপক ড° ধৰ্মেশ্বৰ বৈশ্যই।

ৰাজনীতি, অর্থনীতি, বুৰঞ্জী আদি বিভিন্ন বিষয় সামৰি প্ৰকাশ কৰা গ্ৰন্থখনে ছাত্ৰ-ছাত্ৰীসকলক বিশেষভাৱে উপকৃত কৰিব বুলি উন্মোচক গৰাকীয়ে ভাষণ প্ৰসংগত আশা প্ৰকাশ কৰে। মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ প্ৰৱক্তা সঞ্জয় শৰ্মাই আঁত ধৰা মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক নাৰায়ণ ডেকাই। ভাষণ প্ৰসংগত বিধায়কগৰাকীয়ে মহাবিদ্যালয়ৰ ৪৪ বছৰীয়া গৌৰৱোজ্জ্বল যাত্ৰাৰ শলাগ লৈ অঞ্চলটোৰ শৈক্ষিক আৰু সামাজিক ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ কথা উল্লেখ কৰে।

লগতে আগন্তুক দিনতো মহাবিদ্যালয়খনে গুণগত শিক্ষাৰ প্ৰসাৰ আৰু প্ৰগতিৰ ভৱিষ্যৎ গঢ়াৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি যাব বুলি আশা প্ৰকাশ কৰে। ইফালে, অসম চৰকাৰৰ সাহিত্যিক পেন্সনাৰ অশ্বিনী বেজবৰুৱাই বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠা কালৰ স্মৃতি ৰোমন্থন কৰি বক্তব্য আগবঢ়ায়। আনহাতে, সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ সভাপতি তথা মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ দিগন্ত ভৰালীয়ে নিজৰ শিক্ষা গ্ৰহণৰ স্মৃতি সুঁৱৰি শিক্ষানুষ্ঠানখনৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰি শিক্ষানুষ্ঠানখনৰ বিভিন্ন ইতিবাচক দিশৰ ওপৰত বক্তব্য প্ৰদান কৰে। অনুষ্ঠানত বৰভাগ মহাবিদ্যালয়ৰ প্ৰবক্তা ড° ধৰ্মেশ্বৰ বৈশ্য, নলবাৰী ডি এছ আৰ একাডেমীৰ প্ৰৱক্তা লাচিত ডেকা, বৰক্ষেত্ৰী ধৰ্মপুৰ মণ্ডল বিজেপিৰ সভাপতি মহেশ বৰ্মণ, পশ্চিম বৰক্ষেত্ৰী ধৰ্মপুৰ মণ্ডল বিজেপিৰ সভাপতি ৰাজু ডেকাৰ লগতে অঞ্চলটোৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি, মহাবিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী, কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে। উল্লেখ্য, ৪৪ বছৰীয়া গৌৰৱোজ্জ্বল যাত্ৰাৰে উত্তৰ কামপীঠ মহাবিদ্যালয়ে অঞ্চলটোত উচ্চ শিক্ষাৰ প্ৰসাৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।

নাগাৰা নাম পৰিৱেশন কৰি প্ৰশংসা বুটলিলে একেখন মহাবিদ্যাল়য়ত অধ্যয়নৰত ছাত্ৰী প্ৰস্তুতিয়ে: নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ জাগাৰাস্থিত ১৯৮৩ চনতে স্থাপিত উত্তৰ কামপীঠ মহাবিদ্যালয়ৰ ৪৪ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে শুক্ৰবাৰে দিনজোৰা বৰ্ণাঢ্য কাৰ্য্যসূচীৰে আয়োজিত সাংস্কৃতিক অনুষ্ঠানত নাগাৰা নাম পৰিৱেশন কৰি দৰ্শকৰ মন জয় কৰিলে কলেজখনতে অধ্যয়নৰত ছাত্ৰী প্ৰস্তুতি বৰ্মণে। উল্লেখ্য যে জাগাৰা নদীপাৰ চুবুৰীৰ জ্যোতিষ বৰ্মণ আৰু কবিতা বৰ্মণৰ জ্যেষ্ঠ কন্যা প্ৰস্তুতি বৰ্মণ জাগাৰাৰ উত্তৰ কামপীঠ মহাবিদ্যালয়ৰ স্নাতক পঞ্চম ষান্মাসিকৰ ছাত্ৰী। প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানৰ লগত সংগতি ৰাখি তেওঁ সতীৰ্থসকলৰ সৈতে পৰিৱেশন কৰা নাগাৰা নামে উপস্থিত অধ্যাপক-অধ্যাপিকা, ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলক মুগ্ধ কৰে। নাগাৰাৰ তাল, নামৰ সুৰ আৰু পৰিৱেশনৰ শৈলীয়ে অনুষ্ঠানস্থলীত এক ভক্তিময় আৰু উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰে। পৰিৱেশন শেষ হোৱাৰ লগে-লগে উপস্থিত দৰ্শকে হাতচাপৰিৰে প্ৰস্তুতি আৰু তেওঁৰ দলটোক উৎসাহিত কৰে।


১৯৮৩ চনৰ পৰা সেই সময়ৰ ধৰ্মপুৰ সমষ্টিৰ অন্তৰ্গত আৰু বৰ্তমান বৰক্ষেত্ৰী অঞ্চলত অন্তৰ্ভুক্ত হোৱা বৃহত্তৰ জাগাৰা অঞ্চলত উচ্চ শিক্ষাৰ পোহৰ বিলাই অহা এই মহাবিদ্যালয়খনে কেৱল শিক্ষাৰ ক্ষেত্ৰতে নহয়,অসমীয়া লোক-সংস্কৃতিৰ প্ৰসাৰৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। নাগাৰা নামক নৱপ্ৰজন্মৰ মাজত জীয়াই ৰখাৰ ক্ষেত্ৰত মহাবিদ্যালয়খনৰ ছাত্ৰী প্ৰস্তুতি বৰ্মণৰ এই প্ৰচেষ্টাক সকলোৱে একেমুখে শলাগ লোৱা পৰিলক্ষিত হৈছে।

Related Articles