বৰক্ষেত্ৰীৰ মুকালমুৱাৰ ৰামপুৰত ৭১ সংখ্যক শ্ৰী শ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱ আৰম্ভ

বৰক্ষেত্ৰীৰ মুকালমুৱাৰ ৰামপুৰত ৭১ সংখ্যক শ্ৰী শ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱ আৰম্ভ। প্ৰথম দিনা বিশিষ্ট ব্যক্তিৰে ৭১ খন পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰা হয় ৰাস মহোৎসৱৰ কাৰ্যসূচীৰ। আজিৰে পৰা ৯ দিনীয়াকৈ বৰ্ণাঢ্য আধ্যাত্মিক আৰু সাংস্কৃতিক কাৰ্যসূচীৰে আৰম্ভ হৈছে ৰাস মহোৎসৱ।

জনপ্ৰিয় গায়িকা নাহিদ আফ্ৰিন, মৰ্মিতা মিত্ৰ, ৰিয়া শিল, ৰূপাঞ্জলি ৰাভা, নৱনীতা শৰ্মাৰ গীতকে ধৰি ভালেমান জনপ্ৰিয় শিল্পীৰ গীতৰ শৰাইৰ উপৰিও বিভিন্ন আধ্যাত্মিক আৰু সাংস্কৃতিক কাৰ্যসূচীৰে আৰম্ভ হৈছে ৰাস মহোৎসৱ।

প্ৰতিদিনে ৰাতিপুৱা আয়তীৰ নাম-প্ৰসংগ, দুপৰীয়া ঢুলীয়া, আৰতি প্ৰদান চলি থাকিব বুলি জানিবলৈ দিছে ৰাস মহোৎসৱ উদযাপন সমিতিৰ সভাপতি যুগল গোস্বামীয়ে।

৯ দিনীয়া ৰাস মহোৎসৱৰ সমূহ কাৰ্যসূচীতে সকলো ৰাইজৰ উপস্থিতি আৰু সহায়-সহযোগিতা কামনা কৰিছে উদ্যোক্তাসকলে।

Related Articles