কোৰাণত মহিলাৰ বাবে বোর্খা বাধ্যতামূলক বুলি উল্লেখ নাইঃ জ্যেষ্ঠ অভিনেত্ৰীৰ মন্তব্যত বিতর্ক

‘কোৰাণত মহিলাসকলৰ বাবে বোর্খা বাধ্যতামূলক বুলি কোনো কথা উল্লেখ নাই’। বলীউডৰ এগৰাকী জ্যেষ্ঠ অভিনেত্ৰীৰ মন্তব্যত বিতর্ক সৃষ্টি।বোৰ্খাৰ ব্যাখ্যা আৰু ধৰ্মীয় শিক্ষাৰ ওপৰত নিজৰ মতামত প্ৰকাশ কৰিছে শ্বাবানা আজমীয়ে। কোৰআনত মহিলাই বোৰ্খা পিন্ধিব লাগিব বুলি উল্লেখ নাই। শ্বাবানা আজমীয়ে ব্যক্তিগত পছন্দৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। ধৰ্মনিৰপেক্ষতাৰ আৱৰণত মৌলবাদৰ প্ৰসাৰক তীব্ৰ নিন্দা কৰিছিল।

প্ৰবীণ অভিনেত্ৰী শ্বাবানা আজমীয়ে ধৰ্মীয় শিক্ষাৰ ব্যাখ্যা আৰু মহিলাসকলক বোৰ্কা পিন্ধাক লৈ চলি থকা বিতৰ্ক সন্দৰ্ভত নিজৰ মতামত প্ৰকাশ কৰিছে। শেহতীয়াকৈ এক প’ডকাষ্টৰ সময়ত অভিনেত্ৰীগৰাকীয়ে কয় যে কোৰআনত মহিলাসকলক বোৰ্কা পিন্ধিবলৈ নিৰ্দেশ দিয়া হোৱা নাই। কোৰাণৰ ক’তো এনে বোৰ্খা পিন্ধিব লাগে বুলি কোৱা হোৱা নাই। কোৰআনত কেৱল কোৱা হৈছে যে আপোনাৰ চকুত বিনয় (লাজ/শিষ্ট) থাকিব লাগে। এই বিনয় পুৰুষ আৰু মহিলা উভয়ৰে ক্ষেত্ৰত প্ৰযোজ্য।

ধৰ্মীয় শিক্ষাক কেতিয়াবা কেনেদৰে ভুলকৈ উপস্থাপন কৰা হয় সেই সন্দৰ্ভতো অভিনেত্ৰীগৰাকীয়ে কয়। শ্বাবানা আজমীয়ে স্পষ্ট কৰি দিয়ে যে বোৰ্খাৰ ওপৰত তেওঁৰ স্থিতি এজন ব্যক্তিৰ নিজৰ ব্যক্তিগত পছন্দ নিৰ্বাচন কৰাৰ স্বাধীনতাৰ সৈতে জড়িত।

এই বিষয়ত অভিনেত্ৰীগৰাকীয়ে প্ৰথমবাৰৰ বাবে মাত মাতিছে নহয়। ২০২২ চনৰ কৰ্ণাটক গোচৰৰ সময়তো তেওঁ মাত মাতিছিল, যেতিয়া উডুপিৰ এখন কলেজত হিজাব পৰিধান কৰাৰ বাবে ছয়গৰাকী ছোৱালীক প্ৰৱেশ কৰাত বাধা দিয়াৰ অভিযোগ উত্থাপন হৈছিল।

Related Articles