শিখ ধৰ্মৰ প্ৰৱৰ্তক শ্ৰীশ্ৰী গুৰুনানক দেৱজীৰ ৫৫৭ সংখ্যক জন্ম জয়ন্তী আজি নগাঁৱৰ ফৌজদাৰীপট্টি গুৰুদ্বাৰত শিখ ধৰ্মাৱলম্বী লোকসকলে অতি উলহ-মালহেৰে উদযাপন কৰে । এই উপলক্ষে ফৌজদাৰীপট্টি গুৰুদ্বাৰত চৱন কৃৰ্তন পাঠ কাৰ্যসূচী সম্পন্ন হয়৷ ইয়াৰ ওপৰি এক ভক্তিমূলক গীত-মাতৰ অনুষ্ঠান অনুষ্ঠিত হয় । তদুপলক্ষে আজি নগাঁও গুৰুদ্বাৰত লোকে লোকাৰণ্য হৈ পৰা দেখিবলৈ পোবা যায়৷ শিখ ধৰ্মালম্বী লোকৰ ওপৰ নগাঁৱৰ অন্যান্য লোক সকলেও আজি গুৰুদ্বাৰত সেৱা লৈ শিখ ধৰ্মীয় গুৰু শ্ৰীশ্ৰী গুৰুনানক জীৰ জন্মোৎসৱত অংশগ্ৰহণ কৰে৷

