কাৰ্বিআংলঙ সীমান্তবৰ্তী হাতীখুলি ৰংহাঙ গাঁৱত হাতী-মানুহৰ সংঘাতৰ বিপৰীতে দেখিবলৈ পোৱা গৈছে এটা বিশেষ দৃশ্য । সংঘাত নহয় বন্যহস্তীৰ লগত বন্ধুত্ব স্থাপনৰ উদ্দেশ্যয়ে বন্যহস্তীৰ বিভিন্ন প্ৰিয় খাদ্যৰে ভৰপুৰ কৰি তোলা হৈছে এটা পাহাৰ ।যাক এক অৰ্থত কব পাৰি বন্যহস্তীৰ ৰেষ্টুৰেন্ট বুলি ।”হাতী বন্ধু” নামৰ এটা সংগঠনে গুৱাহাটীৰ বিশিষ্ট নাগৰিক প্ৰদীপ ভূঞাৰ পৃষ্ঠপোষকতাত আৰু চাপানালাৰ প্ৰকৃতিপ্ৰেমী যুৱক বিনোদ দুলু বৰা,মেঘ্না ময়ুৰ হাজৰিকাৰ উদ্যোগত হাতীখুলি ৰংহাঙ বাসীৰ সহযোগত এটা টকলা পাহাৰত প্ৰায় ৪০০বিঘা মাটিত ঔ-টেঙা,কুম্ভীৰ,নেফিয়াৰ ঘাঁহ আৰু ঝাড়ুৰ লগতে হাতীৰ অন্যান্য প্ৰিয় বস্তুৰ খেতি কৰি হাতীৰ খাদ্যৰ ব্যৱস্থা কৰিছে ।সেই খাদ্য এতিয়া পাহাৰৰ বন্যহস্তীয়ে খোৱা নয়নাভিৰাম দৃশ্য দেখি “হাতী বন্ধুৰ” সদস্য সকল উৎফুল্লিত হৈ পৰিছে । আনহাতে সেই খাদ্য এতিয়া পাহৰৰ বন্যহস্তীয়ে ৰঙমনে খাবলৈ পোৱাৰ ফলত ভৈয়ামলৈ নামি যোৱা নাই ।যাৰ ফলত সততে হাতী-মানুহৰ সংঘাতপ্ৰৱণ অঞ্চল হিচাপে পৰিচিত নগাঁও-কাৰ্বিআংলঙ সীমান্তত এতিয়া কিছু পৰিমাণে কমিছে হাতী-মানুহৰ সংঘাত ।হাতী বন্ধুৰ এই মহান কাৰ্যৰ দ্বাৰা এতিয়া উপকৃত হৈছে ভৈয়ামৰ ৰাইজ । আনপিনে হাতীখুলি ৰংহাঙ গাঁৱৰ ৰাইজে হাতীৰ বাবে কৃষিকাৰ্য কৰিবলৈ নিজৰ প্ৰায় ৬০০ বিঘাৰো অধিক মাটি “হাতী বন্ধুক” প্ৰদান কৰি আন এক আৰ্দশ দেখুৱাইছে ।উল্লেখ্য যে হাতী বন্ধু নামৰ সংগঠনটোৱে বিগত তিনিবছৰ ধৰি কৰি আহিছে এই মহান কাৰ্য ।আনপিনে হাতীবন্ধুয়ে প্ৰতিবছৰে নগাঁও-কাৰ্বিআংলঙ সীমান্তবৰ্তী হাতীখুলি ৰংহাঙ গাঁৱত ঔ-টেঙা,নেফিয়াৰ,কুম্ভীৰ,ঝাড়ুৰ লগতে ২০০ বিঘা মাটিত শালি ধানিৰ খেতিও কৰি আহিছে ।এইবাৰো বন্যহস্তীৰ বাবে ২০০ বিঘা মাটিত শালি ধানৰ খেতি কৰিবৰ বাবে ইতিমধ্যে প্ৰস্তুতি চলাইছে হাতীবন্ধুয়ে ।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- ফিটনেছৰ ১৫ তম গৌৰৱময় বৰ্ষ উদযাপন গোল্ড জিম গণেশগুৰিৰ…
- বিশিষ্ট শিক্ষাবিদ-সমাজকৰ্মী কুঞ্জমোহন বৰাক কলেজ অৱ এডুকেশ্বন নগাঁৱৰ সম্বৰ্দ্ধনা…
- নগাঁও মহাবিদ্যালয় (অট’নমাচ)ৰ এন এছ এছ গোটৰ বিশেষ শিবিৰ…
- অসমীয়া অভিধান চোৱাৰ কৌশল আৰু বানানৰ সমস্যা শীৰ্ষক কৰ্মশালা সম্পন্ন….
- বৰো ধানৰ খেতিৰে দেউছতালত সেউজ বিপ্লৱ উদ্যমী কৃষক বলেশ্বৰ ৰংপীৰ; ধান কটা পৰ্ব আৰম্ভ…
- অসম আৰক্ষীৰ প্ৰাক্তন ফুটবল খেলুৱৈ মৰিগাঁৱৰ বিশিষ্ট নাগৰিক মমিন বৰদলৈৰ দেহাৱসান…
- বঙাইগাঁৱত চৰম লজ্জানত ঘটনা ! প্ৰেমিক- প্ৰেমিকাৰ ওপৰত মধ্যযুগীয় আসুৰিক অত্যাচাৰ ! পাঁচ নৰপিশাচক আটক…
- ছিপাঝাৰত ছাগলী চোৰ বিপদত! মুখত ক’লা টেপ লগোৱা অৱস্থাত উদ্ধাৰ হ’ল ছাগলী…
- তীৰ্থনগৰী হাজোত দৈনন্দিন বাৰ্তা গোষ্ঠী চিৰঞ্জীৱী হোৱাৰ লক্ষ্যৰে সম্বৰ্ধনা অনুষ্ঠান…
- মৰিগাঁৱৰ মায়ং অঞ্চলত কৃষি মেলা আৰু প্ৰদৰ্শনী, স্মৰণিকা “নৱাৰুণ” উন্মোচন…