ছানগ্লাছ পিন্ধি পকেটত হাত থৈ ফটোৰ পোজ দিয়া ‘ভোণ্ডু বচ্চা’ ভিডিঅ’ই ১৩৭ মিলিয়ন ভিউজ লাভ কৰে সামাজিক মাধ্যমত।
মহাৰাষ্ট্ৰৰ দুবছৰীয়া ল’ৰা এটাৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ইমানেই ভাইৰেল হৈ পৰিছে যে মাত্ৰ দুবছৰ বয়সতে তেওঁ ছ’চিয়েল মিডিয়াত চেন্সেশন হৈ পৰিছে। কেৱল এই শিশুটিৰ ভিডিঅ’ই ১৩৭ নিযুত দৰ্শন লাভ কৰিছে। যিটো ইনষ্টাগ্ৰাম একাউণ্টৰ পৰা এই ভিডিঅ’টো আপলোড কৰা হৈছে তাৰ ইউজাৰনেম ‘Foolish Child’। শিশুটিৰ পৰিয়ালে এখন দুচকীয়া বাহন কিনিবলৈ গাড়ীৰ শ্ব’ৰুমলৈ যায়, আৰু সেই সময়ত তেওঁলোকৰ পৰিয়ালটোলে এখন ফটো উঠে, মুহূৰ্ততে তেওঁলোকৰ সেই ভিডিঅ’টো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে।
ভাইৰেল ভিডিঅ’টোত দুবছৰীয়া শিশুটিৰ ফটো প’জে মানুহৰ দৃষ্টি আকৰ্ষণ কৰিছে। চকুত চশমা আৰু দুয়োখন হাত পকেটত ভৰাই থিয় হৈ থকা এই দুবছৰীয়া শিশুটিৰ মৰমলগা মুখখন দেখি মানুহ মোহিত হৈ পৰিছে। ভাইৰেল হোৱাৰ পিছত এই শিশুটিয়ে অনলাইন জনপ্ৰিয়তাতকৈ বহু বেছি মূল্যৱান কিবা এটা লাভ কৰিছে। কেজি-১ৰ পৰা স্নাতক হোৱালৈকে সন্তানৰ শিক্ষাৰ সমগ্ৰ খৰচ বহন কৰাৰ প্ৰতিশ্ৰুতি দিছে হোণ্ডা ডিলাৰশ্বিপৰ মালিকে।
মহাৰাষ্ট্ৰৰ যৱতমলৰ বাসিন্দা ৰুদ্ৰাঞ্চ সিং ঠাকুৰে ৯ নৱেম্বৰত পিতৃ-মাতৃ আৰু ডাঙৰ ভনীয়েকৰ সৈতে এখন নতুন হোণ্ডা এক্টিভা স্কুটাৰ কিনিবলৈ হোণ্ডাৰ শ্ব’ৰুমত গৈছিল। তাতে কণমানি শিশুটিয়ে আত্মবিশ্বাসেৰে স্কুটাৰৰ সন্মুখত পোজ দিয়াৰ ভিডিঅ’ ৰেকৰ্ডিং কৰা হয়। এই ক্লিপটো ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰা হৈছিল আৰু দ্ৰুতগতিত ভাইৰেল হৈছিল।

