কিড্‌চ আৰু ছাব-জুনিয়ৰ ৰাজ্যিক টাইকোৱানডো চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক শুৱালকুছিৰ বৃথি দাসৰ

কিড্‌চ আৰু ছাব-জুনিয়ৰ ৰাজ্যিক টাইকোৱানডো চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক শুৱালকুছিৰ বৃথি দাসৰ।

ৰাজ্যিক পৰ্যায়ত টাইকোৱানডো খেলেৰে বস্ত্ৰনগৰী শুৱালকুছিলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে কণমানি বৃথি দাসে।

যোৱা ২০ নৱেম্বৰত গুৱাহাটী মহানগৰীৰ গড়চূকৰ এছ বি ও এ পাব্লিক স্কুলত অনুষ্ঠিত ৪১ সংখ্যক কিড্‌চ আৰু ছাব জুনিয়ৰ ৰাজ্যিক টাইকোৱানডো চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয়।

খেলা-ধূলাত বিশেষ আগ্ৰহী কণমানি বৃথি দাসে ৪ বছৰ বয়সৰ পৰাই মৰ্ডান টাইকোৱানডো একাডেমীত ৰাকেশ কলিতাৰ তত্বাবধানত টাইকোৱানডোৰ প্ৰশিক্ষণ লৈ আছে।

শুৱালকুছি এঞ্জেলছ ইংলিছ স্কুলৰ প্ৰথম শ্ৰেণীৰ ছাত্ৰী ৬ বছৰীয়া বৃথি দাস শুৱালকুছি মাটিপৰ্বত নিবাসী বিজন দাস আৰু কাবেৰী তালুকদাৰৰ একমাত্ৰ কন্যা।

ইয়াৰ পূৰ্বেও বৃথি দাসে ডন বস্কো অলিম্পিক ২০২৬ ত সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল।

Related Articles