উন্নয়ন আয়ুক্ত (হস্তশিল্প) কাৰ্যালয়ৰ বিভিন্ন কাৰ্যসূচী আৰু আঁচনিৰ ফলপ্ৰসূ ৰূপায়ণৰ বাবে ৰূপায়ণকাৰী সংস্থাসমূহৰ ক্ষমতা শক্তিশালী কৰাৰ উদ্দেশ্যে ২০২৬ চনৰ ২৬ নৱেম্বৰত গুৱাহাটীৰ ভাৰতীয় উদ্যমিতা প্ৰতিষ্ঠান (IIE) ত প্ৰডিউচাৰ কোম্পানী (PC) আৰু তালিকাভুক্ত বেচৰকাৰী সংস্থা (NGO) সমূহৰ বাবে একদিনীয়া আঞ্চলিক ক্ষমতা বৃদ্ধি আলোচনা-কৰ্মশালাৰ আয়োজন কৰা হয়।অনুষ্ঠানত উত্তৰ-পূৰ্বাঞ্চলীয় আঞ্চলিক কাৰ্যালয়ৰ আঞ্চলিক সঞ্চালক এইচ. কে. বাৰোৱে উপস্থিত থাকি অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰে।

আলোচনা-কৰ্মশালাত গুৱাহাটীৰ উত্তৰ-পূৰ্বাঞ্চলীয় আঞ্চলিক কাৰ্যালয়ৰ সহকাৰী সঞ্চালক (হস্তশিল্প) থাংজাম জয়ন্ত সিং; মেঘালয় আৰু নাগালেণ্ডৰ সহকাৰী সঞ্চালক (হস্তশিল্প) ৰীমা সোণাৰ; গৌৰীপুৰৰ সহকাৰী সঞ্চালক (হস্তশিল্প) সুনীল কুমাৰ; যোৰহাট আৰু আগৰতলাৰ সহকাৰী সঞ্চালক (হস্তশিল্প) শশীকান্ত গুপ্তা; গুৱাহাটীৰ উত্তৰ-পূৰ্বাঞ্চলীয় আঞ্চলিক কাৰ্যালয়ৰ সহকাৰী সঞ্চালক (হস্তশিল্প) একতা বেপাৰী আৰু উন্নয়ন আয়ুক্ত (হস্তশিল্প) কাৰ্যালয়ৰ উত্তৰ-পূৰ্বাঞ্চলীয় আঞ্চলিক কাৰ্যালয়, গুৱাহাটীৰ আন বিষয়াসকলে অংশগ্ৰহণ কৰে।অঞ্চলটোৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰডিউচাৰ কোম্পানী আৰু তালিকাভুক্ত এনজিঅ’ক প্ৰতিনিধিত্ব কৰা ১০০ ৰো অধিক অংশগ্ৰহণকাৰীয়ে এই কাৰ্যসূচীত অংশ লয়।কৰ্মশালাৰ সময়ত ৰীমা সোণাৰে মেঘালয়ৰ পশ্চিম জয়ন্তীয়া পাহাৰৰ লাৰনাই গাঁৱত ৰূপায়ণ কৰা লাৰনাই মৃৎশিল্পৰ গুৱাহাটী মডেল ডিডিডব্লিউ পাইলট প্ৰকল্পৰ বিষয়ে অংশগ্ৰহণকাৰীসকলক অৱগত কৰে।
তেওঁ এই প্ৰকল্পৰ মুখ্য ফলাফল, শিল্পীসকলৰ আয় বৃদ্ধি আৰু এই পদক্ষেপৰ পৰা লাভ কৰা অভিজ্ঞতা আৰু শিক্ষাৰ বিষয়ে আলোকপাত কৰে।অংশগ্ৰহণকাৰীসকলক ইণ্ডিয়া হেণ্ডমেড প’ৰ্টেল, ইয়াৰ প্ৰাসংগিকতা আৰু হস্তশিল্প খণ্ডক প্ৰসাৰিত আৰু শক্তিশালী কৰাৰ বাবে ই আগবঢ়োৱা সুযোগসমূহৰ বিষয়েও সজাগ কৰা হয়।কাৰ্যসূচীত ৰাষ্ট্ৰীয় হস্তশিল্প আৰু হস্ততাঁত কাৰ্যসূচী (NHHP) ৰ অধীনত নতুন ব্যৱস্থা আৰু নিৰ্দেশনা, লগতে কাৰ্যসূচী ৰূপায়ণৰ সৈতে জড়িত বিভিন্ন কাৰিকৰী দিশ আৰু পদ্ধতিগত প্ৰয়োজনীয়তাৰ বিষয়েও আলোচনা কৰা হয়। এই অধিৱেশনসমূহৰ উদ্দেশ্য আছিল পিচি আৰু এনজিঅ’ সমূহক আঁচনিৰ গাঁথনিৰ সৈতে পৰিচয় কৰোৱা আৰু ৰূপায়ণত অধিক স্পষ্টতা, সমন্বয় আৰু দক্ষতা নিশ্চিত কৰা।এক মত-বিনিময় অধিৱেশনো অনুষ্ঠিত হয়, য’ত প্ৰডিউচাৰ কোম্পানী আৰু এনজিঅ’ৰ প্ৰতিনিধিসকলে তেওঁলোকৰ অভিজ্ঞতাৰ কথা ভাগ-বতৰা কৰে, উন্নয়ন আয়ুক্ত (হস্তশিল্প) কাৰ্যালয়ৰ কাৰ্যসূচী আৰু আঁচনি ৰূপায়ণত সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহৰ বিষয়ে আলোচনা কৰে আৰু ৰূপায়ণ আৰু প্ৰসাৰ উন্নত কৰাৰ বাবে পৰামৰ্শ আগবঢ়ায়।অংশগ্ৰহণকাৰীসকলক ৰঙিয়াত চলোৱা তিনিমহীয়া পাইলট প্ৰকল্প, ইয়াৰ শিল্পীসকলৰ আয়ৰ ওপৰত প্ৰভাৱ আৰু এই পদক্ষেপৰ পৰা লাভ কৰা মুখ্য শিক্ষাৰ বিষয়েও অৱগত কৰা হয়।

এই আলোচনা-কৰ্মশালাই ৰূপায়ণকাৰী সংস্থা আৰু বিষয়াসকলৰ মাজত ক্ষমতা বৃদ্ধি, জ্ঞান বিনিময় আৰু গঠনমূলক আলোচনাৰ বাবে এক গুৰুত্বপূৰ্ণ মঞ্চ হিচাপে কাম কৰে। কাৰ্যসূচীয়ে ফলপ্ৰসূ কাৰ্যসূচী প্ৰদান, বহনক্ষম জীৱিকা উন্নয়ন আৰু উত্তৰ-পূৰ্বাঞ্চলৰ হস্তশিল্প খণ্ডৰ সৰ্বাংগীণ উন্নয়নৰ প্ৰতি থকা প্ৰতিশ্ৰুতি পুনৰ দৃঢ় কৰে।

