অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ কামৰূপ মহানগৰ জিলাৰ পূৰ্ণাংগ সমিতি গঠন। আবেলি ৩-৩০ বজাৰ পৰা গুৱাহাটীস্থিত সদৌ অসম সাংবাদিক কল্যাণ ন্যাসৰ প্ৰেক্ষাগৃহত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদ, কামৰূপ মহানগৰ জিলাৰ এখন গুৰুত্বপূৰ্ণ সাংগঠনিক সভা অনুষ্ঠিত হয়। উক্ত সভাত পৰিষদৰ কামৰূপ মহানগৰ জিলাৰ ২০২৬ – ২০২৯ বৰ্ষৰ নতুন সমিতিখনক পূৰ্ণাংগ ৰূপ দিয়াৰ লগতে শাখা সমিতি কেইখনক কাৰ্য্যভাৰ অৰ্পণ কৰা হয় ।

কামৰূপ মহানগৰ জিলাৰ নৱ নিৰ্বাচিত সভাপতি গীতা দেৱীৰ সভাপতিত্বত অনুষ্ঠিত এই সভাখনত বন্তি প্ৰজ্বলন কৰে ৰাজ্যিক প্ৰধান সম্পাদক আৰু ৰাজ্যিক সাংগঠনিক সম্পাদক ক্ৰমে গুনীন ফুকন আৰু মৃণালী ভৰালীয়ে । সহযোগ কৰে জিলা সমিতিৰ সদস্য সকলৰ লগতে জিলাৰ আবৃত্তি বিশেষজ্ঞ মামনি কলিতা ডেকাই । সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে জিলাৰ নতুন সম্পাদক ড০ সুৰঞ্জনা কলিতাই । সভাত উপস্থিত থকা কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া তথা জ্যেষ্ঠ আবৃত্তিকাৰসকলে আবৃত্তি কলাৰ প্ৰসাৰ আৰু নতুন প্ৰজন্মৰ মাজত শুদ্ধ অসমীয়া উচ্চাৰণ তথা সাংস্কৃতিক চেতনা জাগ্ৰত কৰাৰ ক্ষেত্ৰত পৰিষদৰ কৰণীয় সন্দৰ্ভত বিস্তৃত আলোচনা কৰে । অহা ১৯/২০ ডিচেম্বৰত হ’বলগীয়া পৰিষদৰ বাৰ্ষিক মহোৎসৱ আৰু ৰাজ্যিক কাৰ্য্যনিৰ্বাহক সন্মিলনৰ কথা অৱগত কৰি কেন্দ্ৰীয় প্ৰধান সম্পাদক গুনীন ফুকনে পৰিষদৰ জন্মৰ ইতিহাস আৰু উদ্দেশ্য সুন্দৰ ৰূপত ডাঙি ধৰে । ৰাজ্যিক সাংগঠনিক সম্পাদক মৃণালী ভৰালীয়েও গঠনমূলক পৰামৰ্শ আগবঢ়ায় । সভাত জিলাৰ উপসভাপতি চাৰি গৰাকী ক্ৰমে দেবাহুতি শৰ্মা, বিনীতা গোস্বামী, অন্নদা বড়ো ৰংপি, বৰ্ণালী ডেকা বৰঠাকুৰ আৰু কোষাধ্যক্ষা সীমাৰাণী ভূঞাৰ লগতে আবৃত্তি বিশেষজ্ঞ মামনি কলিতা ডেকা আৰু সদস্যা ৰেবা নাথো উপস্থিত থাকে । বিভিন্ন শাখাৰ পৰা উপস্থিত থকা সভাপতি – সম্পাদক সকল হ’ল ক্ৰমে ধনেশ্বৰী মালী, হীৰাজিতা ডেকা, ৰুমা নাথ আৰু হীৰেণ মেধি ।
সভাত উপস্থিত থকা সকলোৱে নৱগঠিত সমিতিখনক অভিনন্দন জনোৱাৰ লগতে অনাগত দিনত জিলাখনত আবৃত্তি আৰু সাংস্কৃতিক কৰ্মশালা তথা বিভিন্ন অনুষ্ঠান সফলতাৰে ৰূপায়ণ কৰাৰ সংকল্প গ্ৰহণ কৰে আৰু কথাৰ লগতে অন্নদা বড়ো ৰংপি, দেবাহুতি শৰ্মা আৰু মামনি কলিতা ডেকাই কবিতা আবৃত্তিৰে পৰিৱেশটো অধিক অন্তৰংগ আৰু মধুৰ কৰি তোলে । সভাপতিৰ ভাষণত গীতা দেৱীয়ে কয় যে আবৃত্তিয়ে কবিতাৰ প্ৰাণ প্ৰতিস্থা কৰি শ্ৰোতাৰ অন্তৰ স্পৰ্শ কৰে । শেষত সম্পাদক ড০ সুৰঞ্জনা কলিতাৰ শলাগৰ শৰাইৰ পাছত জাতীয় সংগীত পৰিৱেশনেৰে সভাৰ কাম-কাজ সামৰা হয়।

