গুৰুতৰভাৱে অসুস্থ অসম বাৰ্তা জীৱি সংঘৰ সভাপতি মধুসূধন মেধিঃ সংকটজনক অৱস্থাত জিএমচিএইচত ভৰ্তি,আশু আৰোগ্য কামনা বিভিন্ন দল সংগঠনৰ

অসম বাৰ্তা জীৱি সংঘৰ সভাপতি জ্যেষ্ঠ সাংবাদিক মধুসূধন মেধিক সংকটজনক অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছে।যোৱা কেইবাদিন ধৰি অসুস্থ হৈ থকা মেধিৰ স্বাস্থ্য শুকুৰবাৰে অধিক অৱনতি ঘটাত তেওঁক ততাতৈয়াকৈ উত্তৰ গুৱাহাটী অভয়পুৰৰ নিজ গৃহৰ পৰা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হয়।বৰ্তমান হাস্পতালৰ ভেন্টিলেটৰত চিকিৎসাধীন হৈ থকা মেধিক হাস্পতালৰ জ্যেষ্ঠ চিকিৎসকৰ এটা দলে চিকিৎসা প্ৰদান কৰি আছে। অসম বাৰ্তা জীৱি সংঘৰ দুটা কাৰ্যকালৰ সভাপতি মেধিৰ অসুস্থতাৰ খবৰে সংঘৰ প্ৰতিজন কৰ্মকৰ্তা আৰু তেওঁৰ গুণমুগ্ধসকলক ব্যথিত কৰাৰ লগতে সকলোৱে তেওঁৰ আশু আৰোগ্য কামনা কৰিছে।

উল্লেখ্য, প্ৰায় তিনি দশক ধৰি সংবাদ সেৱাৰ লগত জড়িত মধুসূধন মেধি সাংবাদিক হোৱাৰ পূৰ্বে ছাত্ৰাৱস্থাতে উত্তৰ গুৱাহাটী মহাবিদ্যালয়ৰ সাধাৰণ সম্পাদক, উপ-সভাপতি, উত্তৰ গুৱাহাটী ছাত্ৰ সন্থাৰ উপদেষ্টা ,সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ দুটা কাৰ্যকালৰ উপ সভাপতি,অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক হিচাপে সেৱা আগবঢ়াইছিল।এগৰাকী সমাজ কৰ্মী হিচাপেও পৰিচিত মধুসূধন মেধি কামৰূপ জিলাৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত হৈ থকাৰ লগতে উত্তৰ গুৱাহাটী সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক, উত্তৰ গুৱাহাটী সাংবাদিক সন্থাৰ উপদেষ্টা, ঐতিহাসিক আলাবৈ ৰণ স্মৃতি সংৰক্ষণৰ লগত সংপৃক্ত হৈ আছে।

Related Articles