সোণাপুৰলৈ গৌৰৱ কঢ়িয়াই আনিলে জয়শ্ৰী বড়োৱেঃ ২৩ সংখ্যক সদৌ অসম ৰাজ্যিক মুৱাই থাই চেম্পিয়নশ্বিপত স্বৰ্ণ পদক অৰ্জনৰে ক্ৰীড়া ক্ষেত্ৰত উজলিল সোণাপুৰৰ প্ৰতিভাৱান খেলুৱৈ

ক্ৰীড়াক্ষেত্ৰত উজলি উঠিছে সোণাপুৰৰ আন এগৰাকী প্ৰতিভাৱান খেলুৱৈ। ২৩ সংখ্যক সদৌ অসম ৰাজ্যিক মুৱাই থাই চেম্পিয়নশ্বিপ ২০২৬ প্ৰতিযোগিতাত স্বৰ্ণ পদক অৰ্জন কৰি সোণাপুৰলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে জয়শ্ৰী বড়োৱে। শিলচৰৰ কাছাৰত অনুষ্ঠিত ৰাজ্যিক পৰ্যায়ৰ এই প্ৰতিযোগিতাত নিজৰ পাৰদৰ্শিতা আৰু আত্মবিশ্বাসৰ পৰিচয় দি সোণৰ পদক অৰ্জন কৰে খেলুৱৈগৰাকীয়ে।

সোণাপুৰৰ ডিগাৰুৰ বটাকুছি গাঁৱৰ সবিতা বড়ো আৰু প্ৰয়াত প্ৰবীণ চন্দ্ৰ বড়োৰ সুযোগ্য সন্তানজয়শ্ৰী বড়োৰ এই সাফল্যই সমগ্ৰ অঞ্চলটোলৈ কঢ়িয়াই আনিছে আনন্দ আৰু গৌৰৱ।শিলচৰৰ কাছাৰত অনুষ্ঠিত ২৩ সংখ্যক সদৌ অসম ৰাজ্যিক মুৱাই থাই চেম্পিয়নশ্বিপ ২০২৬ত অংশগ্ৰহণ কৰি নিজৰ শ্ৰেষ্ঠ ক্ৰীড়া প্ৰদৰ্শনেৰে স্বৰ্ণ পদক অৰ্জন কৰিবলৈ সক্ষম হয় জয়শ্ৰী বড়োৱে।

উল্লেখ্য যে, জয়শ্ৰী বড়ো সোণাপুৰৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ নৱম শ্ৰেণীৰ ছাত্ৰী। অধ্যয়নৰ সমান্তৰালভাৱে ক্ৰীড়াক্ষেত্ৰতো নিজৰ প্ৰতিভাৰ উমান দিয়া জয়শ্ৰীয়ে প্ৰশিক্ষক কণক বড়ো আৰু প্ৰতাপ ৰাহাঙৰ তত্ত্বাৱধানত মুৱাই থাইৰ প্ৰশিক্ষণ গ্ৰহণ কৰি আহিছে।

জয়শ্ৰীৰ এই উল্লেখনীয় সফলতাত বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী, সহপাঠী তথা অঞ্চলটোৰ ৰাইজে আনন্দ প্ৰকাশ কৰাৰ লগতে খেলুৱৈগৰাকীক অভিনন্দন জ্ঞাপন কৰিছে।জয়শ্ৰীৰ এই সাফল্যই আগন্তুক দিনত সোণাপুৰৰ ক্ৰীড়াক্ষেত্ৰলৈ অধিক সুনাম কঢ়িয়াই আনিব বুলি আশাবাদী অঞ্চলবাসী।

Related Articles