লামডিং ৰে’লৱে জংচনত এতিয়া যাত্ৰীৰ মাজত হাহাকাৰময় পৰিস্থিতি।পাহাৰ লাইনৰ বান্দৰখালত নিশাৰ ভাগত এখন মালবাহী ৰে’ল লাইনচ্যুত হোৱাৰ পিছতে ব্যাহত হৈ পৰিছে পাহাৰ লাইন অভিমুখী ৰে’ল চলাচল।ফলত শিলচৰ, আগৰতলা, বদৰপুৰকে ধৰি বিভিন্ন গন্তব্যস্থানলৈ যাত্ৰা কৰিবলৈ অহা শ শ যাত্ৰী চৰম সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে।ৰে’ল দুৰ্ঘটনাৰ পিছতে ইখনৰ পিছত সিখনকৈ গুৰুত্বপূৰ্ণ যাত্ৰীবাহী ৰে’ল বাতিল কৰা হৈছে।ফলত লামডিং ৰে’লৱে জংচনত সৃষ্টি হৈছে এক অভাৱনীয় পৰিস্থিতিৰ।দূৰ-দূৰণিৰ পৰা অহা যাত্ৰীসকল ঘণ্টাৰ পিছত ঘণ্টা ধৰি ৰে’ল ষ্টেচনত অপেক্ষা কৰি থাকিবলগীয়া হৈছে।বহু যাত্ৰীৰ বাবে এতিয়া নিজৰ গন্তব্যস্থানত উপস্থিত হোৱাটো এক ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিছে।আনহাতে, এই পৰিস্থিতিত ৰে’ল বিভাগৰ যাত্ৰী সেৱা ব্যৱস্থাক লৈও প্ৰশ্ন উত্থাপন হৈছে।যাত্ৰীসকলৰ অভিযোগ অনুসৰি, ৰে’ল চলাচল ব্যাহত হোৱাৰ পিছতো তেওঁলোকৰ বাবে পৰ্যাপ্ত খাদ্য আৰু অন্যান্য প্ৰয়োজনীয় সামগ্ৰীৰ ব্যৱস্থা কৰা হোৱা নাই।বিশেষকৈ শিশু, মহিলা আৰু বৃদ্ধ যাত্ৰীসকলে যথেষ্ট অসুবিধাৰ সন্মুখীন হোৱা বুলি জানিবলৈ দিছে।
ইয়াৰ মাজতে যাত্ৰীৰ অসহায় অৱস্থাৰ সুযোগ লৈ একাংশ বাছৰ মালিকে অধিক মুনাফা আদায়ৰ চেষ্টা চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে।অভিযোগ অনুসৰি, স্বাভাৱিক সময়তকৈ অধিক ভাড়া আদায় কৰি একাংশ বাছত যাত্ৰী পৰিবহণ কৰা হৈছে।একাংশ যাত্ৰীৰ পৰা ১,০০০ টকাৰ পৰা ১,৩০০ টকা পৰ্যন্ত ভাড়া লোৱা হৈছে বুলি অভিযোগ প্ৰকাশ পাইছে।এই ঘটনাই যাত্ৰীসকলৰ মাজত তীব্ৰ অসন্তুষ্টিৰ সৃষ্টি কৰিছে।দুৰ্যোগৰ সময়ত যাত্ৰীসকলক সহায় কৰাৰ পৰিৱৰ্তে অত্যধিক ভাড়া আদায়ৰ এই অভিযোগে পৰিবহণ ব্যৱস্থাৰ দায়বদ্ধতাক লৈও প্ৰশ্ন উত্থাপন কৰিছে।ইফালে, বাতিল হোৱা ৰে’লসমূহৰ যাত্ৰীসকলৰ বাবে ৰে’ল বিভাগে টিকটৰ ধন ঘূৰাই দিয়াৰ ব্যৱস্থা কৰিছে যদিও কেৱল টিকটৰ ধন ঘূৰাই পোৱাটোৱেই যাত্ৰীসকলৰ সমস্যাৰ সমাধান নহয়।কাৰণ, অধিকাংশ যাত্ৰীৰ মূল চিন্তা হৈছে কেনেকৈ আৰু কেতিয়া তেওঁলোক নিজৰ গন্তব্যস্থানত উপস্থিত হ’ব পাৰিব।যাত্ৰীসকলৰ মতে, ৰে’ল বাতিলৰ ফলত তেওঁলোকৰ পৰৱৰ্তী যাত্ৰাৰ পৰিকল্পনা সম্পূৰ্ণৰূপে বিঘ্নিত হৈছে।
বহু যাত্ৰীৰ গুৰুত্বপূৰ্ণ কাম-কাজ, চিকিৎসা, ব্যৱসায়িক যাত্ৰা আৰু আন জৰুৰী প্ৰয়োজনীয়তা অনিশ্চয়তাৰ মাজত পৰিছে।বাতিল হোৱা ৰে’লসমূহ হৈছে ১.13173 — শিয়ালদহ–আগৰতলা এক্সপ্ৰেছ।২.15650 — NNGE–AGTL।৩. 15611 — RNY–SCL৪. 15609 — GHY–SANG।৫. 15615 — GHY–SCL এই ঘটনাৰ পিছত এতিয়া কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্নই ৰাইজৰ মাজত চৰ্চা লাভ কৰিছে। কেতিয়াৰ পৰা পুনৰ স্বাভাৱিক হ’ব পাহাৰ লাইন অভিমুখী ৰে’ল চলাচল?ৰে’ল বিভাগে আবদ্ধ হৈ পৰা যাত্ৰীসকলৰ বাবে বিকল্প যাতায়াতৰ কি ব্যৱস্থা গ্ৰহণ কৰিছে? খাদ্য আৰু অন্যান্য অত্যাৱশ্যকীয় সেৱাৰ দায়িত্ব কোনে ল’ব?যাত্ৰীসকলৰ ভাষ্য অনুসৰি, এই পৰ্যন্ত ৰে’ল চলাচল পুনৰ আৰম্ভ হোৱাৰ সময় সন্দৰ্ভত কোনো নিৰ্দিষ্ট জাননী তেওঁলোকে লাভ কৰা নাই। ফলত অনিশ্চয়তা আৰু উদ্বেগৰ মাজতে সময় পাৰ কৰিবলগীয়া হৈছে যাত্ৰীসকলে।এতিয়া প্ৰশ্ন হৈছে, দুৰ্যোগৰ এই সময়ছোৱাত যাত্ৰীসকলৰ প্ৰতি ৰে’ল বিভাগে নিজৰ দায়িত্ব কিমানদূৰ পালন কৰিছে? অত্যধিক বাছ ভাড়া আদায়ৰ অভিযোগৰ বিৰুদ্ধে জিলা প্ৰশাসন আৰু পৰিবহণ বিভাগে কি ব্যৱস্থা গ্ৰহণ কৰিব? বিপদত পৰা যাত্ৰীসকলক সকাহ দিবলৈ কেতিয়া আগবাঢ়ি আহিব সংশ্লিষ্ট কৰ্তৃপক্ষ?ৰে’ল দুৰ্ঘটনাৰ ফলত সৃষ্টি হোৱা এই পৰিস্থিতিয়ে কেৱল ৰে’ল চলাচলৰ ব্যাঘাতেই নহয়, জৰুৰী সময়ত যাত্ৰী সেৱা আৰু বিকল্প পৰিবহণ ব্যৱস্থাৰ প্ৰস্তুতিৰ ক্ষেত্ৰতো একাধিক প্ৰশ্নৰ অৱতাৰণা কৰিছে। এতিয়া সকলোৰে দৃষ্টি ৰে’ল বিভাগ আৰু প্ৰশাসনৰ পৰৱৰ্তী পদক্ষেপৰ ওপৰত।

