বেছিমাৰী ব্লক পৰ্যায়ত মডেল প্ৰতিযোগিতাত প্ৰথম স্থান অৰ্জন ছেমিমা ইয়াচমিন আৰু আৰিফা খাতুনৰ, জিলা পৰ্যায়ত দ্বিতীয় স্থান লাভ কৰি ৰাজ্যিক পৰ্যায়লৈ নিৰ্বাচিত
আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত বল্লভভাই পেটেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত বেছিমাৰী ব্লক পৰ্যায়ৰ বিজ্ঞান প্ৰতিযোগিতাত বিশেষ সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে PM Shri চিৰাজুল হক হাইস্কুলৰ শিক্ষাৰ্থীসকলে। প্ৰতিযোগিতাখনত মুঠ ১১খন বিদ্যালয়ে অংশগ্ৰহণ কৰাৰ বিপৰীতে বিদ্যালয়খনৰ শিক্ষাৰ্থীসকলে মডেল আৰু আইডিয়া প্ৰতিযোগিতাত কৃতিত্ব প্ৰদৰ্শন কৰি বিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই আনে।
ব্লক পৰ্যায়ৰ মডেল প্ৰতিযোগিতাত বিদ্যালয়খনৰ ছাত্ৰী ছেমিমা ইয়াচমিন আৰু আৰিফা খাতুনে প্ৰথম স্থান দখল কৰাৰ বিপৰীতে ওৱাহি আলী আৰু তছলিমা খাতুনে তৃতীয় স্থান লাভ কৰে। আনহাতে, আইডিয়া প্ৰতিযোগিতাত বিদ্যালয়খনৰ ছাত্ৰ তোজাম্মিল হকে তৃতীয় স্থান অৰ্জন কৰি বিদ্যালয়খনৰ সফলতাৰ ধাৰা অব্যাহত ৰাখে।
ইয়াৰ মাজতে বিদ্যালয়খনৰ বাবে আন এক গৌৰৱৰ খবৰ কঢ়িয়াই আনিছে ছাত্ৰী ছেমিমা ইয়াচমিন আৰু আৰিফা খাতুনে। মডেল প্ৰতিযোগিতাত জিলা পৰ্যায়ত দ্বিতীয় স্থান লাভ কৰি ছাত্ৰী দুগৰাকী ৰাজ্যিক পৰ্যায়ৰ বিজ্ঞান প্ৰতিযোগিতালৈ নিৰ্বাচিত হৈছে। অহা ২৯ নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া ৰাজ্যিক পৰ্যায়ৰ বিজ্ঞান মডেল প্ৰতিযোগিতাত তেওঁলোকে অংশগ্ৰহণ কৰিব।
শিক্ষাৰ্থীসকলৰ এনে কৃতিত্বই বিদ্যালয়খনৰ শৈক্ষিক পৰিৱেশত আনন্দ আৰু উৎসাহৰ সৃষ্টি কৰিছে। ছাত্ৰী দুগৰাকীৰ ৰাজ্যিক পৰ্যায়লৈ নিৰ্বাচিত হোৱাৰ খবৰত বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীসকলে আনন্দ প্ৰকাশ কৰাৰ লগতে গৌৰৱ অনুভৱ কৰিছে। ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতাতো ছাত্ৰী দুগৰাকীয়ে সফলতা অৰ্জন কৰি বিদ্যালয়খনৰ নাম উজলাই তুলিব বুলি সকলোৱে আশা প্ৰকাশ কৰিছে।

