হেৰুওৱা শিপা বিচাৰি সুদীৰ্ঘ কালৰ অন্তত নগাঁও জিলাৰ বঢ়মপুৰলৈ আহিল এজন অৱসৰপ্ৰাপ্ত চিকিৎসক।বঢ়মপুৰৰ হাতীয়নীভেটালৈ আহি তেওঁৰ মহানুভৱতাৰ নিদৰ্শন দাঙি ধৰিলে এইগৰাকী অৱসৰপ্ৰাপ্ত চিকিৎসক ডা: ৰবি বৰাই। ১৯৭১ চনতেই বঢ়মপুৰ হাতীয়নীভেটাৰ পৰা এগৰাকী চিকিৎসক হোৱাৰ সপোন সাৰ্থক কৰাৰ লক্ষ্য আগত ৰাখি মেডিকেল পঢ়িবৰ বাবে ওলাই যোৱা ডা: ৰবি বৰা শেহতীয়াকৈ জন্মস্থানলৈ আহি জনসেৱাৰ বাবে নিজকে সমৰ্পিত কৰিলে গাঁওবাসীৰ ওচৰত। সুদীৰ্ঘ ৫৫ বছৰ কৰ্মসূত্ৰে বিভিন্ন প্ৰান্তত থাকিবলগীয়া হোৱাৰ বাবে আহিব পৰা নাছিল নিজৰ গাঁওখনলৈ। আপোন গাঁওখনলৈ আহিবলৈ দুৰ্বাৰ হেঁপাহ থকা সত্ত্বেও কৰ্মৰ খাতিৰতে হওক কিম্বা নিজৰ সন্তানৰ পঢ়া-শুনাৰ বাবেই হওক সময় উলিয়াব পৰা নাছিল। কিন্তু অৱসৰৰ পিছত আৰু নিজৰ দুই সন্তানক মানৱ সম্পদ হিচাপে গঢ় দিয়াৰ পিছত ডা: ৰবি বৰা এতিয়া ওলাই আহিছে গাঁওবাসীৰ বাবে কিবা এটা সজ কৰ্মত নিয়োজিত হ’বলৈ।দুকুৰি পোন্ধৰ বছৰৰ আগতেই এৰি যোৱা গাঁওখনক কেনেদৰে উন্নতিৰ দিশত কিঞ্ছিত হ’লেও আগবঢ়াই নিব পাৰে তাৰ বাবেই পাৰ্যমানে কৰিছে চিন্তা। অৱসৰপ্ৰাপ্ত ডা: ৰবি বৰাই ডা: ৰবি বৰা – অৰ্চনা বৰা চেৰিটী ফাণ্ড নামৰ এটা ট্ৰাষ্ট খুলি ৰাইজৰ বাবে আগবঢ়াবলৈ বিচাৰিছে সহায়ৰ হাত।
নিজ পৰিয়ালৰ সৈতে আলোচনা কৰি বৰ্তমান বছৰি ১ লাখকৈ টকা খৰচ কৰিব ৰাইজৰ উন্নয়নৰ বাবে।১ লাখ টকাৰ এটা অংশ গাঁও খনৰ ধৰ্মীয় অনুষ্ঠানৰ বাবে, এটা অংশ মেধা ছাত্ৰ-ছাত্ৰী সকলৰ বাবে আৰু এটা অংশ দীৰ্ঘদিন ধৰি ৰোগত ভুগি থকা লোকসকলৰ বাবে ব্যয় কৰাৰ ইচ্ছা প্ৰকাশ কৰিছে অৱসৰপ্ৰাপ্ত চিকিৎসকগৰাকীয়ে। তাৰ পৰিপ্ৰেক্ষিততে এইবেলি প্ৰথমবাৰৰ বাবে হাতীয়নীভেটা ৰাস মহোৎসৱত মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা কেইবাগৰাকী ছাত্ৰ-ছাত্ৰীক প্ৰদান কৰিলে উদ্গনিমূলক মাননি আৰু এগৰাকী ৰোগীকো প্ৰদান কৰিলে আৰ্থিক অনুদান। ভৱিষ্যতে তেওঁৰ অনুপস্থিতিত পৰিয়ালৰ লোকে এই ট্ৰাষ্টটো চলাই যাব আৰু এনেদৰেই গাঁওখনৰ হকে কাম কৰিব বুলি ৰাইজক অৱগত কৰিলে ডা: ৰবি বৰাই। তেওঁৰ এই প্ৰচেষ্টাক গাঁওবাসীয়ে একেমুখে প্ৰশংসা কৰিছে।

