তামুলপুৰ আৰু বাগানপাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ অক্সিমিটাৰ , পিপিকিট আদি বিতৰণ এক্সন এইড এচোচিয়েচন ,গিভ ইণ্ডিয়া আৰু গ্ৰাম্য বিকাশ মঞ্চৰ

 বাক্সা জিলা আৱৰ্তভৱন প্ৰাঙ্গনত অলপতে আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠান এক্সন এইড   এচোচিয়েচন ,গিভ ইণ্ডিয়া আৰু গ্ৰাম্য বিকাশ মঞ্চই  বৰ্তমান সময়ত গ্ৰামাঞ্চল সমূহলৈ  কোভিড -১৯ ৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি বাক্সা জিলা স্বাস্থ্য বিভাগৰ  তামুলপুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু বাগানপাৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ  অক্সিমিটাৰ  ৮ টা , পিপি কিট ২৫ টা , ফেচ চাইল্ডচ ৫০ টা , ক্লিনিকেল মাক্স ২৫০ খন, হেড কেপ ২৫০ টা , হেণ্ড গ্লোভচ  ২৫০ খন ,, ডিজিটেল  থাৰ্মমিটাৰ ৫ টাকৈ প্ৰদান কৰাৰ  উপৰি বাক্সা জিলা অসামৰিক  চিকিৎসালয়ৰ বাবে অক্সিজেন কনচেনটেটৰ ৯ টা , আৰু তামুলপুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ ৯ টা অক্সিজেন কনচেনটেটৰ আগবঢ়োৱা হয় । সামগ্ৰী বিতৰণ  অনুষ্ঠানত উপস্থিত থাকে বিটিচিৰ অধ্যক্ষ কাতিৰাম বড়ো ,বাক্সা জিলা স্বাস্থ্য বিভাগৰ   যুটীয়া সঞ্চালক ডাঃ মবিদুৰ ৰহমান , এন এইচ এমৰ  জিলা প্ৰকল্প  সঞ্চালক কৰুনা ব্ৰহ্ম , গ্ৰাম্য বিকাশ মঞ্চৰ উপ-সভাপতি প্ৰাঞ্জল চক্ৰৱৰ্তী ,  সম্পাদক দিবাকৰ ডেকা ,তামুলপুৰৰ ক্ষেত্ৰ সমন্বয়ক চক্ৰ তালুকদাৰ আৰু মনোজ তালুকদাৰ  । অনুষ্ঠানত উপস্থিত থাকি  বিটিআৰৰ  অধ্যক্ষ কাতিৰাম বড়োই  এনে পদক্ষেপৰ বাবে এক্সন এইড ,গিভ ইণ্ডিয়া আৰু গ্ৰাম্য বিকাশ মঞ্চক ধন্যবাদ জনায় । ইপিনে গ্ৰাম্য বিকাশ মঞ্চৰ তামুলপুৰৰ ক্ষেত্ৰ সমন্বয়ক চক্ৰ তালুকদাৰে  জনোৱা মতে যোৱা ২৪ জুলাইৰ পৰা  ধাৰাবাহিকভাৱে  বাক্সা আৰু নলবাৰী জিলাৰ  বিভিন্ন গাওত  কোভিড – ১৯ ৰ ওপৰত  মাইক ,বেনাৰ , আৰু গোহাৰি পত্ৰৰে   সজাগতা অভিযান কাৰ্যসূচী ৰূপায়ন কৰা হয়  আৰু  অভিযানৰ কালছোৱাত গ্ৰামাঞ্চলৰ লোকসকলৰ মাজত বিনামূলীয়া মাক্স আৰু ছেনিটাইজাৰ  বিতৰণ কৰা হয় ।

Related Articles