কৃষি বিভাগৰ উদ্যোগত আৰু এপাৰ্টৰ সহযোগত যোৱা ১২ জুলাইত অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তকৰণ প্ৰকল্প খনৰ শুভাৰম্ভ কৰা হয়৷ অসমৰ প্ৰতিখন জিলাক সামৰি আৰম্ভ কৰা এই আঁচনি খনত এইবাৰ বিশেষকৈ গ্ৰাম্যাঞ্চলৰ আত্মসহায়ক গোট সমূহক সামৰি লোৱা হৈছে৷ উল্লেখ্য যে চতিয়াৰ ঘাঁহি গাঁৱৰ জ্ঞানজ্যোতি আত্মসহায়ক গোটক এই আঁচনিৰ আওতালৈ আনি উক্ত দিনা কৃষি বিভাগ আৰু এপাৰ্টৰ দ্বাৰা ‘বাহাদুৰ চাব-১’ নামৰ এক উন্নত মানৰ ধানৰ কঠিয়া প্ৰদান কৰাৰ উপৰিও আত্মসহায়ক গোটটোৰ সদস্য সকলৰ সৈতে বিভাগীয় বিষয়া সকলে পথাৰত ভূঁই ৰোৱে৷ আঁচনি খনৰ শুভ উদ্বোধনৰ মূহূৰ্তত গোটৰ সভাপতি মনু হুছেইন, সম্পাদক ৰাছেল আহমেদ তথা সকলো সদস্য সহ চতিয়া কৃষি বিভাগৰ কৃষি সম্প্ৰসাৰণ সহায়ক জেহিৰুল ইছলাম, এপাৰ্টৰ গৱেষণা প্রযুক্তিবিদ পংকজ বৰুৱা আৰু সহকাৰী প্ৰযুক্তি ব্যৱস্থাপক মানস জ্যোতি ৰাজখোৱা উপস্থিত থাকে৷ উল্লেখ্য যে, আত্মসহায়ক গোটটোক এই আঁচনিৰ অধীনত ১৫ বিঘা কৃষিভূমিত কৃষিকৰ্মৰ বাবে সকলো ধৰণৰ খৰছ বিভাগে বহন কৰিব বুলি বিষয়া সকলে জানিবলৈ দিয়ে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- বৰ্ণাঢ্য কাৰ্যসূচীৰে তিতাবৰৰ আদর্শ মহিমাবাৰী গাঁৱৰ সোণালী জয়ন্তী বৰ্ষ উদযাপন…
- প্ৰাক্তন প্ৰধানমন্ত্ৰী, ড° মনমোহন সিঙৰ লগতে কেইবাগৰাকী প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি মন্ত্ৰীৰ নতুন দিল্লী সংসদীয় সমষ্টিৰ পৰা ঘৰতে ভোটদানৰ সুবিধা লাভ…
- চিইউইটি প্ৰৱেশ পৰীক্ষাত পৰীক্ষাৰ্থীৰ লগুণ খুলিবলৈ বাধ্য কৰা ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে এজাহাৰ দাখিল…
- ভাৰতৰ বতৰ বিজ্ঞান বিভাগৰ সতৰ্কতা জাৰি…
- উদয়পুৰ-নাহৰণি গাঁৱত আধ্যাত্মিক আৰু পুৰাতনীয়া নিয়মেৰে গজাই পূজা উদযাপন…
- সাপটগ্ৰামত চাঞ্চল্য়কৰ ঘটনা…
- ডিমৌ আঞ্চলিক এমএমকেৰ যৌথ চতুৰ্থ ত্ৰি-বাৰ্ষিক অধিৱেশন সম্পন্ন…
- চিলাপথাৰত চাৰিটা দিনে সন্ধানহীন নৱমশ্ৰেণীৰ ছাত্ৰ নিৰজ গোস্বামী ! অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য…
- মুখ্যমন্ত্ৰীৰ মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ লুৰিণজ্যোতি গগৈৰ…
- দেৰগাঁৱৰ অগ্ৰণী ইংৰাজী মাধ্যমৰ শিক্ষা প্ৰতিষ্ঠান শিশু ভাৰতী হায়াৰ চেকেণ্ডাৰী স্কুলৰ ৪৭তম প্ৰতিষ্ঠা দিৱস সম্পন্ন…