বান-গৰাখহনীয়া সমস্যাত বছৰে বছৰে বিস্তৰ ক্ষতি সাধন হৈ আহিছে মাজুলী জিলা৷ আজি সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ নেতৃত্বত এটি প্ৰতিনিধি দল মাজুলীত উপস্থিত হৈ মাজুলীৰ বিভিন্ন অংশৰ খহনীয়াত পতিত অঞ্চল সমূহ পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়৷ বিশেষকৈ মাজুলীৰ শালমৰা, অফলামুখ, কমলাবাৰীঘাট, ভকতচাপৰি, চামগুৰি, মলয়া চাপৰি আৰু দক্ষিণ মাজুলীৰ খহনীয়াৰোধৰ তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ অসম চৰকাৰক দাবী জনাইছে আছুৰ সাধাৰণ সম্পাদক গৰাকীয়ে৷ লগতে বৰুৱাই কয় যে- খহনীয়াত পতিত পৰিয়াল সমূহক অতিশীঘ্ৰে ক্ষতিপূৰণ প্ৰদান কৰাৰ লগতে এই পৰিয়াল সমূহৰ জীৱন, সম্পত্তি নিৰাপত্তাৰ ব্যৱস্থা সুনিশ্চিত কৰিবলৈ চৰকাৰক দাবী জনাইছে৷ খহনীয়া গ্ৰস্ত অঞ্চল সমূহ পৰিদৰ্শনৰ পাছতে আছুৰ সম্পাদক গৰাকীয়ে মাজুলী-যোৰহাট সংযোগী দলং নিৰ্মানৰ স্থান পৰিদৰ্শন কৰি মাজুলীৰ ৰাইজক শংকাত নেৰাখি অতিশীঘ্ৰে দলং নিৰ্মানৰ কাম আৰম্ভ কৰাৰ লগতে নিৰ্ধাৰিত সময়ৰ ভিতৰত নিৰ্মান কাৰ্য শেষ কৰি মাজুলীৰ শিক্ষা, স্বাস্থ্য আৰু আৰ্থসামাজিক উন্নয়নৰ যাত্ৰা তৰান্বিত কৰিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক দাবী জনাইছে৷ লগতে জিলা চিকিৎসালয় পৰিদৰ্শন কৰি অতিশীঘ্ৰে মাজুলীত প্ৰতিটো বিভাগৰ ডক্তৰ ৰ লগতে পৰ্যাপ্ত পৰিমানৰ ঔষধ যোগান ধৰাৰ বাবে আহ্বান জনাই৷ লগতে মাজুলীৰ মেডিকেলত পৰ্যাপ্ত আইচিইউ আৰু ভেন্টিলেচৰ ব্যৱস্থা কৰিবলৈ অসম চৰকাৰৰ মুখ্যমন্ত্ৰী, স্বাস্থ্যমন্ত্ৰীক আহ্বান জনাইছে৷ এই ভ্ৰমণ কালত আছুৰ সাধাৰণ সম্পাদক গৰাকীৰ লগতে সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা উদ্দীপ জ্যোতি গগৈ, উপসভাপতি বিনয় ডুবে, সাংস্কৃতিক সম্পাদক তচেন ডেকা, সাংগঠনিক সম্পাদক সূৰ্য কুমাৰ ভূঞা, ৰাজ্যিক কাৰ্যনিৰ্বাহক পবিত্ৰ গোস্বামী, অনিল গগৈ, ৰাণা চোনাৰ, মন্টুৰাজ বৰুৱা, ডেভিড হাজৰিকা, অংকুৰ প্ৰতিম গগৈ, মাজুলী জিলা ছাত্ৰ সন্থাৰ সভাপতি অজিত হাজৰিকা, সাধাৰণ সম্পাদক বিতোপন শৰ্মা, ধেমাজি জিলা ছাত্ৰ সন্থাৰ সভাপতি দীপক শৰ্মা সাধাৰণ সম্পাদক কল্যাণ গগৈ, ডিব্ৰুগড় জিলাৰ সভাপতি বুলবুল দত্ত, তিনিচুকীয়া জিলাৰ সাধাৰণ সম্পাদক সমৰ গোহাই, উপস্থিত থাকে৷
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- হাগ্ৰামাই বিটিআৰত জংঘলৰাজ চলাইছিল, কুশাসন চলাইছিলঃ মন্ত্ৰী পীযুষ হাজৰীকা
- Vansh Goswami of Assam Joins the Prestigious National Defence Academy Inspired by Show ‘Vande Mataram’…
- লামডিঙ আৰক্ষী আৰু ছি আই বি দলৰ ড্ৰাগছৰ বিৰুদ্ধে পৃথকে পৃথকে অভিযানত উদ্ধাৰ লাখ লাখ টকাৰ হেৰ’ইন…
- লাহৰীঘাট চিনিয়ৰ চেকেণ্ডাৰী ইংলিচ স্কুলৰ শনিবৰীয়া ক্লাৱ ! কণ কণ সকলৰ নৃত্যই মন মুহিত কৰিলে অভিভাবক সকলৰ মন…
- নিৰ্বাচনৰ মাজতে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান অৰবিন্দ সিং লাভলীৰ…
- চামগুৰিৰ ৰঙাগড়াত পথ দুৰ্ঘটনাত নিহত এজন ব্য়ক্তি…
- বিচাৰকৰ সংজ্ঞা কোনে নিৰ্ধাৰণ কৰিব…
- লোকসভা নিৰ্বাচন, ২০২৪ৰ বাবে ৰাজনৈতিক দলসমূহৰ কুচ-কাৱাজ…
- অসমীয়া শিশু সাহিত্য আৰু নৱকান্ত বৰুৱা…
- পানী খোৱাৰ নিয়ম জানেনে? খাদ্য খোৱাৰ পূৰ্বে, খোৱাৰ সময়ত নে একেবাৰে শেষত, কেতিয়া পানী খাব লাগে জানি লওক…