দক্ষিণ কামৰূপৰ বকো সমষ্টিত ভাৰতীয় জনতা পাৰ্টীৰ সাংগঠনিক ভেটি শক্তিশালী কৰি তোলাৰ সংকল্পৰে বিজেপি দলৰ সংগঠনসমূহে পুণৰাই ব্যাপক তৎপৰতা আৰম্ভ কৰিছে ৷ ৰাজ্যৰ বিজেপি নেতৃত্বাধীন চৰকাৰৰ দ্বিতীয় কাৰ্যকালৰ আৰম্ভনীতে পুণৰ কংগ্ৰেছৰ দখললৈ যোৱা বকো সমষ্টিত বিজেপি দলৰ শক্তি বৃদ্ধিকে ধৰি আগন্তক নিৰ্বাচন সমূহত দলৰ প্ৰদৰ্শনৰ উন্নত কৰাৰ লক্ষৰে বিজেপি মণ্ডলসমূহৰ কাৰ্যকৰ্তা সকলে এতিয়াৰ পৰাই কঁকালত বান্ধিছে টঙালি ৷ ইয়াৰে অংশ হিচাবে আজি বকো সমষ্টিৰ ছমৰীয়াস্থিত কৃষক ভৱনত আজি অনুষ্ঠিত হয় বিজেপি দলৰ ছমৰীয়া মণ্ডলৰ এক্খনি কাৰ্যকৰ্তা সন্মিলন ৷ ছমৰীয়া মণ্ডল বিজেপিৰ সভাপতি ৰাজেশ মজুমদাৰৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা কাৰ্যকৰ্তাৰ সন্মিলনখনত দক্ষিণ কামৰূপ জিলা বিজেপিৰ সভাপতি ধনেশ্বৰ তালুকদাৰে মুখ্য অতিথি হিচাবে অংশ গ্ৰহণ কৰি দলৰ সাংগঠনিক দিশ শক্তিশালী কৰি তোলাৰ বিভিন্ন পৰামৰ্শ আগবঢ়োৱাৰ লগতে চৰকাৰৰ উন্নয়নমূলক কামকাজৰ ওপৰত মূল্যৱান বক্তব্য প্ৰদান কৰে ৷ ছমৰীয়া মণ্ডল বিজেপিৰ সাধাৰণ সম্পাদক ধনঞ্জয় সৰকাৰে উদ্দেশ্য ব্যাখ্যা কৰা সভাত দক্ষিণ কামৰূপ জিলা বিজেপিৰ সাধাৰণ সম্পাদক ডাঃ প্ৰহ্লাদ বিশ্বাস, বিজেপিৰ মেডিয়া ছেলৰ ৰাজ্যিক সদস্য অখিল কলিতা, মেডিয়া ছেলৰ জিলা আহ্বায়ক অতুল কলিতা, মহিলা মৰ্চাৰ দক্ষিণ কামৰূপৰ সম্পাদিকা ৰূপা দাইনাপালি, ছমৰীয়া মণ্ডলৰ প্ৰভাৰী বিনোদ দত্ত শৰ্মা, প্ৰাক্তন সভাপতি দীপু বায়ন, সুধীৰ চৌধুৰী,কৰ্ণ সৰকাৰ,ধৰণী শৰ্মা, ছমৰীয়া গাওঁপঞ্চায়তৰ সভাপতি বুদ্ধেশ্বৰ মণ্ডল প্ৰমুখ্যে ভালেসংখ্যক নেতৃবৃন্দ উপস্থিত থাকি সাংগঠনিক দিশ আৰু দলীয় ৰণ কৌশলৰ ওপৰত বক্তব্য ৰাখে ৷
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- চিয়াচেনৰ কাষতে পথ নিৰ্মাণ চীনৰ! কৃত্ৰিম উপগ্ৰহৰ ছবিত পোহৰলৈ আহিল চীনৰ ভয়ংকৰ অভিসন্ধিৰ কথা…
- লোকসভাৰ নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ত ১৩ খন ৰাজ্যত ভোটগ্ৰহণ সম্পন্ন, দেশত ভোটদানৰ হাৰ ৬০.৯৬ শতাংশ, ১ লাখতকৈও অধিক ভোটকেন্দ্ৰত ৱেবকাষ্টিঙৰ সুবিধা…
- অসম, বিহাৰ, গোৱাত ৭ মে’ত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনঃ উল্লেখনীয় প্ৰাৰ্থী কোন কোন…
- পানীগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সম্বৰ্ধনা অনুষ্ঠান…
- অসমৰ যুৱকৰ সৈতে প্ৰেমৰ সম্পৰ্ক শেষ জনপ্ৰিয় অভিনেত্ৰী শ্ৰুতি হাছানৰ! দুয়োজনে ইনষ্টাগ্ৰামত কৰিলে আনফ’ল’…
- দৈনিক ১ মাহ বিলাহীৰ ৰস খাওক, ওজনৰ লগতে শৰীৰৰ বহু সমস্যাৰ পৰা পৰিত্ৰাণ পাব…
- Guwahati Sports Association (GSA) celebrates 66th Foundation Day with glittering annual awards night
- ধেমেচী কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন সফল সামৰণি। কৃষক, শিল্পী আৰু খেলুৱৈক সম্বৰ্ধনা
- দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত কেন্দ্ৰীয় ৰঙালী উৎসৱৰ আজি লাইখুটা স্থাপন
- আত্মবিশ্বাসী ড্রিম গার্লঃ মথুৰাৰ পৰা ৫-৭ লাখ ভোটত জয়ী হ’ব বুলি দাবী বিজেপিৰ প্ৰাৰ্থীগৰাকীৰ…