অসমৰ অন্যতম আগশাৰীৰ অসমীয়া দৈনিক বাতৰি কাকত ‘গণ অধিকাৰ’ কাকতৰ “গণ অধিকাৰ ছোচিয়েল চাৰ্কল”ৰ পৰিচালনাত বৰপেটাত শীঘ্ৰে মুকলি হোৱাৰ দিশে এম্বুলেঞ্চ সেৱা। সমাজৰ শোষিত, বঞ্চিত শ্ৰেণীৰ পক্ষত অনবৰতে থিয় হোৱা গণ অধিকাৰ কাকত গোষ্ঠীয়ে এইবাৰ স্বাস্থ্য সেৱা আগবঢ়োৱাৰ পৰিকল্পনা হাতত লৈছে। আৰ্থিক অনাটনত ভোগা লোকক স্বাস্থ্যৰ ক্ষেত্ৰত কিছু সকাহ দিবলৈ কাকত গোষ্ঠীয়ে এইবাৰ লোৱা পৰিকল্পনাৰ অন্যতম পদক্ষেপ হিচাপে এম্বুলেঞ্চ সেৱা প্ৰদান কৰি জিলাৰ লগতে ৰাজ্যখনৰ বিভিন্ন চিকিৎসালয়লৈ ৰোগী অনা নিয়া কৰাৰ ব্যৱস্থা কৰিব। সেই উপলক্ষে আজি গণ অধিকাৰ ছোচিয়েল চাৰ্কলৰ সম্পাদক ছাহজাহান তালুকদাৰ, সদস্য দেৱান নজৰুল কাদেৰ, সদস্য তথা বৰপেটাৰ সাংবাদিক পুলেন্দ্ৰ দাস, ভেল্লাৰ সাংবাদিক আজিজুল হক, মৌচম নাজিম, বৰপেটাৰ ৰমজান আলীয়ে আজি বৰপেটা জিলা উপায়ুক্ত কাৰ্যলয়ৰ জ্যেষ্ঠ পৰিকল্পনা বিষয়া দ্বিজেন দাসৰ হাতত এম্বুলেঞ্চ আৱন্টনৰ পত্ৰ প্ৰদান কৰে । এই ক্ষেত্ৰত বিষয়া গৰাকীয়ে ইতিবাচক সঁহাৰি প্ৰদান কৰে । অলপতে গণ অধিকাৰ ছোচিয়েল চাৰ্কলৰ এই এম্বুলেঞ্চ সেৱা ৰাইজৰ মাজত উপলব্ধ হব । ৰাইজে এম্বুলেঞ্চ সেৱাৰ সৈতে জড়িত লোকৰ কেইটামান নম্বৰৰ সৈতে যোগাযোগ কৰি এই সেৱা সকলোৱে লাভ কৰিব পাৰিব। সামাজিক দ্বায়বদ্ধতাৰ প্ৰতি লক্ষ্য ৰাখি পৰ্যায়ক্ৰমে এই এম্বুলেঞ্চ সেৱাৰ পৰিসৰ বৃদ্ধি কৰা হব বুলি সম্পাদক ছাহজাহান তালুকদাৰে জনায় । গণ অধিকাৰ কাকত গোষ্ঠীয়ে লোৱা এই পদক্ষেপৰ জড়িয়তে স্বাস্থ্যৰ ক্ষেত্ৰত জিলাখনৰ বিভিন্ন প্ৰান্তৰ লোক উপকৃত হব বুলি সাংবাদিক পুলেন্দ্ৰ দাস, আজিজুল হক আৰু ৰমজান আলীয়ে আশা ব্যক্ত কৰে। ইয়াৰ জড়িয়তে যাতে ৰাইজে উন্নত চিকিৎসা লাভ কৰাত সহায় হয় তাৰ প্ৰতি লক্ষ্য ৰখাৰ আহ্বান জনোৱাৰ লগতে গণ অধিকাৰ ছোচিয়েল চাৰ্কলৰ এই পদক্ষেপ আদৰ্শনীয় বুলিও ব্যক্ত কৰে । উল্লেখ্য যে, উক্ত এম্বুলেঞ্চখন বৰপেটাৰ সাংসদ আব্দুল খালেকৰ সাংসদ পুজিৰ এম পি এল এ ডি পুজিৰ জৰিয়তে আৱন্টন দিয়া হৈছে। এই ক্ষেত্ৰত সাংসদ গৰাকীৰ ভূমিকাৰ সলাগ লয় সচেতন মহলে
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- ভাৰতীয় ষ্টক মাৰ্কেটত চেন্সেক্স নিফ্টী দ্ৰুত গতিত বৃদ্ধি…
- হাৰিয়ানাৰ উদ্ধাৰ ৪০০ বছৰ পুৰণি বিষ্ণু মূৰ্তি…
- যোৰহাটত ‘লাহন গেঙ’ৰ দুই সদস্যক আটক…
- শিমলুগুৰিত ট্ৰেক্টৰৰ চেপাত এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকৰ মৃত্যু…
- মৰিগাঁৱত নিৰ্বাচনৰ যোগ বিয়োগৰ চৰ্চাৰ মাজতে বিভিন্ন মহলত বিশেষ ভাৱে চৰ্চিত হৈছে জিলা খনৰ উপায়ুক্ত দেৱাশীষ শৰ্মা…
- তেওঁলোকে সুৰক্ষা প্ৰদান কৰিব পাৰিবনেঃ কৰ্ণাটক কলেজৰ ছাত্ৰীৰ হত্যাক লৈ কংগ্ৰেছক আক্ৰমণ প্ৰধানমন্ত্ৰী মোদীৰ
- মুখৰ অতিৰিক্ত নোমৰ বাবেই দশম শ্ৰেণীৰ পৰীক্ষাত শীৰ্ষস্থান দখল কৰা ছাত্ৰীক ট্ৰ’ল! প্ৰাচীৰ কাষত থিয় হ’ল প্ৰিয়ংকা…
- ‘ভোটৰ বাবে ভুৱা উপাধি ব্যৱহাৰ কৰিছে গান্ধী পৰিয়ালৰ সদস্যই’: প্ৰিয়ংকা গান্ধীক লক্ষ্য কৰি ক’লে বিজেপি নেতাই…
- ডুবাইত পাকিস্তানী অভিনেত্ৰী মাহিৰা খানৰ ওচৰত ক্ষমা বিচাৰিলে অৰিজিত সিঙে…
- কুকুৰকে ৰং সানি সজালে বাঘ, পুডুচেৰীত আতংক…