বিটিএডি ওদালগুৰি জিলাৰ ৭০ নং মাজবাট বিধান সভা সমষ্টিৰ পাগলাদিয়া নদীৰ ওপৰত নিৰ্মাণ কৰা পকী দলং খন দুটা বছৰেও সম্পূৰ্ণ হৈ নুঠিল । ওদালগুৰি জিলা গড়কাপ্তানী বিভাগৰ চৰম গাফিলতিৰ বাবেই ঠিকাদাৰ জনে দলং খনৰ দুটা খুটা পুতিযেই সৰহ সংখ্যক ধন আত্মসাত কৰাৰ অভিযোগ তুলিছে সমষ্টি বাসী ৰাইজে । উল্লেখযোগ্য যে অসম অৰুনাচল সীমান্তৱৰ্তী উওৰ দিশৰ পৰা দক্ষিণলৈ বৈ অহা পাগলাদিয়া নদীৰ ওপত এখন পকী দলং নিৰ্মাণ কৰিবলৈ ডিমাপুৰ, দফলাপোটা, আওনাজুলি, ফুহুৰাবাৰী মাজগাঁও ইত্যাদি বৃহৎ অঞ্চলৰ ৰাইজে নৈ খনৰ ফুহুৰাবাৰীৰ ওচৰত এখন পকীৰ দলং নিৰ্মাণ কৰি দিবলৈ বহু বছৰ ধৰি চৰকাৰক অনুৰোধ কৰি অহাৰ পিছত ৭০ নং মাজবাট বিধান সভা সমষ্টিৰ বিধায়ক চৰন বড়োই এলেকাটোৰ ৰাইজৰ এই দাবীক ন্যায়ৰ্যাতা প্ৰদান কৰি কেবা লাখ টকা আবন্টন দি দলং নিৰ্মাণৰ কাম শুভাৰম্ভ কৰিছিল । যদিও ঠিকাদাৰ গৰাকীয়ে মাএ দুটা খুটা পুতিযেই দলং নিৰ্মাণৰ কাম সমাপ্ত কৰিলে । উল্লেখনীয় যে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু অৰুনচল ৰুপা পথৰ লগত সংলগ্ন এই দলং খন নিৰ্মাণ হলে অঞ্চলটোৰ নৈ পৰীয়া ৰাইজৰ যথেষ্ট সুবিধা হলোহেতেন ।কিন্তু এতিয়া ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ লগত যোগাযোগ কৰিবলৈ মাএ ৫০০ মিটাৰ দুৰত্ব থকাৰ পাছতো নৈ খনৰ ওপৰত দলং খন নিৰ্মাণ নোহোৱাৰ বাবে ৰাইজৰ যাতায়তৰ ক্ষেত্ৰত যথেষ্ট অসুবিধা সৃষ্টি হৈছে। আনহাতে নৈ খনৰ ইটো পাৰে মাএ ২০০ মিটাৰ দুৰত্বত দফলাপোটা হাইস্কুল,মোৱামাৰী উপ স্বাস্থ্য কেন্দ্ৰ, ডাক ঘৰ আৰু এখন সাপ্তাহিক বজাৰ আছে যদিও দলং নোহোৱাৰ হেতুকে ৰাইজে এই সুবিধাৰ পৰা বঞ্চিত হৈ আহিছে ।ছাত্ৰ ছাত্ৰী সকলৰ লগতে বাৰীষা সময়ত ৰোগী সকলক চিকিৎসালয়ত নিবলৈ সক্ষম নহয উক্ত অঞ্চলৰ ৰাইজে। যাৰ বাবে এই এলেকাৰ ৰাইজে এতিয়া দলং খন নোহোৱাৰ বাবে ২০০ মিটাৰ পথৰ ঠাইত ৪ /৫ কিলোমিটাৰ দূৰৈৰ ধনশ্ৰীঘাট হৈ যাতায়ত কৰিব লগীয়া হোৱাত ভীষন সমস্যাৰ সৃষ্টি হৈছে। আনহাতে বৃহৎ অঞ্চলটোৰ ৰাইজে বিভাৰ্গীয কৰ্তৃপক্ষক দলং খন নিৰ্মাণ কৰি দিবলৈ বাৰম্বাৰ অনুৰোধ কৰি অহাৰ পাছতো কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে । সেয়েহে চকু মুদা কুলিৰ ভাও যোৰা গড়কাপ্তানী বিভাগক অতি শীঘ্ৰে দলং খন নিৰ্মাণ কৰিবলৈ ৰাইজে দাবী উত্থাপন কৰিছে ।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- ফিটনেছৰ ১৫ তম গৌৰৱময় বৰ্ষ উদযাপন গোল্ড জিম গণেশগুৰিৰ…
- বিশিষ্ট শিক্ষাবিদ-সমাজকৰ্মী কুঞ্জমোহন বৰাক কলেজ অৱ এডুকেশ্বন নগাঁৱৰ সম্বৰ্দ্ধনা…
- নগাঁও মহাবিদ্যালয় (অট’নমাচ)ৰ এন এছ এছ গোটৰ বিশেষ শিবিৰ…
- অসমীয়া অভিধান চোৱাৰ কৌশল আৰু বানানৰ সমস্যা শীৰ্ষক কৰ্মশালা সম্পন্ন….
- বৰো ধানৰ খেতিৰে দেউছতালত সেউজ বিপ্লৱ উদ্যমী কৃষক বলেশ্বৰ ৰংপীৰ; ধান কটা পৰ্ব আৰম্ভ…
- অসম আৰক্ষীৰ প্ৰাক্তন ফুটবল খেলুৱৈ মৰিগাঁৱৰ বিশিষ্ট নাগৰিক মমিন বৰদলৈৰ দেহাৱসান…
- বঙাইগাঁৱত চৰম লজ্জানত ঘটনা ! প্ৰেমিক- প্ৰেমিকাৰ ওপৰত মধ্যযুগীয় আসুৰিক অত্যাচাৰ ! পাঁচ নৰপিশাচক আটক…
- ছিপাঝাৰত ছাগলী চোৰ বিপদত! মুখত ক’লা টেপ লগোৱা অৱস্থাত উদ্ধাৰ হ’ল ছাগলী…
- তীৰ্থনগৰী হাজোত দৈনন্দিন বাৰ্তা গোষ্ঠী চিৰঞ্জীৱী হোৱাৰ লক্ষ্যৰে সম্বৰ্ধনা অনুষ্ঠান…
- মৰিগাঁৱৰ মায়ং অঞ্চলত কৃষি মেলা আৰু প্ৰদৰ্শনী, স্মৰণিকা “নৱাৰুণ” উন্মোচন…