বিহালী বিধান সভা সমষ্টি অন্তর্গত চেৰেলীয়া গাঁও পঞ্চায়তৰ কেটেলা চাহ বাগিছা ৯নং লাইন আৰু বিজুলি জাৰণি গাঁৱত বিহালী নদীৰ গড়াখহনীয়া অব্যাহত আছিল l চেৰেলীয়া গাও পঞ্চায়তৰ সভাপতি বিকু কেওটৰ তৎপৰতাত যোৱা বছৰ JCBৰে নদী খন্দাত কিছু পৰিমানে গড়াখহনীয়াৰ পৰা ৰক্ষা পৰিছিল l এইবাৰ পুনৰ খহনীয়া হোৱাৰ বাবে উক্তস্থানতে পার্কোপাইনৰ ব্যৱস্হা কৰিছে l লগতে খেল পথাৰৰো ব্যৱস্থা কৰি দিয়াত অঞ্চলটোৰ যুৱক সকলে সভাপতিক ধন্যবাদ জনাইছে l

