বিটিআৰৰ ওদালগুৰি জিলাৰ ভাৰত ভূটান সীমান্তৰ অতিকৈ পিছপৰা ননৈ ছেৰফাং সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰি বিটিচি নিৰ্বাচনত পাৰিষদ হিচাপে জয়লাভ কৰিবলৈ সক্ষম হৈছিল সঞ্জীত তাতীয়ে। বিটিচি নিৰ্বাচনত পাৰিষদ হিচাপে জয়লাভ কৰিয়েই বিজেপি, ইউপিপিএল আৰু গন সুৰক্ষা পাৰ্টিৰ মিত্ৰতাৰ বিটিচি চৰকাৰৰ কাৰ্যবাহী সদস্য পদ লাভ কৰে তাতীয়ে।বৰ্তমান কভিডৰ ভয়াবহ সময়ৰ মাজতে সমগ্ৰ বিটিআৰ অঞ্চলৰ লগতে ওদালগুৰি জিলাৰ বিভিন্ন ঠাইত নিজ হাতেৰে চেনিটাইজেচন কৰাৰ লগতে বিশেষ কৈ ছাহ কৰ্মী সকলৰ মাজত কভিডৰ ভয়াবহতাৰ বিষয়ে সজাগতা সৃষ্টি কৰিছে নবাগত কাৰ্যবাহী সঞ্জীত তাতীয়ে। ইয়াৰ উপৰিও চৰকাৰৰ পৰা বৰ্তমান সময়ত কভিডৰ ভয়াবহতাৰ প্ৰতি লক্ষ ৰাখি যথেষ্ট সংখ্যক মাক্স চেনিটাইজাৰ ৰাইজৰ মাজত বিতৰণ কৰা পৰিলক্ষিত হৈছে। সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত কাৰ্যবাহী সদস্য গৰাকীয়ে কয় যে বৰ্তমান সময়ত কভিডৰ ভয়াবহতাৰ প্ৰতি ৰাইজ আগৰ তুলনাত যঠেষ্ট সজাগ আৰু সচেতন হৈছে। যদি এনেদৰে আৰু কিছু পৰিমাণে সজাগ হয় কভিডৰ সংক্ৰমণ নিশ্চিত ভাবে ৰোধ কৰিব পৰা যাব। আনফালে ওদালগুৰি জিলাৰ ভাৰত ভূটান সীমান্তৰ অঞ্চল পাহাৰীয়া অঞ্চল য’ত প্ৰায়েই সংঘটিত হয় হাতি মানুহৰ সংঘাত, যাৰ ফলত বিশেষকৈ দুখিয়া দৰিদ্ৰ লোক সকলৰ বাসগৃহ বিনষ্ট হোৱাৰ লগতে বিনষ্ট কৰে খাদ্য সামগ্ৰী। তেনে ক্ষেত্ৰত যিকোনো সময়তে হাতি মানুহৰ সংঘাত ৰোধৰ বাবেও কাম কৰি থকাৰ লগতে হাতিৰ আক্ৰমণৰ সন্মুখীন হৈ বাসগৃহ আদি বিনষ্ট হোৱা ভুক্তভোগীৰ পৰিয়ালৰ কাষত থিয় হোৱা পৰিলক্ষিত হৈছে নবাগত কাৰ্যবাহী সদস্য সঞ্জীত তাতীক।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- সৰৱ হৈ পৰিছে সদৌ অসম বাঙা‘লী যুৱ ছাত্ৰ ফেডাৰেচন আৰু সদৌ বি টি আৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ কৰ্মকর্তা সকল…
- গৌৰীপুৰ বলাজনোত ভয়ংকৰ পথ দুৰ্ঘটনা ! ই-ৰিক্সা আৰু এখন ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ…
- বৰ্ণাঢ্য কাৰ্যসূচীৰে তিতাবৰৰ আদর্শ মহিমাবাৰী গাঁৱৰ সোণালী জয়ন্তী বৰ্ষ উদযাপন…
- প্ৰাক্তন প্ৰধানমন্ত্ৰী, ড° মনমোহন সিঙৰ লগতে কেইবাগৰাকী প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি মন্ত্ৰীৰ নতুন দিল্লী সংসদীয় সমষ্টিৰ পৰা ঘৰতে ভোটদানৰ সুবিধা লাভ…
- চিইউইটি প্ৰৱেশ পৰীক্ষাত পৰীক্ষাৰ্থীৰ লগুণ খুলিবলৈ বাধ্য কৰা ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে এজাহাৰ দাখিল…
- ভাৰতৰ বতৰ বিজ্ঞান বিভাগৰ সতৰ্কতা জাৰি…
- উদয়পুৰ-নাহৰণি গাঁৱত আধ্যাত্মিক আৰু পুৰাতনীয়া নিয়মেৰে গজাই পূজা উদযাপন…
- সাপটগ্ৰামত চাঞ্চল্য়কৰ ঘটনা…
- ডিমৌ আঞ্চলিক এমএমকেৰ যৌথ চতুৰ্থ ত্ৰি-বাৰ্ষিক অধিৱেশন সম্পন্ন…
- চিলাপথাৰত চাৰিটা দিনে সন্ধানহীন নৱমশ্ৰেণীৰ ছাত্ৰ নিৰজ গোস্বামী ! অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য…